ETV Bharat / state

Meri Maati Mera Desh: হোজাইত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 8:44 PM IST

ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা আৰম্ভ হ'বলগীয়া 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰাৰ লগত সংগতি ৰাখি হোজাই জিলাতো অনুষ্ঠিত কৰা হয় এখন সভা । জিলা আয়ুক্ত লাচিত কুমাৰ দাসে শুভাৰম্ভ কৰে 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত অমৃত কলহ যাত্ৰা ।

Amrit Kalah Yatra begins in Hojai
হোজাইত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ

হোজাইত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ

হোজাই,১৯ ছেপ্টেম্বৰ: দেশৰ ৰাজধানী দিল্লীৰ অমৃত উদ্যান নিৰ্মাণৰ বাবে আজি সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো মোৰ মাটি মোৰ দেশ অভিযানৰ অধীনত অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয় । ৰাজহুৱা প্ৰেক্ষাগৃহত, শঙ্কৰদেৱৰ নগৰ হোজাইত আজি হোজাই জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে জিলা পৰ্যায়ৰ এই যাত্ৰাৰ শুভাৰম্ভ কৰে ।

উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিখন গাঁও আৰু নিৰ্বাচিত পৌৰসভাৰ প্রতি ঘৰৰ পৰা এমুঠিকৈ মাটি এই অভিযানৰ অধীনত সংগ্রহ কৰা হ'ব । বুধবাৰৰপৰা ১ অক্টোবৰলৈ এই মাটি সংগ্ৰহ কাৰ্যসূচী অব্যাহত থাকিব । ২ অক্টোবৰত এই মাটি ভৰ্তি কলহলৈ অমৃত কলহ যাত্ৰা আৰু বীৰ বন্দনা কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । ৮ ৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত জিলা ভেদে অমৃত কলহ শোভাযাত্ৰাৰ পিছত এই মাটি ভৰ্তি কলহ ৰাজ্যৰ ৰাজধানী গুৱাহাটীলৈ ২৫ অক্টোবৰত প্ৰেৰণ কৰা হ'ব ।

২৬ অক্টোবৰত ৫৪০ টা কলহ গুৱাহাটীৰ শ্ৰীমন্ত কলাক্ষেত্ৰত সংগ্ৰহ কৰা হ'ব । ইয়াৰে ২৭০ টা কলহ ৰাজধানী দিল্লীৰ অমৃত উদ্যান নিৰ্মাণৰ বাবে প্ৰেৰণ কৰা হব । অৱশিষ্ট ২৭০ কলহৰ মাটি গহপুৰৰ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে সংৰক্ষণ কৰা হ'ব । উল্লেখযোগ্য যে মাটি দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পৰিয়ালে এমুঠি অন্ন প্ৰদান কৰিব পাৰিব । 'মোৰ দেশ মোৰ মাটি কাৰ্যসূচী' শুভাৰম্ভ কৰা এই অনুষ্ঠানত আজি লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, ৰামকৃষ্ণ ঘোষৰ উপৰিও জিলাখনৰ বিশিষ্ট নাগৰিকৰ লগতে আন ভালেমান ব্যক্তি,অনুষ্ঠান, প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা উপস্থিত থাকে ।

অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰা হয় । ইয়াৰ পিছতে উপস্থিত সকলোকে উদ্দেশ্য কৰি আয়ুক্তগৰাকীৰ লগতে উপস্থিত থকা বিধায়ক দুগৰাকীয়ে মোৰ মাটি মোৰ দেশ ওপৰৰ বিশদ বিৱৰণ দাঙি ধৰে । লগতে জিলাখনৰ সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Amrit Brikha Andolan 2023: নাহৰকটীয়াৰ অভয়পুৰত বিশ্ব অভিলেখ গঢ়া 70 শতাংশ অমৃত বৃক্ষই মাগিছে মেলানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.