অসম

assam

International Snake Bite Awareness Day: আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস পালন

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 9:56 PM IST

অসমত সৰ্প দংশনৰ বহু ঘটনা সংঘটিত হয় আৰু প্ৰত্যেক বছৰে বহু লোক মৃত্যুমুখত পৰে । সৰ্প দংশনৰ ক্ষেত্রত সজাগতা সৃষ্টিৰ লগতে চৰকাৰে সুচিকিৎসা ব্যৱস্থা কৰা উচিত । বৰ্তমান সময়তো চৰকাৰী চিকিৎসালয় সমূহত সৰ্প দংশনৰ উপযুক্ত চিকিৎসাৰ অভাৱ। সৰ্প দংশনকলৈ আছে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ । চৰজমিন তদন্তত চৰকাৰী চিকিৎসালয়ৰ অৱস্থা দেখি হতভম্ব ।

International Snake Bite Awareness Day
আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস পালন

আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস পালন

গুৱাহাটী,১৯ ছেপ্টেম্বৰ:আজি আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস । ২০১৮ চনৰ পৰা বিশ্বজুৰি এই দিৱসটো পালন কৰি অহা হৈছে । সৰ্প দংশনৰ বিশেষ প্ৰভাৱ থকা অসমত এইক্ষেত্রত চৰকাৰীভাৱে বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত নহ'ল । উল্লেখ্য যে অসমত সৰ্প দংশনৰ বহু ঘটনা সংঘটিত হয় আৰু প্ৰত্যেক বছৰে বহু লোক মৃত্যুমুখত পৰে । কিন্তু ৰাজ্যখনত প্ৰত্যেক বছৰে সৰ্প দংশনৰ কিমান ঘটনা সংঘটিত হয় নাইবা কিমান লোক মৃত্যুমুখত পৰে তাৰ সঠিক তথ্য চৰকাৰীভাৱে নাই ।

অৱশ্যে তথ্য বহু দূৰৈৰে কথা, এক কথাত ক'বলৈ গ'লে ৰাজ্যৰ বেছিসংখ্যক চৰকাৰী চিকিৎসালয়তে সৰ্প দংশনৰ উপযুক্ত চিকিৎসা সেৱাই উপলব্ধ নহয় । লক্ষণীয় বিষয় যে অসমত সৰ্প দংশনৰ বিষয়টোক লৈ ৰাইজ যথেষ্ট সজাগ-সচেতন নহয় । সৰ্প দংশনক লৈ আজিও ৰাইজ কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বলি হৈ আহিছে । যাৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। লক্ষণীয় বিষয় যে সৰ্প দংশনৰ এই বিষয়টোৰ ক্ষেত্রত ৰাইজক কুসংস্কাৰৰ পৰা মুক্ত কৰি সজাগ কৰাৰ বাবে কেতবোৰ সংস্থা তথা ব্যক্তিবিশেষে কাম কৰি আহিছে ।

তেনে এজন ব্যক্তি হৈছে বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া । অসমত সৰ্প দংশনৰ বিষয়টোত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে উপযুক্ত চিকিৎসা সেৱা প্ৰযোজ্য কৰাৰ বাবে কাম কৰি অহা ডঃ শইকীয়াই ইটিভি ভাৰতৰে হোৱা এক সাক্ষাতকাৰত এই সন্দৰ্ভত কেতবোৰ দিশত আলোকপাত কৰে । তেওঁ কয় যে বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো সৰ্প দংশনৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ।

ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে অবাধ গতিত বন ধ্বংস আৰু আন এক বিশেষ কাৰণ হ'ল সৰ্পই দংশন কৰিলে ইয়াৰ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত সাধাৰণ নাগৰিকৰ মাজত সজাগতাৰ অভাৱ । সজাগতা অভাৱৰ লগতে বৰ্তমান সময়তো চৰকাৰী চিকিৎসালয় সমূহত এই চিকিৎসাৰ সু-ব্যৱস্থাৰ অভাৱ আছে । আজিও অসমৰ বহু চৰকাৰী অসামৰিক চিকিৎসালয়, মডেল হস্পিতাল আদিত কম পৰিমানৰ এন্টি স্নেক ভেনম উপলব্ধ যদিও গৰিষ্ঠ সংখ্যক চিকিৎসালয়ত উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক, চিকিৎসা কৰ্মী আৰু বিচনাৰ অভাৱ আছে ।

যাৰ বাবে প্ৰতি বছৰে শতাধিক লোকৰ সৰ্প দংশনৰ ফলত মৃত্যু হয় । তেওঁ লগতে কয় যে অলপতে তেওঁ লখিমপুৰৰ লালুক মডেল হস্পিতাল, নাওবৈছা অসামৰিক চিকিৎসালয়, গহপুৰ শ্বহীদ কনকলতা বৰুৱা মহকুমা চিকিৎসালয়, বিশ্বনাথ মহকুমা চিকিৎসালয়, নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, মিৰ্জা অসামৰিক চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে ।

কাৰণ এই সমূহ চিকিৎসালয়ত সৰ্প দংশনৰ কোনো ধৰণৰ উপযুক্ত চিকিৎসা ব্যবস্থা নথকাৰ লগতে উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকৰো অভাৱ তেওঁ প্ৰত্যক্ষ কৰে । তেওঁ কয় যে ইয়াৰ দ্বাৰা সাধাৰণ নাগৰিকৰ মৌলিক অধিকাৰৰ লগতে মানৱ অধিকাৰ উলংঘা কৰা হৈছে । তেওঁ অভিযোগ কৰি কয় যে অসম চৰকাৰে চিকিৎসালয়ৰ নামত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মান কৰিছে যদিও উপযুক্ত চিকিৎসা সেৱা উপলব্ধ হোৱাকৈ আন্তঃগাঠনি নিৰ্মাণ কৰা নাই ।

শেহতীয়াকৈ তেওঁ কৰা চৰজমিন তদন্ত কৰি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰাৰ পিছতে ১২ ছেপ্টেম্বৰত গহপুৰ মহকুমা চিকিৎসালয়ত ছজন চিকিৎসকক নিযুক্তি দিয়া বুলি তেওঁ সদৰি কৰে । ইয়াৰ পৰৱৰ্তী সময়ত অলপতে সৰ্প দংশনৰ বিশেষজ্ঞ চিকিৎসক ডাঃ সুৰজিত গিৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে স্বাস্থ্য বিভাগে নিৰ্দেশনা দিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

তেওঁ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগক অট্টালিকা নিৰ্মাণৰ বিপৰীতে সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি অধিক দায়বদ্ধতাৰে চিকিৎসা সেৱা আগবঢ়াবলৈ আহ্বান জনায় । আনহাতে তেওঁ শেহতীয়াকৈ সৰ্প দংশনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত লোৱা কৰ্ম আঁচনি তথা প্ৰশিক্ষণ ব্যৱস্থাৰ বাবে চৰকাৰৰ শলাগ লয় । লগতে তেওঁ অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ লোকক বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:Meri Maati Mera Desh: হোজাইত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details