অসম

assam

Wine shops in Assam: ৰাজ্যত সুৰাৰ বন্য বোৱাই মূল্যবৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ নতুন নীতি প্ৰযোজ্য

By

Published : Jul 1, 2023, 12:58 PM IST

বিলাতী সুৰাৰ দাম ৪ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি । শ্বপিং মলৰ বিপণীত নিশা ১১ বজালৈ উপলব্ধ হ'ব সুৰা । আবকাৰী বিভাগে জাৰি কৰিছে ৰাজপত্ৰিত অধিসূচনা । পৌৰ এলেকাৰ শ্বপিং মল, বাণিজ্যিক অট্টালিকাৰ লগতে গ্রামাঞ্চলতো নতুনকৈ শ শ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে জাৰি কৰা হৈছে অধিসূচনা ।

Wine shops in Assam
ৰাজ্যত সুৰাৰ বন্য বোৱাই মূল্যবৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ নতুন নীতি প্ৰযোজ্য

গুৱাহাটী,১ জুলাই:বিত্তীয় সংকটৰ সন্মুখীন হোৱা অসম চৰকাৰৰ বাবে যেন সুৰাপায়ীসকলেই শেষ ভৰসা হৈ পৰিছে । চৰকাৰখনৰ বাবে যেন ৰাজহ সংগ্ৰহৰ অন্যতম উৎস হৈ পৰিছে সুৰা । যাৰবাবে অধিক ৰাজহ সংগ্ৰহৰ স্বাৰ্থত চৰকাৰে পুনৰ বৃদ্ধি কৰিছে বিলাতী সুৰাৰ দাম । প্ৰতিটো ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম বৃদ্ধি কৰি আবকাৰী বিভাগে এই সন্দৰ্ভত এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে । এই অধিসূচনা অনুসৰি ৪ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে বিলাতী সুৰাৰ দাম ।

আনহাতে পূৰ্বৰ নিৰ্দেশনা অনুসৰি সুৰাৰ বিপণী নিশা দহ বজালৈকেহে খোলা থাকিব যদিও শ্বপিং মলৰ সুৰাৰ বিপণী জাৰি কৰা অধিসূচনা অনুসৰি নিশা ১১ বজালৈ খোলা থাকিব । শনিবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা প্ৰযোজ্য হ’ব এই নতুন নিয়ম। ইয়াৰ বাবে প্ৰতিখন সুৰাৰ বিপণীত পুৰণি বিলাতী সুৰা কিমান মজুত তাৰ হিচাপ দাখিল কৰিবলৈ বিপণীৰ স্বত্বাধিকাৰীসকলক অধিসূচনাৰ জৰিয়তে নির্দেশ দিয়া হৈছে ।

অধিসূচনা অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামত ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ লাক্সাৰি ব্ৰেণ্ডৰ ব্রেণ্ডি, হুইস্কি, জিনত ১৩৭ টকাকৈ, ৬৪০ টকাৰ এলিজেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰ ৰাম, ব্ৰেণ্ডি, হুইস্কি, জিনত ১৭৫ টকাকৈ, ১০৪০ টকাৰ প্রিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰ ৰাম, ব্ৰেণ্ডি, হুইস্কি, জিনত ২৪৮ টকাকৈ, ১০৪০ টকাৰ ক্লাছিক প্রিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰ ৰাম, হুইস্কি, ব্রেণ্ডি, জিনত ৪২৭ টকাকৈ বৃদ্ধি কৰা হৈছে ।

লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰি বাহন চলোৱা চালকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণৰ নির্দেশ দিয়াৰ বিপৰীতে পৌৰ এলেকাৰ শ্বপিং মল, বাণিজ্যিক অট্টালিকাৰ লগতে গ্রামাঞ্চলতো নতুনকৈ শ শ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে অধিসূচনা জাৰি কৰা হৈছে । শুকুৰবাৰে আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে জাৰি কৰা ৰাজপত্ৰিত জাননী অনুসৰি গুৱাহাটীৰ লগতে প্ৰতিখন চহৰৰ পৌৰ এলেকা সমূহৰ শ্বপিং মল তথা বাণিজ্যিক অট্টালিকাত প্রিমিয়াম ৱাইন শ্বপৰ লাইচেন্স প্রদান কৰা হ'ব ।

নতুনকৈ অনুজ্ঞাপত্ৰ দিবলগীয়া শীত-তাপ নিয়ন্ত্রিত বিলাসী সুৰাৰ বিপণীসমূহ নিশা ১১ বজালৈ উপলব্ধ হ’ব সুৰা । অৰ্থাৎ সাধাৰণ ৱাইন শ্বপ সমূহত নিশা ১০ বজালৈ সুৰা বিক্ৰীৰ অনুমতি আছে যদিও শ্বপিং মলৰ এছক্লুছিভ প্রিমিয়াম ৱাইন শ্ব’প সমূহত নিশা ১১ বজালৈ সুৰা বিক্ৰী কৰিব পাৰিব । অসমত বৰ্তমানলৈ পানীয় সুৰা বিক্ৰীৰহে অনুমতি আছে যদিও নতুন প্রিমিয়াম ৱাইন শ্বপসমূহত এলকহলযুক্ত চকলেট (লিকাৰ চকলেট) বিক্ৰী কৰিব পাৰিব ।

