বৰমাত নিচাজাতীয় কেপচুলসহ তিনিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Oct 13, 2021, 10:39 PM IST

বৰমাত নিচা জাতীয় কেপচুলসহ তিনিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মঙলবাৰে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এছ ১৫ চি ৮০৩৮ নম্বৰৰ যাত্ৰীবাহী বাছখনত বৰপেটাৰ চাইদুল ইছলামে ৫২ পেকেট নিচা জাতীয়‌ কেপচুল লৈ আহিছিল ।‌ অৱশেষত বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰমা থানাৰ সন্মুখত নিচা জাতীয় দ্ৰব্য আৰু নকল দুশ টকীয়া নোট নগদ বিশ হাজাৰ টকা সহ চাইদুল ইচলামক গ্ৰেপ্তাৰ কৰে ।

বাক্সা, ১৩ অক্টোবৰ : অসম আৰক্ষীয়ে নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে ‌অভিযান অব্যাহত ৰখাৰ সময়তে মঙলবাৰে সন্ধিয়া বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এখন যাত্ৰীবাহী বাছৰ পৰা ৫২ পেকেট নিচাজাতীয় কেপচুল উদ্ধাৰ কৰে ।

জানিব পৰা মতে মঙলবাৰে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এছ ১৫ চি ৮০৩৮ নম্বৰৰ যাত্ৰীবাহী বাছখনত বৰপেটাৰ চাইদুল ইছলামে ৫২ পেকেট নিচা জাতীয়‌ কেপচুল লৈ আহিছিল ।‌ অৱশেষত বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰমা থানাৰ সন্মুখত নিচা জাতীয় দ্ৰব্য আৰু নকল দুশ টকীয়া নোট নগদ বিশ হাজাৰ টকা সহ চাইদুল ইচলামক গ্ৰেপ্তাৰ কৰে ।

বৰমাত নিচা জাতীয় কেপচুলসহ তিনিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

চাইদুলৰ পৰা অনুসন্ধান চলাই মঙলবাৰে পুৱতি নিশা বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক‌ উজ্বল প্ৰতীম বৰুৱাৰ নেতৃত্বত বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমনি গোস্বামীৰ সহযোগত গুৱাহাটীৰ পৰা আবু টাহেৰ প্ৰামানিক আৰু ৰাছিদ আহমেদক গ্ৰেপ্তাৰ কৰি বৰমা থানালৈ লৈ আহে ।

উল্লেখযোগ্য যে, আবু টাহেৰ প্ৰামানিকৰ ঘৰ দক্ষিণ শালমাৰা আৰু ৰাছিদ আহমেদৰ ঘৰ মণিপুৰত বুলি জানিব দিয়ে । বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমনি গোস্বামীয়ে জানিবলৈ দিয়া মতে নিচা জাতীয় কেপচুল সমুহ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব ৷
লগতে পঢ়কঃ ৰাজনীতিৰ দৰে ধাক বজোৱাতো পাকৈত মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.