অসম

assam

বৈদিক নিয়মেৰে দ্বীপ্তেশ্বৰী দেৱালয়ত দুৰ্গা পূজা

By

Published : Sep 27, 2022, 2:19 PM IST

Durga Puja

ৰাজ্যত দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে (Durga Puja preparation in Assam)। ৰঙিয়াৰ ঐতিহাসিক দ্বীপ্তেশ্বৰী দেৱালয়তো চলিছে পূজাৰ প্ৰস্তুতি । অৱশ্যে এই দেৱালয়ত বছৰ বছৰ ধৰি সম্পূৰ্ণ বৈদিক পদ্ধতিৰে পূজা অনুষ্ঠিত হৈ আহিছে । ক'ভিড পৰিস্থিতিৰ পাছত এইবাৰ পুনৰ দেৱালয় কৰ্তৃপক্ষই চলাইছে পূজাৰ প্ৰস্তুতি ।

ৰঙিয়া,২৭ ছেপ্টেম্বৰ :ৰাজ‍্যৰ চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি চলিছে (Durga Puja preparation)। জাকজমকতাৰে দুর্গা পূজা উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ৰঙিয়াৰ ঐতিহাসিক দ্বীপ্তেশ্বৰী দেৱালয়ত বৈদিক নিয়মেৰে পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে (Durga preparation in Dipteswari Devalaya)। ১৫৯৮ চনৰ পৰা দলৈ বংশৰ লোকসকলে চোৱাচিতা কৰা দেৱালয়খনত দেৱী অন্নপূৰ্ণাৰ বিগ্ৰহ আছে ।

আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনতেই স্থাপন হোৱা দেৱালয়খনত দেৱীৰ বিগ্ৰহ ভূগৰ্ভৰ প্ৰায় ১৯ ফুট গভীৰতাত আছে । বছৰৰ প্ৰতিটো সময়তে পানীয়ে ভৰি থকা দেৱীৰ বিগ্ৰহত যুগ যুগ ধৰি ভক্তসকলে পূজা-অৰ্চনা কৰি আহিছে । বছৰৰ বিভিন্ন সময়ত ঐতিহ্যমণ্ডিত দেৱালয়খনত দৈনন্দিন পূজাৰ লগতে বাৰ্ষিক দুৰ্গা পূজা, শ্যামা পূজা, শিৱৰাত্ৰী, লক্ষ্মীপূজা, জন্মাষ্টমী আদিত অগণন ভক্তৰ সমাগম হোৱা দেখা যায় ।

বৈদিক নিয়মেৰে দ্বীপ্তেশ্বৰী দেৱালয়ত দুৰ্গা পূজা

এই বছৰো একাদশ সংখ্যক দলৈ শ্ৰী গৌৰৱানন্দ দলৈৰ তত্বাৱধানত শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি চলোৱা হৈছে । দুর্গা পূজাত দেৱালয়খনত মূৰ্তি পূজাৰ সলনি বৈদিক নিয়মেৰে ঘট স্থাপন কৰি নৱপত্ৰিকাত পূজা কৰা হয় । লগতে সপ্তমী, অষ্টমী আৰু নৱমীৰ দিনা অৰ্ধৰাত্ৰি পূজা হোৱাৰ লগতে বলি-বিধান আৰু ভোগ আগবঢ়াই দেৱীৰ চৰণত । ইয়াৰ উপৰিও নৱমীৰ দিনাখন হোম যজ্ঞ, কুমাৰী পূজা আৰু দশমীৰ দিনাখন অপৰাজিতা পূজা হয় ।

যুগ যুগ ধৰি ভক্তৰ আস্থাৰ স্থলী ৰূপে পৰিগণিত দেৱালয়খনত (Historic Dipteswari Devalaya in Rangia) ভক্তসকলে ভোগ আগবঢ়োৱাৰ লগতে পূজাৰ সময়ত ভক্তৰ বাবে দেৱালয়ৰ তৰফৰ পৰা ভোগৰ ব‍্যৱস্থা কৰা হয় । যোৱা দুবছৰ ক'ভিড পৰিস্থিতিৰ বাবে দেৱালয়খনত পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা আহিছিল । কিন্তু এইবাৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে দেৱালয়খনত পূৰ্বৰ দৰে পূজা অৰ্চনা কৰাৰ ব‍্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে আহোম ৰজা ৰুদ্ৰসিংহৰ দিনতেই স্থাপন হৈছিল এই ঐতিহাসিক দেৱালয় । আহোম ৰজাই দিয়া তাম্ৰফলি বৰ্তমান অসমৰ ৰাজ‍্যিক সংগ্ৰহালয়ত সংৰক্ষিত কৰি ৰখা হৈছে । অৱশ্যে ইতিহাসে গৰকা পুঠিমাৰী নৈৰ পাৰত অৱস্থিত দেৱালয়খনত এইবেলিও ভক্তই পূৰ্বৰ দৰে ভিৰ কৰিব বুলি দেৱালয় কৰ্তৃপক্ষ আশাবাদী ।

লগতে পঢ়ক :ডিমা হাছাও জিলাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details