অসম

assam

Lachit Divas 2023: 10 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব টাইপাই

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:59 PM IST

Updated : Nov 16, 2023, 4:19 PM IST

অহা ২৪ নৱেম্বৰ তাৰিখে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত 'মহাবীৰ লাচিত দিৱস'ৰ আয়োজন কৰা হৈছে ৷ এই বৰ্ষত অনুষ্ঠিত হ'ব লগা 'মহাবীৰ লাচিত দিৱস'ৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত সমাজলৈ বৰঙণি আগবঢ়োৱা দহজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব ৷

Mahabir Lachit Award declared
মহাবীৰ লাচিত দিৱস সম্পৰ্কত 'টাইপা'ৰ গুৰুত্বপূৰ্ণ সংবাদমেল

মহাবীৰ লাচিত দিৱস সম্পৰ্কত 'টাইপা'ৰ গুৰুত্বপূৰ্ণ সংবাদমেল

গুৱাহাটী, ১৬ নৱেম্বৰ: টাই আহোম যুৱ পৰিষদ (টাইপা) অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অহা ২৪ নৱেম্বৰ তাৰিখে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত 'মহাবীৰ লাচিত দিৱস'ৰ আয়োজন কৰা হৈছে । 'মহাবীৰ লাচিত দিৱস'ৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত সমাজলৈ বৰঙণি আগবঢ়োৱা দহজন বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে সংগঠনটোৰ বিষয়ববীয়াই।

উল্লেখ্য যে, বিগত ২০১২ বৰ্ষৰ পৰা অসমৰ বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক বিৰল সাহস, বিচক্ষণতা, নিষ্ঠা, ত্যাগ আৰু দেশপ্ৰেমৰ অনন্য নিদর্শনৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে 'মহাবীৰ লাচিত বঁটা' প্ৰদান কৰি সন্মানিত কৰি অহা হৈছে।

২০১২ বৰ্ষৰ পৰা 'মহাবীৰ লাচিত বঁটা'ৰে সন্মানিত কৰা বঁটা প্ৰাপক বিশিষ্ট ব্যক্তিসকল হ'ল ২০১২ বৰ্ষত লেফটেনেন্ট জেনেৰেল এছ. কে. সিন্হা, ২০১৪ চনত মৰণোত্তৰভাৱে কেপ্তেইন জিন্টু গগৈ, ২০১৫ বৰ্ষত অর্জুন ভোগেশ্বৰ বৰুৱা, ২০১৬ বৰ্ষত ড৹ হীৰেণ গোঁহাই, ২০১৭ বৰ্ষত জয়ন্ত বৰুৱা, ২০১৮ বৰ্ষত প্রদীপ ভূঞা, ২০১৯ বৰ্ষত উদ্ধৱ ভৰালী আৰু ২০২২ বৰ্ষত চৌনা মেইন।

অৱশ্যে ক’ভিড মহামাৰীৰ দুটা বছৰ বাদ দি ২০২২ বৰ্ষলৈকে প্ৰতিবছৰে এই "মহাবীৰ লাচিত বৰফুকন বঁটা" লাচিত দিৱসৰ দিনটোত প্ৰদান কৰি আহিছিল। যদিও টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ গগৈৰ তত্বাৱধানত কেন্দ্রীয় কার্যনিৰ্বাহকত এইবাৰৰ পৰা প্ৰতি বছৰে বঁটা প্ৰদান কৰাৰ পৰিৱৰ্তে প্ৰতি দুবছৰৰ মূৰতহে এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সংবাদ মেলত জানিবলৈ দিয়ে।

সেই অনুসৰি ২০২৪ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে “মহাবীৰ লাচিত বৰফুকন বঁটা' প্ৰদান কৰা হ'ব। সংগঠনটোৰ কাৰ্যনিৰ্বাহকৰ আন এক সিদ্ধান্ত অনুসৰি এই বৰ্ষত অনুষ্ঠিত হ'ব লগা 'মহাবীৰ লাচিত দিৱস'ৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত সমাজলৈ বৰঙণি আগবঢ়োৱা দহজন বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।

'মহাবীৰ লাচিত দিৱস'ৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত সম্বৰ্ধনা জনাব লগা লোকসকল হ’ল পুৰন্দৰ কোঁৱৰ, নগেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, য়াহুম বুঢ়াগোঁহাই, ড৹ দয়ানন্দ বৰগোঁহাই, ৰবি শৰ্মা, পার্থসাৰথি মহন্ত, বিশ্বজিৎ ফুকন, নিৰূপমা বৰগোহাঞি আৰু পৰমানন্দ চাৰেঙীয়া। সেয়েহে অহা ২৪ নৱেম্বৰ তাৰিখে আয়োজন কৰা 'মহাবীৰ লাচিত দিৱস'ৰ এই অনুস্থানটোত ৰাইজৰ উপস্থিতি কামনা কৰিছে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷

লগতে পঢ়ক:Ali Aye Ligang Controversy: আলি-আয়ে-লৃগাঙৰ বন্ধ বাতিলক লৈ ক্ষোভ মিচিং জনগোষ্ঠীয় ৰাইজৰ

Last Updated : Nov 16, 2023, 4:19 PM IST

ABOUT THE AUTHOR

...view details