অসম

assam

Himanta Biswa Sarma: পুৰণি বিদ্যালয়সমূহক ন-ৰূপ দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

By

Published : Oct 30, 2022, 4:13 PM IST

CM Himanta Biswa Sarma

ৰাজ্যৰ পুৰণি বিদ্যালয়সমূহক ন-ৰূপ দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ ৷ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)৷

গুৱাহাটী, ৩০ অক্টোবৰ : অসমৰ পুৰণি বিদ্যালয়ক ন-ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । পুৰণি বিদ্যালয়ৰ ভৱনৰ স্থানত নিৰ্মাণ হ'ব আধুনিক নতুন ভৱন (New infrastructure of schools in Assam) । পৰীক্ষামূলকভাৱে গুৱাহাটীৰ কেইবাখনো স্কুলত এই কাম আৰম্ভ হ'ব বুলি দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়খন(Sonaram Higher Secondary School) পৰিদৰ্শন কৰি শিক্ষানুষ্ঠানখনৰ সাম্প্ৰতিক অৱস্থাকে ধৰি বিভিন্ন দিশৰ বুজ লয় । তেওঁ বিদ্যালয়খন পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয় যে, পুৰণি বিদ্যালয়ৰ পুৰণি ভৱনবোৰৰ স্থানত একোটাকৈ নতুন ভৱন নিৰ্মাণৰ পৰিকল্পনা ৰাজ্য চৰকাৰে হাতত লৈছে ।

ইয়াৰে অংশ হিচাবে গুৱাহাটীত পৰীক্ষামূলকভাৱে প্ৰথম পৰ্যায়ত ১০ খন বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰা হ'ব ৷ এই পদক্ষেপত সফল হ’লে ৪ হাজাৰখন শিক্ষানুষ্ঠান আমি সামৰি ল’ম ৷ ৪ হাজাৰ বিদ্যালয়ক সম্পূৰ্ণ ধুণীয়াকৈ অহা ৫-৬ বছৰৰ ভিতৰত নিৰ্মাবন কৰাৰ লক্ষ্য লোৱা হৈছে । যাতে যিকোনো মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ৰ লগত চৰকাৰী বিদ্যালয়ে প্ৰতিযোগিতা কৰিব পাৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে(CM Himanta Biswa Sarma) আজি মহানগৰীৰ ৫ খনকৈ বিদ্যালয় পৰিদৰ্শন কৰিব । মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট(Cotton Collegiate Government HS School), কামৰূপ একাডেমী, তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়(TC), গোপাল বড়ো চৰকাৰী বিদ্যালয় মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে ।

বিদ্যালয় পৰিদৰ্শনকালত মন্ত্ৰী ডাঃ ৰণোজ পেগু(Assam education minister), শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত, বিদ্যালয় শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰী, সমগ্ৰ শিক্ষা অভিযানৰ মিছন সঞ্চালক ওম প্ৰকাশ উপস্থিত থাকে ৷

লগতে পঢ়ক :Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ

ABOUT THE AUTHOR

...view details