Lok Sabha Election 2024 : সংসদত নীৰৱ অসমৰ অধিকাংশ সাংসদ

author img

By

Published : Jan 20, 2023, 3:22 PM IST

Lok Sabha Election 2024

সংসদত প্ৰদান বৰুৱা, বদৰুদ্দিন আজমল, হৰেন সিং বে’, ৰাজদ্বীপ ৰায়ৰ শোচনীয় প্ৰদৰ্শন। অসমৰ অধিকাংশ সাংসদৰে সংসদত পাৰদৰ্শিতা ৰাষ্ট্ৰীয় গড়তকৈ কম । লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই শপত লোৱাৰ পাচত বিগত চাৰি বছৰত এটাও বিতর্কত অংশ লোৱা নাই । সাংসদ হৰেনছিং বে'ই তিনিটা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে মাত্ৰ ৬ টা । সংসদৰ অধিৱেশনত ৪৮ শতাংশ উপস্থিত থকা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ২১ টা বিতর্কত অংশ লৈছে আৰু প্ৰশ্ন সুধিছে ১৯১ টা ।

গুৱাহাটী, ২০ জানুৱাৰী : সংসদত অসমৰ সমস্যাসমূহ উত্থাপন কৰি সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে ৰাইজে নিৰ্বাচন কৰি পঠিওৱা জনপ্ৰতিনিধিসকল সদনত কিমান সৰৱ ? সাধাৰণতে এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে । অসমৰ সাংসদসকলৰ বেলিকা এই প্ৰশ্নৰ উত্তৰ বিশেষ সন্তোষজনক নহয় । কাৰণ অসমৰ বেছিসংখ্যক সাংসদেই সদনত নীৰৱ হৈ থাকে ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ আছে । ২০২৪ চনৰ অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন (Lok Sabha Election 2024) । ইতিমধ্যে শাসকীয় বিজেপি দলে একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদী দখলৰ লক্ষ্যৰে এতিয়াৰে পৰাই কুচকাৱাজ আৰম্ভ কৰিছে । এনে সময়তে বিগত প্ৰায় চাৰি বছৰে সংসদৰ মজিয়াত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নৰ বাবে কি ভূমিকা পালন কৰিলে সেয়া এক প্ৰশ্নৰ বিষয় ।

বিগত সময়ত সংসদৰ মজিয়াত অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা মাত্ৰ কেইজনমান সাংসদেহে মাত মতা পৰিলক্ষিত হ’ল । ইয়াৰ বিপৰীতে প্ৰদান বৰুৱাৰ দৰে সাংসদে বিগত চাৰি বছৰত ৰাইজৰ কথা ক’বলৈ বিশেষ সময়েই উলিয়াব নোৱাৰিলে । সপ্তদশ লোক সভাত সাংসদ বৰুৱাই এতিয়ালৈকে এটাও বিতর্কত অংশ লোৱা নাই ।

মৌলানা বদৰুদ্দিন আজমল: কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হোৱা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সংসদৰ অধিৱেশনৰ সময়ছোৱাত উপস্থিতিৰ হাৰ হৈছে মাত্ৰ ৪৮ শতাংশ । ইফালে সপ্তদশ লোক সভাত উপস্থিতিৰ হাৰ কম হ’লেও ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ২১ টা বিতর্কত অংশ লৈছে আৰু ১৯১ টা প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : AIUDF Congress Alliance: আমাৰ লগত হাত নিমিলালে কংগ্ৰেছ শূন্যত থাকিব: আজমল

প্ৰদান বৰুৱা: তথ্য অনুসৰি, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই শপত লোৱাৰ পাচত বিগত চাৰি বছৰত এটাও বিতর্কত অংশ লোৱা নাই । এই সময়ছোৱাত তেওঁ মাত্ৰ ১৫ টা প্ৰশ্নহে উত্থাপন কৰিছে । ইয়াৰ বিপৰীতে প্ৰশ্ন সোধাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ১৫৬ টা আৰু বিতৰ্কৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৩৯.৭ টা । লক্ষণীয় বিষয় যে, সংসদত বিতৰ্কত অংশ লোৱা বা প্ৰশ্ন নুসুধিলেও প্ৰদান বৰুৱাৰ উপস্থিতিৰ হাৰ হৈছে ৮০ শতাংশ ।

হৰেনছিং বে’: প্ৰদান বৰুৱাৰ পাচতে এই ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে স্বায়ত্তশাসিত জিলাৰ সাংসদ হৰেণচিং বে'ই । সাংসদ হোৱাৰ পাচত এতিয়ালৈকে বে’ই তিনিটা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে মাত্ৰ ৬ টা । সংসদত তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৭৩ শতাংশ ।

Lok Sabha Election 2024
lতপন গগৈৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৭৮ শতাংশ

তপন গগৈ: যোৰহাটৰ সাংসদ তপন গগৈয়েও বিগত সময়ছোৱাত মাত্ৰ ৬ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে মাত্ৰ ৭ টাহে । গগৈৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৭৮ শতাংশ ।

