নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ
নিমাতীঘাট নাও দুৰ্ঘটনাৰ পাচত বুধবাৰে পুনৰ নিমাতীঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে নিমাতীঘাটত ৰ'পেক্স জাহাজৰ চলাচল নিৰীক্ষণ কৰে ৷ নিমাতীঘাটতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত বৈঠকত মিলিত হয় ৷
মৰণত শৰণ দি মাৰ নাৱেৰে যাতায়াত ৰূপহীমুখবাসীৰ
আমগুৰিৰ বানবিধ্বস্ত ৰূপহীমুখত হাহাকাৰ অৱস্থা । বিপদসংকুল যাতায়াত ব্যৱস্থাক লৈ শংকিত স্থানীয় ৰাইজ ৷ মাৰ নাৱেৰে(Boat) ইপাৰ-সিপাৰ হ’বলগীয়া হৈছে যাত্ৰীসকল ৷ নৈৰ ছিগা অংশত মাৰ নাৱেৰে দহখনৰো অধিক গাঁৱৰ লোকে মৰণকো বুকুত বান্ধি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ।
COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?
ভাৰতত অব্যাহত আছে কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ ৷ ভাৰতৰ বৰ্তমানলৈ 3,25,22,171 গৰাকী ক’ৰণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৪,৪৩,৪৯৭ গৰাকীৰ ।
JEE-Main চতুৰ্থ পৰ্যায়ৰ ফলাফল : 44 গৰাকীৰ 100 শতাংশ নম্বৰ লাভ
মঙলবাৰে ঘোষণা কৰা হৈছে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-main ৰ চতুৰ্থ পৰ্যায়ৰ ফলাফল । শীৰ্ষ স্থান লাভ কৰিছে ১৮ গৰাকী প্ৰাৰ্থীয়ে ।
কলগাছিয়াত চিপিআইএমৰ বিক্ষোভ কাৰ্যসূচী
শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰে বিধানসভাত গৃহীত কৰা গো সুৰক্ষা আইনখনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিতৰ্কিত এই আইনখন বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত দল-সংগঠনে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