নতুন সুৰানীতি অনুসৰি পৌৰ নিগমৰ এলেকাৰ ভিতৰত ন্যূনতম ৫০০ বর্গ ফুটৰ মজিয়াৰ বাণিজ্যিক অট্টালিকা তথা শ্বপিং মলত প্রিমিয়াম ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়া হ’ব । এইসমূহ বিলাসী বিপণীত আই এম এফ এল, বি আই অ’, বি আই আই সুৰাৰ লগতে পৰম্পৰাগত সুৰাও বিক্ৰী কৰিব পাৰিব । তদুপৰি বিপণীসমূহে অতি কমেও বিদেশৰ পৰা আমদানিকৃত বি আই অ' সুৰা তথা বীয়েৰৰ ২০টা বটল প্ৰদৰ্শন কৰি ৰাখিব লাগিব । সুৰাপায়ী গ্রাহকে শ্বপিং মলত আন আন সামগ্ৰী হাতেৰে স্পৰ্শ কৰি পছন্দ কৰাৰ দৰে প্রিমিয়াম ৱাইন শ্বপত বিলাতী সুৰাসমূহো প্রত্যক্ষ কৰাৰ বাবে সজাই-পৰাই ৰখাৰ সুবিধা থাকিব লাগিব ।

উক্ত এছক্লুচিভ সুৰা বিপণীসমূহ শীত-তাপ নিয়ন্ত্রিত হ’ব । নিবিদাৰ জৰিয়তে আবকাৰী বিভাগে এইসমূহ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব যদিও অনুজ্ঞাপত্ৰৰ বার্ষিক মাচুল ৪ লাখ টকা হ’ব ধার্য কৰাৰ কথা অধিসূচনাখনত উল্লেখ কৰা হৈছে । নতুন অধিসূচনা অনুসৰি জেনেৰেল, ৰেগুলাৰ, লাগজাৰী, এলিজেণ্ট প্রিমিয়াম আৰু ক্লাচিক প্রিমিয়াম প্ৰতিটো ব্ৰেণ্ডৰ সুৰাৰে সৰ্বোচ্চ ২০ শতাংশ পর্যন্ত দাম বৃদ্ধি পাব । উল্লেখ্য যে ইতিপূর্বে আবকাৰী বিভাগে প্ৰতিখন জিলাতে গাঁৱে-ভূঞে ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে স্থান চিনাক্ত কৰি তালিকা দিবলৈ জিলা আবকাৰী অধীক্ষকসকলক নির্দেশ দিছিল ।

সেই নির্দেশমর্মে আবকাৰী অধীক্ষকসকলে ন্যূনতম ৩০০০ জনবসতি একো একোটা অঞ্চলক নতুন ৱাইন শ্বপ স্থাপনৰ বাবে স্থান চিনাক্ত কৰিছিল । আবকাৰী অধীক্ষকসকলে ৰাজ্যৰ প্ৰায় ৭০০টা স্থানত ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেই প্ৰস্তাৱক বাস্তৱ ৰূপ দিয়াৰ বাবে গাঁৱে-ভূঞে, অলিয়ে-গলিয়ে নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰো নিবিদাৰ নীতি-নিয়মৰ অধিসূচনা জাৰি কৰিছে । এনে ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে দুটা পৰ্যায়ত নিবিদা দাখিল কৰিব লাগিব । জিলা উপায়ুক্তই গঠন কৰি দিয়া জিলা পৰ্যায়ৰ নিবিদা কমিটীয়ে ফাইনেন্সিয়েল আৰু টেকনিকেল এই দুটা পৰ্যায়ত নিবিদা পত্র পৰীক্ষা কৰিব ।

ফাইনেন্সিয়েল নিবিদাত উচ্চ হাৰত ধন আদায় দিয়া ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব । আবকাৰী বিভাগে গাঁও পঞ্চায়ত, পৌৰ নিগম এলেকাতো এইসমূহ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব । নতুন সুৰা বিপণীৰ নিবিদা অনুসৰি এজন ব্যক্তিক এখন অনুজ্ঞাপত্ৰহে প্ৰদান কৰা হ’ব । কিন্তু নিবিদা কমিটীয়ে সন্তুষ্ট হ’লে অতিৰিক্ত অনুজ্ঞাপত্ৰৰ বাবেও আবেদনৰ সুযোগ দিব পাৰিব । অর্থাৎ এজন ব্যক্তিয়ে এখনতকৈ অধিক ৱাইনশ্বপৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব । এক কথাত আবকাৰী বিভাগৰ নতুন সুৰা নীতিয়ে ৰাজ্যত সুৰাৰ বন্যা বোৱাব সেয়া নিশ্চিত । আবকাৰী বিভাগে ৰাজ্যত নতুনকৈ কিমান সংখ্যক ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিব তাক ৰাজহুৱা কৰা নাই যদিও নতুন সুৰা নীতিৰ জৰিয়তে বছৰি ৩ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক:Illegal Bangladeshi Infiltrator: মটৰ চাইকেলেৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী যুবকৰ পৰিচয় উদ্ধাৰ

ABOUT THE AUTHOR

...view details