অসম

assam

Violence against Women : ডিফুত সজাগতা সমদল

By

Published : Dec 5, 2021, 3:18 PM IST

অসমত প্ৰতিদিনে মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছে লিংগ বৈষম্যৰ ঘটনা (Gender based violence against women in Assam)। সেয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে সমাজ কল্যাণ বিভাগে আয়োজন কৰিছে সজাগতামূলক কাৰ্যসূচীৰ (Awarness program against violence) । ডিফুত শনিবাৰে উলিওৱা হয় সজাগতামূলক সমদলৰ ।

violence against women and girls
ডিফুত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ সমদল

ডিফু, ৫ ডিচেম্বৰ :প্ৰতিবছৰে দেশত লিংগ বৈষম্যৰ বিভিন্ন ঘটনাৰ স্বীকাৰ হয় বহু মহিলা আৰু কন্যা শিশু । অসমো তাৰ ব্যতিক্ৰম নহয় । অসমতো প্ৰতিবছৰে এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে (Gender-based violence against women in Assam)। যাৰ বাবে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

যোৱা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে এই সজাগতামূলক অভিযানৰ । ১০ ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ অংশ হিচাপে শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিফু চহৰত উলিওৱা হয় এক সজাগতামূলক সমদলৰ (Awareness rally against gender discrimination in Diphu) । মহিলা আৰু কন্যা সন্তানৰ বিৰুদ্ধে সংঘটিত লিংগভিত্তিক হিংসা ৰোধৰ উদ্দেশ্যে উলিওৱা এই সমদলত মহিলা সমিতি, আত্ম সহায়ক গোট, বহু সংগঠন আদিয়ে অংশগ্ৰহণ কৰে ।

ডিফুত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ সমদল

সমদলৰ অন্তত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত এক সজাগতা সভাৰো আয়োজন কৰা‌ হয় । জিলা সমাজকল্যাণ বিষয়া হেলেন তেৰাংপীয়ে সভাত ভাষণ প্ৰদান কৰি সমাজত মহিলা আৰু কন্যা সন্তানৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ লগতে পুৰুষ-মহিলা সকলোকে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজন বুলি মন্তব্য কৰে ।

কৰ্মস্থানত নাৰী আজিও সুৰক্ষিত নহয় বুলি মন্তব্য কৰি নাৰীক সন্মান নকৰা এখন সমাজ কেতিয়াও উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে । সমাজ কল্যাণ বিষয়াগৰাকীয়ে জনোৱা মতে অহা ৯ ডিচেম্বৰত এই সন্দৰ্ভত ডিফুত এক কৰ্মশালাৰো আয়োজন কৰা হৈছে । ইফালে জিলাখনত যাতে এই ধৰণৰ ঘটনা হ্ৰাস হয় তাৰ বাবে বিভিন্ন পৰ্যায়ত সমিতি গঠন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত কেইবাটাও সংস্থাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Child abuse cases increases in assam : অসমত বাঢ়িছে শিশু নিৰ্যাতন

ABOUT THE AUTHOR

...view details