ETV Bharat / state

Child abuse cases increases in assam : অসমত বাঢ়িছে শিশু নিৰ্যাতন

author img

By

Published : Dec 5, 2021, 12:24 PM IST

নেছনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি অসমত শিশু নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে (Child abuse cases increases in assam)। সংসদক কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ।

Child abuse
অসমত বাঢ়িছে শিশু নিৰ্যাতন

গুৱাহাটী, ৫ ডিচেম্বৰ : অসমত শিশু নিৰ্যাতনৰ ঘটনা ভাৰতৰ আন ৰাজ্যৰ তুলনাত উদ্বেগজনকভাবে বৃদ্ধি পাইছে (Child abuse cases increases in assam) । অৱশ্যে পূৰ্বৰ দুটা বছৰতকৈ বিগত ২০২০ বৰ্ষত এই ধৰণৰ ঘটনা অসমত কিছু পৰিমাণে কমিছে ৷ কিন্তু সেই পৰিসংখ্যাও সন্তোষজনক নহয় বা সম্পূৰ্ণভাৱে ৰাজ্যত শিশু নিৰ্যাতনৰ ঘটনা নোহোৱা হৈ যোৱা নাই । স্বয়ং লোকসভাৰ মজিয়াতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উন্মোচিত কৰা হৈছে এই তথ্য ।

Child abuse
অসমত বাঢ়িছে শিশু নিৰ্যাতন

কংগ্ৰেছ সাংসদ আব্দুল খালেকে সংসদত তোলা এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে নেছনেল ক্ৰাইম ৰেক'ৰ্ডছ ব্যুৰ'ৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতিৰে এই তথ্য প্ৰকাশ কৰিছে । সেই তথ্য অনুসৰি ২০২০ চনত অসমত ৪,৬২২ টা শিশু নিৰ্যাতনৰ ঘটনা পঞ্জীয়নভুক্ত হৈছিল । ইয়াৰে ২,৮৬৩ টা গোচৰৰ অভিযোগনামা ইতিমধ্যে অসম আৰক্ষীয়ে দাখিল কৰিছে । গ্ৰেপ্তাৰ কৰা হৈছে ৫,৯৭৩ জন লোকক ।

শিশুৰ বিৰুদ্ধে সংঘটিত এই ধৰণৰ গোচৰসমূহ হৈছে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ ঘটনা, বলাৎকাৰ আৰু যৌন আতিশয্য । লোকসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৮ চনত অসমত মুঠ ৫,৪৪৭ টা এনে গোচৰ পঞ্জীয়ন হৈছিল । তাৰে ৩,৩৩৪ টা গোচৰৰ অভিযোগনামা আৰক্ষীয়ে দাখিল কৰিছিল । গ্ৰেপ্তাৰ কৰা হৈছিল ৫,৮৫১ জন অভিযুক্তক ।

Child abuse
অসমত বাঢ়িছে শিশু নিৰ্যাতন

আনহাতে, ২০১৯ বৰ্ষত অসমত এনে গোচৰ পঞ্জীয়ন হৈছিল ৬,৬০৮ টা । ইয়াৰে ৩,৭১০ টা গোচৰৰ অভিযোগনামা আৰক্ষীয়ে দাখিল কৰাৰ লগতে ৫,৪৬২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক : Assam Police on Encounter Spree : ছমাহত ২৮ অভিযুক্তৰ মৃত্যু, আহত ৪৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.