ডিমা হাছাও জিলাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Sep 27, 2022, 11:06 AM IST

Durga Puja

পাহাৰীয়া জিলা ডিমা হাছাওত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি (Durga Puja preparation in Dima Hasao)। দেৱী মাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল । ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে হাঁহি বিৰিঙি উঠিছে মৃৎশিল্পীৰ মুখত ।

ডিমা হাছাও, ২৭ ছেপ্টেম্বৰ : ৰাজ্যৰ চৌদিশে এতিয়া চলিছে শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি (Durga Puja 2022)। মহালয়াৰ পিছৰে পৰা এই প্ৰস্তুতিয়ে আৰু বেছি গতি লৈছে । কপোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে । সমান্তৰলাকৈ পূজা মণ্ডপসমূহতো দেখা গৈছে পূজাৰ প্ৰস্তুতি ।

অসমৰ বাকী জিলাসমূহৰ দৰে দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে পাহাৰীয়া জিলা ডিমা হাছাও (Durga Puja preparation in Dima Hasao)। জিলাখনৰ বিভিন্ন প্ৰান্তত পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে । সোমবাৰৰ পৰা হাফলং টাউন কালী মন্দিৰ, নামনি হাফলং কালী মন্দিৰ আৰু বাগেটাৰ দেৱী মন্দিৰত আৰম্ভ হৈছে নৱৰাত্ৰিৰ পূজা ।

ডিমা হাছাও জিলাত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

জানিব পৰা মতে এইবাৰ সমগ্ৰ ডিমা হাছাও জিলাখনত মুঠ ৫৫ খন পূজা অনুষ্ঠিত হ'ব । কেৱল হাফলং চহৰতে অনুষ্ঠিত হ'ব ২২ খন পূজা । হাফলং চহৰৰ প্ৰাচীন আৰু ঐতিহ্যবাহী পূজা হৈছে হাফলং জগন্নাথ মন্দিৰৰ পূজা । ইতিমধ্যে এই পূজাই ১০০ বছৰ অতিক্ৰম কৰিছে । ইয়াৰ উপৰিও হাফলং টাউন কালী মন্দিৰ, হাফলং ৰামকৃষ্ণ সেৱা সমিতি আৰু হাফলং ৰে'লৱে সাৰ্বজনীন পূজা হৈছে হাফলং চহৰৰ অন্যতম প্ৰাচীন পূজা ।

পাহাৰীয়া জিলাখনৰ চাৰিওফালে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । বিভিন্ন ঠাইত পূজাৰ পেণ্ডেল নিৰ্মাণৰ কাম চলিছে । সমান্তৰালকৈ দেৱী দূর্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল ।

উল্লেখ্য যে বিগত প্ৰায় ২ বছৰ ক'ভিডৰ বাবে দুৰ্গা পূজা ব্যাপকভাৱে অনুষ্ঠিত হোৱা নাছিল (Durga Puja in pandemic)। যাৰ বাবে মৃৎশিল্পীসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । এই সন্দৰ্ভত জিলাখনৰ মৃৎশিল্পী প্ৰবীৰ পালে কয় যে ক'ভিডৰ বাবে প্ৰতিমাৰ চাহিদা নাছিল, যাৰ বাবে তেওঁলোকৰ বহুত কষ্ট হৈছিল (Potter reaction on Durga Puja)। কিন্তু এতিয়া ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এই বছৰ তেওঁ ৭ খন পূজাৰ প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰিছে । তেওঁ কোৱা মতে এইবছৰ ডাঙৰ ডাঙৰ প্ৰতিমাৰো অৰ্ডাৰ আহিছিল যদিও হাতত সময়ৰ অভাৱৰ বাবে প্ৰতিমাবোৰ তেওঁ নিৰ্মাণ কৰিব নোৱাৰিলে ।

লগতে পঢ়ক :পুথিভঁড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.