অসম

assam

State film award 2023 Nahid Afrin controversy: বিধানসভা চৌহদত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্ক

By

Published : Mar 15, 2023, 2:00 PM IST

award controversy issue in assembly campus

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলোৱা কণ্ঠশিল্পী নাহিদ আফ্ৰিন আনচাৰীয়ে ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে ৷ বঁটা গ্ৰহণ কৰিয়েই বিতৰ্কত সোমাই পৰিছে নাহিদ (State film award 2023 Nahid Afrin controversy) ৷ নাহিদৰ সপক্ষে-বিপক্ষে থিয় দিছে বিভিন্নগৰাকী মন্ত্ৰী-বিধায়কে ৷

অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্ক

গুৱাহাটী,১৫ মাৰ্চ: পুনৰ আন এক বিতৰ্কই গা কৰি উঠিছে অসমত । এইবাৰ গান আৰু বঁটাৰ বিতৰ্ক (State film award 2023 controversy)। গান গালে কোনোবাই আৰু বঁটা ল'লে আন কোনোবাই । ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই বিতৰ্কই এইবাৰ বিধানসভা চৌহদ পালেগৈ (award controversy issue in assembly campus) ।

উল্লেখযোগ্য যে, সোমবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত প্ৰদান কৰা হৈছিল অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা । কণ্ঠশিল্পী নাহিদ আফ্ৰিনে লাভ কৰিছিল ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা (State film award 2023 Nahid Afrin controversy) । এই বঁটা প্ৰদানৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ । কাৰণ নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছে, সেই গীতটো নাহিদে গোৱা নাছিল, গাইছিল ৰূপজ্যোতি দেৱীয়েহে ।

‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল । অৱশ্যে এই সন্দৰ্ভত নাহিদ আফ্ৰিনে ইতিমধ্যে স্পষ্টীকৰণ দিছে । কিন্তু বিষয়টোকলৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে চতুৰ্থ দিনা এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে । তেওঁ কয় যে এইক্ষেত্ৰত নাহিদ আফ্ৰিনৰ ভুল নাই, ভুল জুৰী কমিটীৰ (Congress MLA defends Nahid Afrin) । নিমন্ত্ৰণী পত্ৰত চিনেমাখনৰ উল্লেখ আছে যদিও গানটোৰ উল্লেখ নাই । নাহিদ আফ্ৰিনে কোনো ভুল কৰা নাই ।

নাহিদ আফ্ৰিনে বঁটা লৈ ভুল কৰা নাই বুলি উল্লেখ কৰি এইক্ষেত্ৰত যুক্তি আগবঢ়াই তেওঁ কয় যে তেওঁক বিধানসভাত এটা ভাষণৰ বাবে বঁটা দিলে, কোনটো ভাষণক লৈ দিছে সেইটো তেওঁ কেনেকৈ জানিব । তেনেক্ষেত্ৰত বঁটা নল'ব নেকি বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে যদি ভুল কৰিছে বঁটা দিয়াসকলে কৰিছে ।

শিকদাৰে জুৰী কমিটিৰ সদস্য সকলৰ নাম ৰাজহুৱা কৰাৰ কথা কয় । ইফালে কংগ্ৰেছৰ বিধায়ক গৰাকীৰ এনে মন্তব্যৰ বিপৰীতে নিজৰ প্ৰতিক্ৰিয়াত মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে নাহিদ আফ্ৰিনে যদি বঁটা পোৱা নাছিল তেনে হ’লে ল’ব নালাগিছিল । এয়া নিশ্চয় ভুল বুজাবুজি হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক :State Film Award Controversy: শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰি বিতৰ্কত নাহিদ আফ্ৰিন; ঘূৰাই দিব বঁটা !

ABOUT THE AUTHOR

...view details