অসম

assam

Assam Olympic Association: অসম পুৰুষ বাস্কেটবল দলে অংশ ল’ব নোৱাৰিব অসম অলিম্পিকত

By

Published : Dec 26, 2022, 8:28 PM IST

অসম পুৰুষ বাস্কেটবল দলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ ৷ অসম পুৰুষ বাস্কেটবল দলে অংশ ল’ব নোৱাৰিব অসম অলিম্পিকৰ কোনো এখন খেলত ৷ দলটোৰ অখেলুৱৈ সুলভ আচৰণৰ বাবে এই সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ ৷

Assam Olympic Association
অসম পুৰুষ বাস্কেটবল দলে অংশ ল’ব নোৱাৰিব অসম অলিম্পিকত

গুৱাহাটী, 26 ডিচেম্বৰ: অসম অলিম্পিক সন্থাৰ(Assam Olympic Association) গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অসম পুৰুষৰ বাস্কেট বলৰ দলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ(Strict action against Assam man basketball team) ।

সোমবাৰে অনুষ্ঠিত হৈছিল অসম অলিম্পিক সন্থাৰ বৈঠক । অসম অলিম্পিক সন্থাৰ বৈঠকত অসমৰ পুৰুষৰ বাস্কেটবলৰ অখেলুৱৈ সুলভ আচৰণৰ বাবে বাস্কেটবলৰ পুৰুষৰ দলটোৱে অসম অলিম্পিকৰ(Assam Olympic) কোনো খেলতে অংশগ্ৰহণ কৰিব নোৱাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

অসমৰ পুৰুষৰ বাস্কেট বলৰ অখেলুৱৈ সুলভ আচৰণৰ বাবে বাস্কেটবলৰ পুৰুষৰ দলটোৰ বিৰুদ্ধে বাস্কেটবল ফেডাৰেছন অৱ ইণ্ডিয়ালৈ(Basketball federation of India) অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক:Controversy on Bagh Hazarika: বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

এই সন্দৰ্ভত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে(Laksya Konwar) কয় যে, ‘‘যোৱা এমাহ আগতে মেঘালয়ত দ্বিতীয় উত্তৰ পূব অলিম্পিক গেমছ(North east Olympic games) অনুষ্ঠিত হৈছিল । সেই গেমছৰ পুৰুষৰ বাস্কেট বলৰ প্ৰতিযোগিতাত অসমৰ পুৰুষৰ বাস্কেটবলৰ দলটোয়ে ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক(Bronze Madel) লাভ কৰিছিল । মেঘালয়ৰ মুখ্যমন্ত্ৰী(Meghalaya CM) উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানত অসমৰ পুৰুষৰ বাস্কেটবলৰ দলটোৱে অখেলুৱৈ সুলভ আচৰণ কৰিছিল ।’’

সেইবাবেই অসমৰ পুৰষৰ বাস্কেটবলৰ দলটোৰ প্ৰশিক্ষক আৰু মেনেজাৰক নিলম্বন(To suspend trainer and manager) কৰাৰ‌ বাবে বাস্কেট বল ফেডাৰেছন অৱ ইণ্ডিয়ালৈ অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে । অসমৰ পুৰুষৰ বাস্কেটবলৰ দলটোৰ বিৰুদ্ধে বাস্কেট বল ফেডাৰেছন অৱ ইণ্ডিয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অসম অলিম্পিক সন্থাই এবছৰৰ বাবে বাস্কেটবলৰ পুৰুষৰ দলটোক অসম অলিম্পিকৰ সকলো খেলৰ পৰা নিলম্বনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে লক্ষ্য কোঁৱৰে ।

লগতে পঢ়ক:Inter Club Athletics Competition: টিংখাঙত ডিব্ৰুগড় জিলা আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details