ETV Bharat / state

Controversy on Bagh Hazarika: বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

author img

By

Published : Dec 26, 2022, 5:57 PM IST

Updated : Dec 26, 2022, 6:30 PM IST

বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয় (controversy on existence of Bagh Hazarika) ৷ বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ । বাংলা ভাষা প্ৰাচীন কামৰূপী ভাষাৰ সম্প্ৰসাৰিত ৰূপহে । শংকৰদেৱৰ জন্মকাল ১৪৫৯ খ্ৰীষ্টাব্দহে, ১৪৪৯ নহয় । মহাপুৰুষ হৰিদেৰ জীৱনকাল ১৪০ বছৰ নহয় । ১০১ বছৰহে জীৱিত আছিল হৰিদেৱ । নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সংবাদমেলযোগে এনে বহু বিষ্ফোৰক মন্তব্য কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক-গৱেষক ড৹ মাধুৰ্যমণ্ডিত বৰুৱাৰ ৷

Controvers on Bagh Hazarika
ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

নলবাৰী, ২৬ ডিচেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ বৰ্ষ আৰু তাৰিখ ভুলকৈ প্ৰচলিত হৈ আছে (Controversy on Sankardeva birth date) । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ আহিন-কাতিৰ সংক্ৰান্তিত । শ্ৰীমন্ত শংকৰদেৱৰ জন্ম চন ১৪৪৯ নহয় । ১৪৫৯ চনতহে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল । আনহাতে, শ্ৰীমন্ত শংকৰদেৱৰ আয়ুসকাল ১০৮ বছৰহে । শ্ৰীমন্ত শঙ্কৰদেৱে ব্ৰজাৱলী ভাষা সৃষ্টি কৰা নাছিল । নতুনকৈ ৰচনা কৰা অসম বুৰঞ্জীত বিস্ফোৰক দাবী ।

এইবাৰ পুনৰ বিতৰ্ক শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত । শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ চন-তাৰিখ ভুল বুলি পুনৰ দাবী উঠিছে । উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৰ্ষ ১৪৪৯ চন নহয়, ১৪৫৯ চনহে বুলি দাবী উঠিছে । একেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি বিজয়া দশমী নহয়, আহিন আৰু কাতিৰ সংক্ৰান্তিহে বুলিও আন এক দাবী । আনহাতে, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ আয়ুসকাল ১৪০ বছৰ নহয়, ১০১ বছৰহে বুলি দাবী উঠিছে (controversy on Harideva life span) ।

সোমবাৰে এক সংবাদমেলযোগে এইসমূহ দাবী উত্থাপন কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ (Krishnaguru Spiritual University) অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা গৱেষক ড৹ মাধুৰ্যমণ্ডিত বৰুৱাই (Dr Madhurjyamandit Barua new controversy on Sankardeva) । নলবাৰীৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত আয়োজিত এক সংবাদমেল সম্বোধন কৰি গৱেষক মাধুৰ্যমণ্ডিত বৰুৱাই এই দাবী উত্থাপন কৰে । উল্লেখ্য, এই সম্পৰ্কত এখন নতুন অসম বুৰঞ্জী ৰচনা কৰা ড৹ মাধুৰ্যমণ্ডিত বৰুৱাই পুনৰ কয় যে ব্ৰজাৱলী ভাষা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নহয় (new Assam History by Madhurjyamandit Barua) ।

পূৰ্বৰ পৰায়ে ব্ৰজাৱলী ভাষাৰ প্ৰচলন আছে বুলিও দাবী কৰে মাধুৰ্যমণ্ডিত বৰুৱাই । ঠিক তেনেদৰে বাংলা ভাষা অসমীয়া ভাষাৰ পৰাহে সৃষ্টি হোৱা বুলিও মন্তব্য কৰে মাধুৰ্যমণ্ডিত বৰুৱাই । ইপিনে বাঘ হাজৰিকাৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰি শৰাইঘাটৰ যুদ্ধৰ সময়ত থকা একৈশগৰাকী হাজৰিকাৰ নাম উল্লেখ কৰে (controversy on existence of Bagh Hazarika) ।

লগতে এই বুৰঞ্জীত অসম ভূখণ্ডত প্ৰাগজ্যোতিষপুৰৰ কোনো অস্তিত্ব নাই বুলিও উল্লেখ কৰিছে মাধুৰ্যমণ্ডিত বৰুৱাই । বাংলাদেশৰ ৱাৰী-বটেশ্বৰ অঞ্চলেই প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বুলিও তেওঁ সংবাদমেলত দাবী কৰে । উল্লেখ্য, মঙলবাৰে এই নতুন 'অসম বুৰঞ্জী' উন্মোচন হ'ব বুলিও জানিব পৰা গৈছে । ড৹ মাধুৰ্যমণ্ডিত বৰুৱাই ৰচনা কৰা এই নতুন অসম বুৰঞ্জীত আৰু বহু বিষয় নতুনকৈ সংলগ্ন কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য, বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তফিকুৰ ৰহমানে আঁত ধৰা এই সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৱেষক পণ্ডিত ড৹ মাধুৰ্যমণ্ডিত বৰুৱাই ।

উল্লেখ্য, আহোম সেনা বীৰ লাচিতৰ অন্যতম সেনানায়ক ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকা সন্দৰ্ভত সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছে । বুৰঞ্জীৰ তথ্য উল্লেখ কৰি একাংশই বাঘ হাজৰিকাৰ প্ৰসংগ অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই আকৌ এই কথা কল্পনা প্ৰসূত বুলিহে দাবী কৰি আহিছে ।

শেহতীয়াভাৱে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ সময়তো এই প্ৰসংগটোৱে নতুনকৈ চৰ্চা লাভ কৰিছে । আনহাতে, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম সন্দৰ্ভতো সময়ে সময়ে মতান্তৰ ঘটা দেখিবলৈ পোৱা যায় । এতিয়া ড৹ মাধুৰ্যমণ্ডিত বৰুৱাৰ এই নতুন দাবীয়ে নিশ্চিতভাৱে এই ক্ষেত্ৰত বিতৰ্কৰ এক নতুন মাত্ৰা প্ৰদান কৰিব । আনহাতে, তেওঁৰ নতুন অসম বুৰঞ্জীয়ে পাঠক তথা সমালোচকৰ পৰা কেনে ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Pari Rangpi Passes Away: কাৰ্বি আংলঙৰ বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান

Last Updated : Dec 26, 2022, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.