ETV Bharat / state

দাম বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত চি‌ পি‌ আই এমৰ প্ৰতিবাদ - Protest in Guwahati

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:24 PM IST

CPIM Protest in Guwahati : দাম বৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে চি পি আই (এম)এ গুৱাহাটীৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি দলক শাসনৰ সকলো পৰ্যায়ৰ পৰা আঁতৰ কৰিব নোৱাৰিলে কেৱল মূল্যবৃদ্ধিয়ে নহয় জনসাধাৰণক প্ৰতিটো ক্ষেত্ৰতে বিপদ সৃষ্টি কৰি থাকিব বুলি কয় দলটোৱে ৷

CPIM Protest in Guwahati
দাম বৃদ্ধিৰ বিৰুদ্ধে চি‌ পি‌ আই এমৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

গুৱাহাটীৰ ৰাজপথত চি‌ পি‌ আই এমৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

গুৱাহাটী, 18 মে': মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত নামিল চি পি আই (এম) ৷ শনিবাৰে অত্যাৱশ্যকীয় খাদ্য-বস্তু, পেট্ৰ'লজাত সামগ্ৰীকে ধৰি অন্যান্য সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে চি পি আই (এম)এ গুৱাহাটীৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশ লৈ প্ৰতিবাদকাৰীসকলে জীৱনদায়িনী ঔষধকে ধৰি সকলো ঔষধৰ দাম হ্ৰাস কৰা, নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধৰ বাবে যোগান বিভাগটোক কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা, পেট্ৰ'লজাত সামগ্ৰীকে ধৰি বিদ্যুৎ মাচুল তথা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আদিৰ দাবী জনায় ৷

কাৰ্যসূচীত অংশ লৈ চি পি আই এমৰ‌ নেতা ভবেন্দ্ৰ কুমাৰ কলিতাই কয় যে বিজেপি দলে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ঔষধ কোম্পানীকে ধৰি বিভিন্ন বৃহৎ বৃহৎ কোম্পানীৰ পৰা নিৰ্বাচনী ব'ণ্ডৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা সংগ্ৰহ কৰি বয়-বস্তুৰ দাম অবাধে বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন কৰাৰ সুযোগ সৃষ্টি কৰি দিলে ৷ তেওঁ লগতে কয় য়ে বিজেপি দলক শাসনৰ সকলো পৰ্যায়ৰ পৰা আঁতৰ কৰিব নোৱাৰিলে কেৱল মূল্যবৃদ্ধিয়ে নহয় জনসাধাৰণক প্ৰতিটো ক্ষেত্ৰতে বিপদ সৃষ্টি কৰি থাকিব ৷

চি পি আই (এম)ৰ ৰাজ্যিক নেতা শতঞ্জীৱ দাস উপস্থিত থাকি কয় যে, কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে বিগত সময়ত বয়-বস্তুৰ দাম হ্ৰাস কৰাৰ পদ্ধতিগত ব্যৱস্থা কৰাৰ সলনি চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰী তথা বিধায়কে কিছুমান তুলুঙা মন্তব্য দিয়াহে দেখা গ'ল ৷ অতি আশ্বৰ্যকৰ বিষয় যে দেশত নিৰ্বাচন চলি থকাৰ সময়তে 800 বিধ জীৱনদায়িনী ঔষধকে ধৰি আলু-পিঁয়াজ ইত্যাদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী তথা গৃহ নিৰ্মাণ সামগ্ৰী, বিদ্যুৎ মাচুল, পেট্ৰ'লজাত সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি কৰি শলঠেকত পেলাইছে জনসাধাৰণক ৷ ফলত সাধাৰণ খাতি খোৱা ৰাইজে দাইল-চেনী, মাছ-মাংস আদি ক্ৰয় কৰাৰ দূৰৰ কথা সাধাৰণ বেমাৰৰ চিকিৎসাৰ ঔষধ ক্ৰয় কৰি জীৱন বচোৱাটোৱেই দুৰূহ হৈ পৰিছে ৷ আনকি চৰকাৰৰ ধাৰাবাহিক দাম বৃদ্ধিৰ নীতিয়ে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালক আৰ্থিক দিশত মাৰত্মকভাৱে আক্ৰান্ত কৰিছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক : কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনত আশাহত ৰাজ্যৰ কৃষক - Assam Agriculture Department

লগতে পঢ়ক : শিক্ষাৰ্থীৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে - Mid Day Meal SCHEME

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.