অসম

assam

TMC Protest : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, NPS বাতিলৰ দাবীত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

By

Published : Nov 18, 2022, 4:52 PM IST

নতুন পেঞ্চন আঁচনি বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী (TMC Assam Protest At Sasal Guwahati) ।

TMC
TMC

গুৱাহাটী, ১৮ নৱেম্বৰ : নতুন পেঞ্চন আঁচনি বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (TMC Assam Protest At Sasal Guwahati) ।

দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয় যে নতুন পেঞ্চন ব্যৱস্থাত দেশৰ কোটি কোটি কৰ্মচাৰীৰ অৱসৰৰ পাছত তেওঁলোকৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ নমাই আনিব (TMC Assam President Ripun Bora react on NPS) ।

কৰ্মচাৰীসকলক তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে দেশত কৰ্মসংস্কৃতি কমি যাব । তাৰোপৰি পুৰণি পেঞ্চন ব্যৱস্থাত কৰ্মচাৰীসকলক অৰ্থনৈতিক আৰু সামাজিক সকলো দিশতে নিৰাপত্তা প্ৰদান কৰিছিল । সেয়ে পুৰনি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনায় ৰিপুণ বৰাই । আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণক মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হোঁহকা-পিচলা নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে (TMC demand ST SC of 5 communities) ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, NPS বাতিলৰ দাবীত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰিছে । কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দেশৰ ১৫ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে, কিন্তু অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰ নিমাত কিয় বুলি প্ৰশ্ন কৰে । লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal) আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) জনজাতিকৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত গৈ কিয় আপত্তি নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি বুলি মন্তব্য আগবঢ়ায় ।

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দেশৰ কাৰণে ভাল দিন আনিবলৈ হ'লে বিজেপিক উৎখাত কৰিব লাগিবই বুলি ব্যক্ত প্ৰকাশ কৰি বিজেপিক উৎখাত কৰিবলৈ সকলো বিৰোধী দল এক গোট হ'বৰ বাবেও আহ্বান জনায় ।

লগতে পঢ়ক :Bapuji College Golden Jubilee : সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details