ETV Bharat / state

Assam Police on Encounter Spree : ছমাহত ২৮ অভিযুক্তৰ মৃত্যু, আহত ৪৮

author img

By

Published : Dec 4, 2021, 5:37 PM IST

মুখ্যমন্ত্রীৰ সেউজ সংকেটৰ পাছতেই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান(Assam police on mission against crime) । এনকাউণ্টাৰকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ দুৰ্ঘটনাত মৃত্যু হ'ল দুৰ্ধৰ্ষ অপৰাধীৰ(Encounter by Assam police) । এনকাউণ্টাৰ নাইবা দুৰ্ঘটনাত নহয়, নদীত জপিয়াই অভিযুক্তৰ সলিল সমাধি ঘটাৰ ঘটনাও সংঘটিত হৈছে ।

26 accused killed and 48 injured in six months in Encounter by Assam police
Encounter by Assam police : ছমাহত ২৮ অভিযুক্তৰ মৃত্যু, আহত ৪৮

গুৱাহাটী,৪ ডিচেম্বৰ : অপৰাধ আৰু অপৰাধীৰ ক্ষেত্রত শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে(Zero tolerance against crime by Himanta government ) । এই ক্ষেত্রত কোনো কাৰণতে আপোচ কৰা পৰিলক্ষিত হোৱা নাই চৰকাৰে । শাসনভাৰ গ্ৰহণ কৰিয়েই চৰকাৰখনে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ঘোষণা কৰিছিল জেহাদ(Zihad against crime by Himanta government) । গৃহ বিভাগ নিজৰ দায়িত্বত ৰখা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পাছতেই বিশেষভাৱে সষ্টম হৈ পৰিছিল অসম আৰক্ষী । সকলো ধৰণৰ বেআইনী কাৰ্যকলাপৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম স্থিতি গ্ৰহণ কৰাৰ বাবে আৰক্ষীক সর্বস্ব ক্ষমতা অৰ্পণ কৰিছিল খোদ মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্রীৰ সেউজ সংকেটৰ পাছতেই আৰক্ষীয়ে একপ্ৰকাৰে অভিযানত নামি পৰিছিল । যাৰ পৰিপ্ৰেক্ষিততেই হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্রহণ কৰাৰ পৰা এতিয়ালৈকে দাগী অপৰাধত প্রধানকৈ অভিযুক্ত ৪৮ জন গুলীবিদ্ধ হৈছে । আৰক্ষীৰ এনকাউন্টাৰত এই ৪৮ জন মূল অভিযুক্ত গুলীবিদ্ধ হােৱাৰ লগতে ২৮ অভিযুক্তই প্রাণ হেৰুৱাইছে(Encounter by Assam police) । আৰক্ষীৰ কৱলৰ পৰা পলাই সাৰিবলৈ চেষ্টা কৰাৰ সময়তে সৃষ্টি হােৱা অনাকাংক্ষিত পৰিৱেশৰ ফলতেই ৪৮ জন অভিযুক্ত গুলীবিদ্ধ তথা ২৮ অভিযুক্তই প্ৰাণ হেৰুৱাবলগীয়া হৈছে । লক্ষণীয় বিষয় যে, এনকাউণ্টাৰকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ দুৰ্ঘটনাত মৃত্যু হ'ল দুৰ্ধৰ্ষ অপৰাধীৰ ।

যােৰহাটত দিন দুপৰতে অতি নির্মমভাৱে আছু নেতা অনিমেষ ভূঞাক হত্যা কৰা মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাই আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰোতে পাছৰ পৰা অহা গাড়ীৰ খুন্দাত মৃত্যু হয়(Death of Kola lora) । এইবাৰ এনকাউণ্টাৰত নহয় দুৰ্ঘটনাত অপৰাধীৰ মৃত্যু হ'ল । আনহাতে এনকাউণ্টাৰ নাইবা দুৰ্ঘটনাত নহয়, নদীত জপিয়াই অভিযুক্তৰ সলিল সমাধি ঘটাৰ ঘটনাও অতি শেহতীয়াকৈ সংঘটিত হৈছে ।

উল্লেখ্য যে, বিগত ছয় মাহত আৰক্ষীৰ গুলীত নিহত আৰু আহত হােৱা সকলৰ বেছিভাগেই গৰুৰ চোৰাং বেহা, ধর্ষণ, হত্যা, ড্ৰাগছ সৰবৰাহ, ছুপাৰি ছিণ্ডিকেট আদিৰ সৈতে জড়িত দাগী অভিযুক্ত । এনকাউণ্টাৰত মৃত্যু হোৱা ২৮ জনৰ ভিতৰৰ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী, দুজন আৰক্ষীক আক্ৰমণ কৰিবলৈ অহা প্রতিবাদকাৰী, ১১ আন অভিযুক্ত আৰু আন ১১ জন উগ্রপন্থী ।

মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছত অসম আৰক্ষীয়ে বিগত সময়ছােৱাত কিদৰে অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ অভিযান চলাই গৈছে সেয়া সর্বজনবিদিত । সঘনে হােৱা এনে এনকাউন্টাৰক লৈ আনকি অসম বিধানসভাৰ মজিয়াও উত্তাল কৰিছিল বিৰােধীয়ে(Opposition in Assam assembly against encounter) । সেই সময়তাে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আসনৰ পৰা থিয় হৈ বিৰােধীক স্পষ্টভাৱে উত্তৰ দিছিল যে অপৰাধৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব । ইয়াৰ বাবে যিকোনাে ধৰণৰ সমালােচনাৰ সন্মুখীন হ'বলৈয়াে সাজু আছে বুলিও কৈছিল মুখ্যমন্ত্রীয়ে । গতিকে, থমকি ৰোৱা নাই অসম আৰক্ষীও অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ এই অভিযান ৷

লগতে পঢ়ক : Death of Jorhat Mob Lynching Accused : ক’লা ল’ৰাৰ মৃত্যুত কিয় উৎফুল্লিত যোৰহাটবাসী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.