অসম

assam

New education policy in Assam: নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

By

Published : Nov 30, 2022, 4:04 PM IST

SEBA

নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অবজেক্টিভ প্ৰশ্ন লাভ কৰিব । মুঠ ১০০ নম্বৰ ভিতৰত ৪৫ নম্বৰ হ'ব থিয়ৰীৰ আৰু ৪৫ নম্বৰ হ'ব অবজেক্টিভ । থাকিব ১০ নম্বৰ ইণ্টাৰনেল এছেছমেণ্টত । এম আই এলৰ পৰীক্ষা পূৰ্বৰ দৰেই অনুষ্ঠিত হ'ব (HSLC examination to held on new education policy)। ঐচ্ছিক বিষয়ৰো প্ৰশ্ন পূৰ্বৰ দৰেই থাকিব । গণিত বিষয়ৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ছেবাই বিশেষভাৱে প্ৰস্তুত কৰিব উত্তৰবহী ।

গুৱাহাটী,৩০ নৱেম্বৰ :২০২৩ বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন শিক্ষানীতি (New education policy to be introduced from 2023)। সেই অনুসৰি নতুন শিক্ষানীতিৰ আধাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব । যাৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই এতিয়াৰে পৰা আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি (SEBA preparation on new education policy)।

নতুন শিক্ষানীতিৰ আধাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

উল্লেখ্য যে নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অবজেক্টিভ প্ৰশ্ন লাভ কৰিব । মুঠ ১০০ নম্বৰ ভিতৰত ৪৫ নম্বৰ হ'ব থিয়ৰীৰ আৰু ৪৫ নম্বৰ হ'ব অবজেক্টিভ । ইয়াৰোপৰি ১০ নম্বৰ থাকিব ইণ্টাৰনেল এছেছমেণ্টত । অৱশ্যে এম আই এলৰ পৰীক্ষা পূৰ্বৰ দৰেই অনুষ্ঠিত হ'ব ।

একেদৰে ঐচ্ছিক বিষয়ৰো প্ৰশ্ন পূৰ্বৰ দৰেই থাকিব । গণিত বিষয়ৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে ছেবাই বিশেষভাৱে প্ৰস্তুত কৰিব উত্তৰবহী । অবজেক্টিভ প্ৰশ্নৰ সমাধান কৰিবৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে সোঁ-দিশে থাকিব খালী ঠাই ।

উল্লেখ্য যে নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্যজুৰি শিক্ষা বিভাগৰ উদ্যোগত আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বিভিন্ন আলোচনা, পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে । নতুন শিক্ষানীতি কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্য চৰকাৰেও পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে । তেনে সময়তে ছেবাই ২০২৩ চনৰ মেট্ৰিক পৰীক্ষা নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰাত স্বাভাৱিকতেই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে ।

নতুন শিক্ষানীতিৰ আধাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

জানিব পৰা মতে ২০২৩ চনৰ মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam to be held in march next year)। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিজ্ঞান, গণিতকে ধৰি বিভিন্ন বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাসমূহ । উল্লেখ্য যে নতুন শিক্ষা নীতিৰ আৰ্হিত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত যথেষ্ট পৰিৱৰ্তন হ'ব । ছেবাৰ সূত্ৰই জনোৱা মতে ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত প্ৰথমবাৰৰ বাবে থাকিব অবজেক্টিভ । ছাত্ৰ-ছাত্ৰীসকলে টিক মাৰি শুদ্ধ উত্তৰ বাছনি কৰিব লাগিব ৷ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে এক নম্বৰকৈ থাকিব । লগতে হ'ব লিখিত প্ৰশ্নোত্তৰৰ । ইয়াত ২, ৩ আৰু ৪ নম্বৰৰ প্ৰশ্ন থাকিব ।

নতুন শিক্ষানীতি মর্মে ছেবাই আগন্তুক বৰ্ষৰ পৰা নতুন প্রশ্নৰ আৰ্হিৰ মেট্ৰিকৰ আয়োজন কৰিব । উল্লেখ্য যে যোৱা ৩০ অক্টোবৰতে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ২০২৩ বৰ্ষৰ নতুন পৰীক্ষাৰ আৰ্হি ৰাজহুৱা কৰিছিল । সেই অনুসৰি ইতিমধ্যে ২০২২-২৩ বৰ্ষৰ নৱম শ্ৰেণীৰ ইউনিট টেষ্ট, ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা আৰু দশম শ্ৰেণীৰ ইউনিট টেষ্ট, ছমহীয়া পৰীক্ষা, প্রীবৰ্ড পৰীক্ষা অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক :DU ragging controversy : কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি ছাত্ৰাৱাসৰ অধীক্ষকৰ

ABOUT THE AUTHOR

...view details