অসম

assam

অশ্ৰুসিক্ত নয়নেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন

By

Published : Oct 5, 2022, 7:11 PM IST

j

ষষ্ঠীৰ দিনা যুৰীয়া বেল বৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি (Durga Idol immersion in Assam) দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হয় । মহানগৰীৰ লাচিত ঘাট, পাণ্ডু ঘাট, চন্দ্ৰপুৰ ঘাট আৰু সাওকুছি ঘাটৰ উপৰি আজাৰা আৰু সোণাপুৰত পাঁচ শতাধিক প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা । দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহোৎসৱৰ পাৰভঙা আনন্দৰ ।

গুৱাহাটী, ৫অক্টোবৰ:হাতীত উঠি সৰগৰ পৰা মৰতলৈ আগমন ঘটা দশভূজা দেৱী দুৰ্গাই আজি নাৱেৰে গমন কৰে । ষষ্ঠীৰ দিনা যুৰীয়া বেলেৰে বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হয় । দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহোৎসৱৰ পাৰভঙা আনন্দৰ । বুধবাৰে ৰাজ্যজুৰি বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ । ভক্তগণে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে মা দুৰ্গাক (Vijaya dashami celebretes in Assam) ।

অশ্ৰুসিক্ত নয়নেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন

উল্লেখ্য় যে ষষ্ঠীৰ পৰা মহা নৱমীলৈ দেৱীৰ আশীষ ল'বলৈ ভক্তসকলে ভিৰ কৰে পূজাস্থলীত (Durga Puja 2022 in Assam)। বিগত বর্ষ সমূহৰ দৰে এইবাৰো মহানগৰীত পাঁচ শতাধিক ৰাজহুৱা পূজা অনুষ্ঠিত হয় (Durga Puja at Guwahati)। প্ৰতিমা বিসৰ্জনত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰবাবে মহানগৰীৰ লাচিত ঘাট, পাণ্ডু ঘাট, চন্দ্ৰপুৰ ঘাট, আৰু সাওকুছি ঘাটৰ উপৰি আজাৰা আৰু সোণাপুৰত ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ ছটা স্থানত প্ৰতিমা বিসৰ্জনৰ (Durga Idol immersion in Assam) ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা কৰা হয় ।

অশ্ৰুসিক্ত নয়নেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন

গুৱাহাটীৰ সৰ্বাধিক প্ৰতিমা লাচিত ঘাট (Durga Idol immersion at Lachit Ghat) আৰু পাণ্ডু ঘাটত বিসৰ্জনৰ ব্যৱস্থা কৰা হয়। দুপৰীয়াৰ পৰাই গুৱাহাটীত প্ৰতিমা বিসৰ্জনৰ পৰ্ব আৰম্ভ হৈছে । লাচিত ঘাটত দুই শতাধিক প্ৰতিমা বিসৰ্জন কৰা হ'ব বুলি জানিব পৰা গৈছে । ইফালে, প্ৰতিমা বিসৰ্জনৰ বাবে গুৱাহাটীৰ ৰাজপথত যান-বাহন চলাচলৰ ক্ষেত্রত কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে ।

অশ্ৰুসিক্ত নয়নেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন

আনহাতে,পূজা সমিতিসমূহৰ বাবেও প্ৰতিমা বিসৰ্জনৰ ক্ষেত্রত কেতবোৰ নিয়ম প্ৰযোজ্য কৰা হৈছে । প্ৰতিখন মণ্ডপৰ কেৱল নিৰ্দিষ্টসংখ্যক লোককহে ঘাটলৈকে যোৱাৰ অনুমতি দিয়া হৈছে । ইফালে, প্ৰতিমা বিসৰ্জনৰ ঘাটসমূহত জিলা প্ৰশাসন, আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি সেৱা বাহিনী আদিৰ লোক নিযোজিত হৈ আছে ।

ভক্তসকলে নাচি-বাগি আনন্দ-স্ফুৰ্টি কৰি দেৱী দুৰ্গাক বিসৰ্জন দিয়ে যদিও যথেষ্ট অবেগিক হৈ পৰাও পৰিলক্ষিত হয় । ইফালে, বিসৰ্জন পৰ্ব দেখাৰ বাবে ঘাটসমূহ লোকে লোকাৰণ্য হৈ পৰে । সমান্তৰাকৈ শোভাযাত্রা কৰি লৈ যোৱা দেৱী দুৰ্গাৰ প্ৰতিমাসমূহক বিদায় দিয়াৰ বাবেও ৰাজপথসমূহত অভাৱনীয় ভিৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক:অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় দিয়াৰ প্ৰস্তুতি পূজা মণ্ডপত

ABOUT THE AUTHOR

...view details