অসম

assam

বোকাজানত কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ

By

Published : Oct 14, 2021, 11:00 AM IST

DRUGS SEIZED AT KHOTKHOTI
বোকাজানত কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ

ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস ৷ পূজাৰ এই আনন্দ-উল্লাসৰ মাজতেই একাংশই অব্যাহত ৰাখিছে ড্ৰাগছৰ অবৈধ সৰবৰাহ ৷

ডিফু, ১৪ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰে পূজাৰ মাজতে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে দুই আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী দুজনক আটক কৰে ।

বোকাজানত কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ

উল্লেখ্য যে, বোকাজান মহকুমা আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ সৰবৰাহকাৰীয়ে নিষিদ্ধ এই মাৰাত্মক সামগ্ৰীবিধ সৰবৰাহৰ বাবে নিতৌ ন ন কৌশল অৱলম্বন কৰিছে ৷ যদিও খটখটি আৰু বোকাজান আৰক্ষীৰ চকুত ধূলি মাৰি সাৰি যাব পৰা নাই কোনো ড্ৰাগছ সৰবৰাহকাৰী ৷ এইক্ষেত্ৰত খটখটি আৰু বোকাজান আৰক্ষী সদায় সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ।

বোকাজানত কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ

বুধবাৰে পুনৰ এনে এক অভিযানত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৌব্লিক ব্ৰহ্ম, মৃদুল ৰুদ্ৰ পল, চৰণ মোহন চেতিয়া আৰু নিতুল শইকীয়াৰ সৈতে এটা দলে খটখটি এছ বি আই শাখাৰ সন্মুখৰ এখন নৈশ বাছৰ পৰা নিষিদ্ধ ড্ৰাগছসহ দুজনক আটক কৰে ।

সৰবৰাহকাৰী দুজনে ডিমাপুৰৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা NL 07 B 0399 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা পোন্ধৰটা চাবোনৰ বাকচত প্ৰায় 186.4 গ্ৰাম নিষিদ্ধ ড্ৰাগছ লুকুৱাই আনিছিল ।

বোকাজানত কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ

খটখটি আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় এক কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে । খটখটি আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন মণিপুৰ সেনাপতি জিলাৰ ডি ললী (D Loli) আৰু ডিমাপুৰৰ টেপ্নু ৰিটো (Tepnu Rheto) বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :বৰমাত নিচাজাতীয় কেপচুলসহ তিনিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details