গুৱাহাটী, 11 আগষ্ট: "এয়া চাহ শ্ৰমিকসকলৰ বাবে এক ঐতিহাসিক দিন ৷ শেহতীয়াকৈ আমাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ ২৭ টকাকৈ বৃদ্ধি কৰা হৈছে ৷ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্ত অতিকৈ আদৰণীয় আৰু ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে ৷ ড৹ হিমন্ত বিশ্ব শমাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই যোৱা ফ্ৰেব্ৰুৱাৰী মাহত চাহ শ্ৰমিক সকলৰ মজুৰি 38 টকাকৈ বৃদ্ধি কৰিছিল ৷ অর্থাৎ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শাসনৰ মাত্ৰ 15 টা মাহতেই চাহ শ্ৰমিকৰ মজুৰি 65 টকা বৃদ্ধি হৈছে(Historic Day For The Tea Garden Workers)৷" ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস আৰু মুখপাত্ৰ মনোজ বৰুৱাই বৃহস্পতিবাৰে দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে (Pallab Lochan Das Press on Meet daily wage for tea workers increases)৷
উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ইণ্ডিয়ান টি এছ’চিয়েচন, নৰ্থ-ইষ্টার্ণ টি এছ'চিয়েচন, টি এছ’চিয়েচন অব ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েচন আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় (Assam CM met with various organizations involved in tea sector) । এই বৈঠকত ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Minimum daily wage for tea workers increases by Rs 27 each) । ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম দৈনিক মজুৰি ২৩২ টকা আৰু বৰাক উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২১০ টকালৈ বৃদ্ধি হয় ৷