বিটিআৰৰ ই এম গৌতম দাসৰ বাহনত আক্ৰমণ

author img

By

Published : Sep 20, 2021, 2:25 PM IST

btr-em-car-broken-by-public

বাক্সাৰ মথনগুৰি সমষ্টিৰ খাতালপাৰাত দেওবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ মথনগুৰি ব্লক মণ্ডল কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে গাঁৱৰ একাংশ উত্তেজিত জনতাই ৷ কথমপি প্ৰাণৰক্ষা ই এম গৌতম দাসৰ ৷

বৰপেটাৰোড, 20 ছেপ্টেম্বৰ : বাক্সাৰ মথনগুৰি সমষ্টিৰ হাউলী মৌজাৰ খাতালপাৰাত দেওবাৰে উত্তেজিত জনতাই বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ বাহনত আক্ৰমণ কৰাৰ লগতে কেইবাজনো বিজেপি নেতাক প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বিটিআৰৰ ই এম গৰাকীয়ে বিজেপিৰ কেইজনমান দলীয় সমৰ্থকৰে সৈতে খাতালপাৰা গাঁৱৰ ৰাইজৰ লগত বিজেপিৰ মথনগুৰি ব্লক মণ্ডল কমিটি গঠন সম্পৰ্কত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত চলি থকা এক আলোচনাত অংশ ল’বলৈ গৈছিল ৷

সভাত খাতালপাৰাত বিটিআৰৰ ই এম গৌতম দাসে উপস্থিত হৈ চৰকাৰী গাঁওবুঢ়া দয়াল দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই সভাতে বিটিআৰৰ পৰা অবড়ো গাঁও বিজেপিয়ে কৰ্তন নকৰাৰ বাবে ই এম গৰাকীৰ লগত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

বি টি আৰৰ ই এম গৌতম দাসৰ বাহনত আক্ৰমণ উত্তেজিত জনতাৰ

তেনে সময়তে খাতালপাৰা গাঁৱৰ একাংশ উত্তেজিত জনতাই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ খাতালপাৰা গাঁৱৰ যুৱক দিপুল দাসৰ লগতে গাঁওখনৰে আন বহু যুৱকে সুৰামত্ত অৱস্থাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি বিজেপিৰ হাউলী মণ্ডলৰ সভাপতি দীপক দাস, বিজেপিৰ হাউলী মণ্ডলৰ অ’বিচিৰ সভাপতি কুলজিৎ পাটোৱাৰীকো প্ৰহাৰ কৰাৰ লগতে ই এমগৰাকীকো আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷

সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে উত্তেজিত জনতাৰ পৰা কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ই এমগৰাকীৰ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰি ভাঙি চুচুৰ্মৈ কৰে ৷ এই ঘটনাত সৌভাগ্যক্ৰমে ই এম গৰাকীৰ স্কৰ্ট পাইলটখনৰ কোনো ক্ষতি নহ’ল ৷

পৰৱৰ্তী সময়ত বেন্নীবাৰীস্থিত বড়োলেণ্ড গেষ্ট হাউচত গৈ কোনোমতে প্ৰাণৰক্ষা পৰে বিটিআৰৰ ই এম গৌতম দাসৰ ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই বাক্সা আৰক্ষী ঘটনাস্থলীত উপস্থিত ই এম গৰাকীক উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

লগতে পঢ়ক : খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময় বিধানসভাৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.