অসম

assam

Ghy Electricity Connection: হ’ল্ডিং নম্বৰ অবিহনে গুৱাহাটীত লাভ নকৰিব বিদ্যুৎ সেৱা

By

Published : Jan 20, 2023, 7:16 PM IST

Ghy Electricity Connection
হ’ল্ডিং নম্বৰ অবিহনে গুৱাহাটীত লাভ নকৰিব বিদ্যুৎ সেৱা

নতুন বিদ্যুৎ সংযোগৰ বাবে গুৱাহাটীত বাধ্যতামূলক হ’ব হ’ল্ডিং নম্বৰ ৷ 31 জানুৱাৰীলৈকে 30 শতাংশ ৰেহাই মূল্যত হ’ল্ডিং নম্বৰ লাভ কৰিব পাৰিব গুৱাহাটীবাসীয়ে ৷ ইফালে, বৰ্তমানেও GMCয়ে পাবলৈ আছে 184 কোটি টকাৰ কৰ ৷

হ’ল্ডিং নম্বৰ অবিহনে গুৱাহাটীত লাভ নকৰিব বিদ্যুৎ সেৱা

গুৱাহাটী, 20 জানুৱাৰী: গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা নতুন বিদ্যুৎ সংযোগৰ বাবে বাধ্যতামূলক হ'ব হ'ল্ডিং নম্বৰ । পুৰণি সংযোগৰ বাবেও হ'ল্ডিং নম্বৰ APDCL(Assam Power Distribution Company Limited)ৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক হ'ব । এই কথা শুকুৰবাৰে এক সংবাদমেলযোগে সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই(Mayor Mrigen Sarania) ।

মেয়ৰ মৃগেন শৰণীয়াই কয়,‘‘ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰিছে APDCL আৰু GMCক । বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা সম্পত্তিৰ কৰ সংগ্ৰহৰ বাবে APDCL ৰ সৈতে চুক্তি কৰি বিদ্যুৎ সংযোগত হল্ডিং নম্বৰটো(GMC Holding Number) বাধ্যতামূলক কৰা হৈছিল । মহানগৰীত বৰ্তমানলৈ 1 লাখ 65 হাজাৰ হ'ল্ডিং নম্বৰ সংযোগ আছে আৰু প্ৰায় 1 লাখ বাকী আছে । 50 শতাংশ ৰেহাইত 15 জানুৱাৰীলৈ হল্ডিং নম্বৰ দিয়া হৈছিল(GMC Holding Number Mandatory for New Electricity connection) ।’’

উল্লেখ্য যে, 16 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ 30 শতাংশ ৰেহাইত হল্ডিং নম্বৰ দিয়াৰ ব্যৱস্থা কৰিছে জি এম চিয়ে । সংবাদমেলত মেয়ৰ শৰণীয়াই কয়, ‘‘বৰ্তমানলৈ 84 কোটি টকা সম্পত্তি কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে জি এম চি য়ে । ইয়াৰ ভিতৰত 43 কোটি টকা আদায় নিদিয়া পুৰণি সম্পত্তি কৰ সংগ্ৰহ কৰা হৈছে(GMC revenue collection) । এতিয়াও GMC য়ে পাবলৈ আছে প্ৰায় 184 কোটি টকা ।’’

সংবাদমেলত সদৰী কৰা তথ্য অনুসৰি 40 লাখ পৰ্যন্ত এজন ব্যক্তিয়ে সম্পত্তিৰ কৰ দিবলৈ বাকী আছে । লাখতকৈ অধিক কৰ আদায় দিবলৈ 10 হাজাৰতকৈও অধিক লোক বাকী আছে ৷ সেয়েহে কৰ দিবলৈ থকাসকলক শীঘ্ৰেই আদায় দিবলৈ আহ্বান GMCৰ । অন্যহাতে বিহিত ব্যৱস্থা গ্ৰহণৰো ইংগিত দিয়ে GMC য়ে ।

আনহাতে, বাৰিষাৰ পূৰ্বে মহানগৰীত থকা 5খনকৈ নৈ বাহিনী, ভৰলু , মৰা ভৰলু, বশিষ্ঠ , লখিমীজান পৰিষ্কাৰৰ বাবে শণিবাৰে দিয়া হ’ব টেণ্ডাৰ । 4খন নৈ পৰিষ্কাৰৰ বাবে 19 কোটি 43 লাখ টকা দিয়াৰ লগতে লখিমীজানৰ বাবে 1 কোটি 94 লাখ টকা আবন্টন দিয়া হ’ব ।

উল্লেখ্য যে, মহানগৰীৰ 143 টা নলা নিষ্কাষণৰ 6.50 কোটি টকাৰ নিবিদা বিচৰা হৈছে । তদুপৰি মহানগৰীৰ 300 তকৈ অধিক পথ নিৰ্মাণৰ বাবে 200 কোটিতকৈ অধিক টকা আৱন্টন দিয়া হৈছে ৷ এই কথা সংবাদমেলত সদৰী কৰে মেয়ৰ মৃগেন শৰণীয়াই ৷ লগতে ভৰলু নৈত হোৱা বেদখল উচ্ছেদৰ বাবে ৰাজহ চক্ৰ বিষয়াক অৱগত কৰা হৈছে বুলিও মন্তব্য মেয়ৰগৰাকীৰ ৷

G20 ক লৈয়ো প্ৰস্তুতি আৰম্ভ কৰিছে GMC য়ে । য'তে ত'তে প'ষ্টাৰ লগোৱাক লৈ কঠোৰ হৈছে GMC । মহানগৰীৰ যিকোনো ঠাইত লগাব নোৱাৰিব প'ষ্টাৰ । নিৰ্মাণ কাৰ্য চলি থকা বিল্ডিংসমূহ ঢাকি ৰাখিব লাগিব ।

লগতে পঢ়ক:Lok Sabha Election 2024 : সংসদত নীৰৱ অসমৰ অধিকাংশ সাংসদ

ABOUT THE AUTHOR

...view details