অসম

assam

Akhil Gogoi stages protest in assembly : বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

By

Published : Dec 24, 2021, 4:43 PM IST

Akhil Gogoi protest in assembly
এক লাখ চাকৰি বিচাৰি বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

বিধানসভা চৌহদত 'এক লাখ চাকৰি কেতিয়া, ক'ত' আৰু '২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে' লিখা বিশেষ টি-ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীৰ প্ৰতিবাদ (Akhil Gogoi protests in assembly) । আগন্তুক বৰ্ষৰ মে' মাহৰ ভিতৰত কথা মতে এক লাখ চাকৰি দিয়াৰ বাবে দাবী । হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব । এক লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক ।

গুৱাহাটী, ২৪ ডিচেম্বৰ :‘‘প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰি নিদিলে চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব চৰকাৰক ৷ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কেৱল চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব’’ । এই মন্তব্য বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) ৷

শুকুৰবাৰে আছিল অসম বিধানসভা অধিৱেশনৰ পঞ্চম দিন ৷ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পঞ্চম দিনাও ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক । নিয়োগ মেলাৰ নামত নিবনুৱাক প্ৰতাৰণা কৰাৰ প্ৰতিবাদত শুকুৰবাৰে অখিল গগৈয়ে বিশেষ টি-ছ‍াৰ্ট পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে (Akhil Gogoi stages protests in assembly)।

বিধানসভা চৌহদত 'এক লাখ চাকৰি কেতিয়া, ক'ত' আৰু '২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে' লিখা বিশেষ টি-ছাৰ্ট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰেও "ভাষা নাথাকিলে জাতি নাথাকে" লিখা থকা টি-ছাৰ্ট পিন্ধি প্ৰতিবাদ কৰিছিল বিধায়কগৰাকীয়ে (Protests against withdrawal of Assamese paper from APSC exam)। শুকুৰবাৰে ১ লাখ নিবনুৱাৰ সংস্থাপনক লৈ প্ৰশ্ন উত্থাপন কৰি বিধানসভাৰ বাহিৰত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈয়ে প্ৰশ্ন কৰে যে, ‘১ লাখ চাকৰি ক’ত ? কেতিয়া ?'

এক লাখ চাকৰি বিচাৰি বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় -'মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পূৰণ কৰক । পদ খালী আছে, কিন্তু বিত্ত বিভাগে অনুমোদন দিব নোৱাৰে । মুখ্যমন্ত্ৰীয়ে ১০ লাখক কৰ্ম সংস্থাপন দিয়াৰ কথা কৈছিল । কিন্তু বৃহস্পতিবাৰে নিয়োগ মেলাত কি হ’ল সকলোৱে দেখিলে । নিয়োগ মেলাত কিমান পদ আছিল ৰাজহুৱা কৰিব লাগে ।

লগতে পঢ়ক :Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

মুখ্যমন্ত্ৰীক সমালোচনা কৰি অখিল গগৈয়ে কয় যে, অসম বিধানসভাৰ এইবাৰ আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় হ’ল মুখ্যমন্ত্ৰীয়ে বিধানসভাত মিছা কথা কয় । ৯৩ হাজাৰ কোটি টকা ঋণৰ বোজা চৰকাৰৰ । কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ৮২ হাজাৰ কোটি টকা ধাৰৰ কথা কয় ৷

সদনত মুখ্যমন্ত্ৰীয়ে ২ ঘণ্টা কথা কয় আৰু মই দুই মিনিট । সমান সমান কথা ক’ব দিয়ক, সকলো স্পষ্ট হ’ব বুলি তেওঁ কয় । তেওঁ চৰকাৰক মে' মাহৰ ভিতৰত কথা মতে এক লাখ চাকৰি দিয়াৰ বাবে দাবী জনায় ।

ইফালে ৰাজ্যৰ প্ৰতিখন জিলাত চি বি এছ ই স্কুল মুকলি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত তেওঁ কয় যে সেয়া কেতিযাও গ্ৰহণযোগ্য নহয় । ইয়াৰ বিপৰীতে মাতৃভাষাৰ বিদ্যালয় মুকলি কৰক জিলাই জিলাই বুলি তেওঁ কয় ।

লগতে পঢ়ক :Akhil Gogoi Opposes Assam Govt : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ইতিহাসৰ সবাটোকৈ ঋণগ্ৰস্ত চৰকাৰ !

ABOUT THE AUTHOR

...view details