অসম

assam

বাৰিষাৰ পূৰ্বে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন

By

Published : Mar 1, 2020, 9:20 AM IST

শনিবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে ৰাজহ চক্ৰ বিষয়াসকলৰ উপৰিও আৰক্ষী, জলসম্পদ, গড়কাপ্তানি, গুৱাহাটী পৌৰ নিগম, এন ডি আৰ এফ, জিএমডিএ, ভূমি সংৰক্ষণ আদি বিভাগৰ উচ্চপদস্থ বিষয়াসকল ৷

Kamrup District Administration has taken precautions before monsoon
বাৰিষাৰ পূৰ্বে তৎপৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন

গুৱাহাটী,1 মাৰ্চঃ বাৰিষা সমাগত ৷ বাৰিষাৰ পূৰ্বে অধিক তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ শনিবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে ৰাজহ চক্ৰ বিষয়াসকলৰ উপৰিও আৰক্ষী, জলসম্পদ, গড়কাপ্তানি, গুৱাহাটী পৌৰ নিগম, এন ডি আৰ এফ, জিএমডিএ, ভূমি সংৰক্ষণ আদি বিভাগৰ উচ্চপদস্থ বিষয়াসকল ৷ বাৰিষাৰ পূৰ্বেই আটাইকেইটা বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভা

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহত আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই সভাখনত আলোচনা কৰা হয় ৷ আনহাতে, বিদ্যুতৰ তাঁৰ, ট্ৰেঞ্চফৰ্মাৰসমূহ ভালদৰে পৰীক্ষা কৰিবলৈ এপিডিচিএলক নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক-বিতৰ্কমূলক ফেচবুক পোষ্টঃআদালতত হাজিৰ অধ্যাপক সৌৰদ্বীপ সেনগুপ্ত

ABOUT THE AUTHOR

...view details