ডাঃ ৰাজদ্বীপ ৰয়: শিলচৰৰ বিজেপিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ো বিৰোধী দলৰ সাংসদসকলতকৈ এইক্ষেত্ৰত বহু পিছ পৰি আছে । ৰয়ে এতিয়ালৈকে ৩৩ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন উত্থাপন কৰিছে ৩১ টা । তেওঁৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৮৬ শতাংশ ৷

Lok Sabha Election 2024
সংসদত ৮০ শতাংশ উপস্থিত থকা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস

পল্লৱ লোচন দাস: সংসদত ৮০ শতাংশ উপস্থিত থকা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে বিগত সময়ছোৱাত ১৪ টা বিতৰ্কত অংশ লৈছে আৰু ১০৪ টা প্ৰশ্ন সুধিছে ।

Lok Sabha Election 2024
গুৱাহাটীৰ সাংসদ কুইন ওজাই ২১ টা বিতৰ্কত অংশ

কুইন ওজা: গুৱাহাটীৰ সাংসদ কুইন ওজাই ২১ টা বিতৰ্কত অংশ লৈছে আৰু প্ৰশ্ন সুধিছে ১১১ টা । তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৭১ শতাংশ । সংসদৰ মজিয়াত বিতর্কত অংশগ্ৰহণ কৰা অথবা প্ৰশ্ন উত্থাপন কৰা এই দুয়োটা ক্ষেত্ৰতে ৰাজ্যখনৰ এইসকল সাংসদ ৰাষ্ট্ৰীয় গড়তকৈ বহু পিছপৰি আছে ।

লগতে পঢ়ক : Lok Sabha Election 2024: টিকট দিলেও লোকসভা নিৰ্বাচন নেখেলে লখিমপুৰৰ প্ৰাক্তন বিধায়কে

কৃপানাথ মাল্লা: কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই ৯ টা বিতর্কত অংশ লোৱাৰ লগতে ২০০ টা প্ৰশ্ন উত্থাপন কৰিছে । তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৬৩ শতাংশ ।

গৌৰৱ গগৈ: কংগ্ৰেছৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়েও ৬৫ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন উত্থাপন কৰিছে ১৭৪ টা । সংসদত ৭১ শতাংশ উপস্থিত থকা গৌৰৱ গগৈয়ে আনকি দুখনকৈ প্ৰাইভেট মেম্বৰ বিধেয়ক (ব্যক্তিগত বিধেয়ক) উত্থাপন কৰিছে ।

দিলীপ শইকীয়া: মঙলদৈ সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়াই সাংসদ হোৱাৰ পাচত এতিয়ালৈকে ৩৪ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে ২১৬ টা । শ‍ইকীয়াৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৭৬ শতাংশ ।

Lok Sabha Election 2024
২৬ টা বিতৰ্কত অংশ লৈছে নৱ শৰনীয়াই

নৱ কুমাৰ শৰণীয়া: কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এই সময়ছোৱাত ২৬ টা বিতৰ্কত অংশ লৈছে আৰু প্ৰশ্ন সুধিছে ১৫০ টা । তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৭৭ শতাংশ ।

আব্দুল খালেক: বৰপেটাৰ সাংসদ আব্দুল খালেকৰ উপস্থিতিৰ হাৰ ৰাজ্যৰ আন সাংসদসকলতকৈ অধিক । তেওঁৰ সংসদত উপস্থিতিৰ হাৰ ৯১ শতাংশ হোৱাৰ বিপৰীতে এই সময়চোৱাত ৫৭ টা বিতৰ্কত অংশগ্ৰহণ কৰিছে । পাঁচখনকৈ প্ৰাইভেট মেম্বৰ বিধেয়ক উত্থাপন কৰা খালেকে এই সময়ছোৱাত সোধা প্ৰশ্নৰ সংখ্যা হৈছে ২১৪ টা ।

প্ৰদ্যুৎ বৰদলৈ: নগাঁও সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিগত চাৰি বছৰত ২৭ টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন উত্থাপন কৰিছে ১৮৮ টা । সংসদত ৮০ শতাংশ উপস্থিত থকা বৰদলৈয়ে দুখনকৈ প্ৰাইভেট মেম্বৰ বিধেয়কো উত্থাপন কৰিছে ।

মন কৰিবলগীয়া কথা যে, অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোক সভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে সাংসদসকলৰ কাম-কাজ তথা পাৰদৰ্শিতা সন্দৰ্ভত গোপনে জৰীপ আৰম্ভ কৰিছে । অৱশ্যে এই জৰীপৰ ফলাফল কি হ’ব সেয়া সময়েহে ক’ব, যদিও সাংসদসকলৰ এনে স্থিতিয়ে বহু প্ৰশ্নৰে অৱতাৰণা কৰিছে ।

জনপ্ৰতিনিধিসকলৰ ভূমিকাই এতিয়া ভবাই তুলিছে সাধাৰণ জনতাক । সাংসদ ৰূপে নিৰ্বাচিত হৈ অহাৰ পাচত যদি সংসদৰ মজিয়াত নিজ ৰাজ্য তথা জাতি-মাটিৰ বাবে মাতেই নামাতে, তেনেহ’লে এনে সাংসদৰ প্ৰয়োজন কি বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক : Meghalaya assembly election 2023: মেন্দিপথাৰত নিৰ্বাচনী ৰণ ডংকা বজালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.