অসম

assam

নুনমাটিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সজাগতামূলক সভা

By

Published : Sep 20, 2021, 4:37 PM IST

awareness-meeting-by-noonmati-police-against-drugs

ড্ৰাগছৰ অন্যতম ঘাটিত পৰিণত হৈছে মহানগৰীৰ বৃহত্তৰ নুনমাটি অঞ্চল ৷ ড্ৰাগছৰ বাবে আজিৰ যুৱ প্ৰজন্ম তথা এটা পৰিয়াল কিদৰে ধ্বংস হ'ব পাৰে তাক লৈ নুনমাটি নুৰ নগৰত ড্ৰাগছক লৈ এখনি সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ নুনমাটি থানাৰ এ.চি .পি নিলোৎপল ডেকাই ড্ৰাগছ সংক্ৰান্তীয় কিবা সম্ভেদ পালে ততালিকে স্থানীয় আৰক্ষীক জনাবলৈ ৰাইজক আহ্বান জনায় ৷

গুৱাহাটী,20 ছেপ্টেম্বৰ: যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰ বিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ চুকে কোনে থকা ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ বাবে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও কমা নাই ড্ৰাগছ আসক্তৰ সংখ্যা ৷ ইয়াৰ মাজতে মহানগৰীৰ ভিন্ন প্ৰান্তত আৰক্ষী-প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে গ্ৰহণ কৰিছে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী ৷

ড্ৰাগছৰ কৰালগ্ৰাসত পৰি যাতে ভৱিষ্যত প্ৰজন্ম ধ্বংস হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি নুনমাটি থানাৰ অন্তৰ্গত নুৰ নগৰ অঞ্চলটো সোমবাৰে ড্ৰাগছৰ বিৰুদ্ধে এখন সজাগতা মূলক সভা অনুষ্ঠিত হয় ৷ মহানগৰীৰ ড্ৰাগছৰ অন্যতম ঘাটি হিচাপে চিহ্নিত বৃহত্তৰ নুনমাটি অঞ্চলৰ ৰাইজক ড্ৰাগছ বিৰুদ্ধে সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে নুৰ নগৰ উন্নয়ন সমিতিৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

নুনমাটিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সজাগতামূলক সভা

সভাত ড্ৰাগছ সংক্ৰান্তীয় কিবা সম্ভেদ পালে ততালিকে স্থানীয় আৰক্ষীক জনাবলৈ ৰাইজক আহ্বান জনায় নুনমাটি সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল ডেকাই ৷ প্ৰায় শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সজাগতা মূলক সভাত নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিৰ সম্পাদক হিকমত আলি, নুনমাটি থানাৰ আৰক্ষী বিষয়া গোবিন্দ কলিতা, শালবাৰী কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সভাপতি জীতেন পাটগিৰিকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে, নুনমাটি থানাৰ অন্তৰ্গত বিষ্ণু ৰাভা নগৰ,বিজয় নগৰ,নুৰ নগৰ,নিজৰা পাৰ,মঠঘৰীয়া আদি অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷

লগতে পঢ়কঃবিটিআৰৰ ই এম গৌতম দাসৰ বাহনত আক্ৰমণ

ABOUT THE AUTHOR

...view details