State Film Award Controversy: শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰি বিতৰ্কত নাহিদ আফ্ৰিন; ঘূৰাই দিব বঁটা !

author img

By

Published : Mar 14, 2023, 10:49 PM IST

Nahid Afrin Clarifies About State Film Awards 2023

অসম চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰি বিতৰ্কত নাহিদ আফ্ৰিন আনচাৰী (Singer Nahid Afrin got criticized) । বিতৰ্কক লৈ নাহিদৰ স্পষ্টীকৰণ (Nahid Afrin Clarifies About State Film Awards 2023)। বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত নাহিদ আফ্ৰিন আনচৰীৰ ৷

অসম চলচ্চিত্ৰ বঁটাক লৈ বিৰ্তক

বিশ্বনাথ, ১৪ মাৰ্চ : বিতৰ্কৰ আৱৰ্তত কণ্ঠশিল্পী নাহিদ আফ্ৰিন আনচৰী (Singer Nahid Afrin got criticized)। গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে তাক লৈ সামাজিক মাধ্যমত তুমুল বিৰ্তক । অৱশেষত এক ভিডিঅ’যোগে কণ্ঠশিল্পী নাহিদৰ আনচৰীয়ে দিলে স্পষ্টীকৰণ (Nahid Afrin Clarifies About State Film Awards 2023) ।

উল্লেখযোগ্য যে, সোমবাৰে ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল ৷ আন বহু শিল্পীৰ লগতে উদীয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনেও এই অনুষ্ঠানতে গ্ৰহণ কৰিলে তেওঁলৈ আগবঢ়োৱা শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা)ৰ ‘‘প্ৰতিমা পাণ্ডে বৰুৱা বঁটা’’ ।

নাহিদলৈ এই বঁটা আগবঢ়োৱা হয় ‘‘নিজানৰ গান’’ নামৰ ছবিখনৰ ‘‘নীলাতে লুকা ভাকু’’ গানটোৰ বাবে । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বঁটা লোৱা পিচত বিৰ্তক সোমাই পৰিছে শিল্পীগৰাকী । অভিযোগ উঠিছে নাহিদ আফ্ৰিন আনচৰী বিৰুদ্ধে ৷ গান নোগোৱাকৈ আনৰ বঁটা গ্ৰহণ কৰিলে নাহিদে ।

প্ৰকৃতে ‘‘নীলাতে লুকা ভাকু’’ শীৰ্ষক গানটোত নাহিদ আফ্ৰিনে কণ্ঠদান কৰাই নাছিল । গানটোত প্ৰকৃততে কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গে । সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতখনত বিতৰ্কৰ সূত্ৰপাত হৈছে (State Film Award Controversy) ।

‘‘নীলাতে লুকা ভাকু’’ শীৰ্ষক গীতটোৰ প্ৰকৃত কণ্ঠশিল্পী ৰূপজ্যোতি দেৱীয়ে ফেচবুকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নাহিদ আফ্ৰিনে বঁটা গ্ৰহণ কৰাৰ এখন ফটো আৰু বঁটাৰ লগত প্ৰদান কৰা মানপত্ৰৰ সৈতে ইউটিউবৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে । নিজেই কণ্ঠদান কৰা গানটোৰ ইউটিউব লিংকৰ সৈতে তেওঁ লিখিছে, ‘‘এই গানটোৰ বাবে সন্মানীয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে অভিনন্দন নাহিদ আফ্ৰিন’’ ।

উল্লেখ্য যে, ইউটিউবত উপলব্ধ গানটোত স্পষ্টকৈ লিখা আছে গানটোত কণ্ঠদান কৰিছে জুবিন আৰু ৰূপজ্যোতিয়ে । এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে ইমান এটা বৃহৎ ভুল কিদৰে হ’বলৈ পালে ? নাহিদে যদি গানটো গোৱাই নাছিল তেনে কিয় এই বঁটা গ্ৰহণ কৰিলে ? সমগ্ৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূচনা কৰিছে ।

ইফালে শিল্পী নাহিদ আফ্ৰিন আনচৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বঁটা সন্দৰ্ভত নিজৰ মতামত স্পষ্ট কৰি কয় যে, প্ৰকৃতে বঁটা প্ৰদান কৰি থকাৰ সময়ত সঘনাই তেওঁৰ নামটো ঘোষণা কৰি তেওঁক নিমন্ত্ৰণ কৰি আছিল মঞ্চলৈ ৷ লগতে বঁটা লাভ কৰা কথা তেওঁক আগতেই জনোৱা হৈছিল ৷ যাৰ বাবে তেওঁ সেই বঁটা ল’বলৈ আগ্ৰহ প্ৰকাশ কৰি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হৈ বঁটাটো গ্ৰহণ কৰিছিল‌ ৷

লগতে নাহিদে প্ৰকাশ কৰি কয় যে এই বঁটা বিষয় স্পষ্ট নাছিল, যাৰ ফলত তেওঁ বঁটা গ্ৰহণৰ বাহিৰে আন কোনো কথা গুৰুত্ব দিয়া নাছিল । কিন্তু যেতিয়া সামাজিক মাধ্যমত বিৰ্তক সৃষ্টি হৈছে বঁটাটোক লৈ, তেতিয়া তেওঁ ভালকৈ চোৱাতহে প্ৰকৃত তথ্য পোহৰলৈ আহিছে ৷ উল্লেখ্য যে, নাহিদে চিনেমাখনত এটা গীতত কণ্ঠদান কৰিছে ৷

লগতে পঢ়ক : Awards Controversy: অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক; গীত গালে বেলেগে বঁটা পালে বেলেগে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.