অসম

assam

কৃষি বিভাগত নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠনৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

By

Published : Sep 10, 2021, 9:27 PM IST

কৃষি, উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীয়ে । বিভাগৰ কাৰ্যপ্ৰণালী বৃদ্ধিৰ বাবে কাৰ্যবাহী অভিযন্তাসকলৰ প্ৰয়োজনীয় পদ সৃষ্টি কৰা আৰু বিভাগৰ বাবে এটা এছেট ৰেজিষ্টাৰ প'ৰ্টেলত আপলোড কৰাৰ নিৰ্দেশ ।

কৃষি বিভাগত নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
কৃষি বিভাগত নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

গুৱাহাটী,১০ ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কৃষি সঞ্চালকালয়ত কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ন'ডেল বিষয়াসকলৰ উপস্থিতিত কৃষি, উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে কৃষি বিভাগৰ বিষয়াসকলক কৃষকসকলৰ সৈতে সঘন যোগাযোগ বৰ্তাই বজাৰ সংলগ্নকৰণৰ লগতে উন্নত মানৰ শেহতীয়া কৃষি প্ৰযুক্তিৰ ব্যৱহাৰত সক্ৰিয় হোৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে ।

কৃষি বিভাগত নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, কৃষিভিত্তিক ৰাজ্য হিচাপে অসমৰ বাবে কৃষিয়েই হৈছে অৰ্থনীতিৰ মূল চালিকা শক্তি । বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষি বিষয়াসকলৰ উপযুক্ত পদোন্নতি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আগতীয়াকৈ বিভাগৰ খালী পদসমূহ পূৰণৰ নিৰ্দেশ দিয়ে । লগতে নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠন কৰিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে বিভাগৰ কাৰ্যপ্ৰণালী বৃদ্ধিৰ বাবে কাৰ্যবাহী অভিযন্তাসকলৰ প্ৰয়োজনীয় পদ সৃষ্টি কৰা আৰু বিভাগৰ বাবে এটা এছেট ৰেজিষ্টাৰ প'ৰ্টেলত আপলোড কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ।

সেইদৰে সঠিক বীজ সংগ্ৰহ আৰু বিতৰণৰ বাবে এটা বীজ প'ৰ্টেল স্থাপন কৰাৰো নিৰ্দেশ দিয়ে । আনহাতে প্ৰধানমন্ত্ৰী কিষাণ যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষি সিচাই যোজনা আদিৰ দৰে ৰাষ্ট্ৰীয় আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰৰ উপযুক্ত পৰ্যালোচনা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

কৃষি বিভাগত নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

লগতে পঢ়কঃ অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

মুখ্যমন্ত্ৰীয়ে সাৰ বিতৰণ নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ৰিটেইলাৰক পোনপটীয়াকৈ সাৰ প্ৰদান কৰিবলৈ ৩ মাহৰ ভিতৰত নিজাকৈ সাৰ বিতৰণ নেটৱৰ্ক বিকশিত কৰিবলৈ নিৰ্দেশ দিয়ে । কৃষি বিশ্ববিদ্যালয়ে নমুনা পৰীক্ষা কৰোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকসকলৰ দ্বাৰা সাৰ, কীটনাশক আদিৰ ব্যাপক ব্যৱহাৰৰ ওপৰত অধ্যয়ন কৰাৰ ক্ষেত্রত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনৰ পুঁজিৰ সৰ্বোত্তম ব্যৱহাৰৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী এই উদ্দেশ্যে প্ৰতিখন জিলা কৃষি কাৰ্যালয়ত এজন প্ৰ’গ্ৰাম বিষয়া, একাউণ্ট বিষয়া আৰু মিডিয়া বিশেষজ্ঞ নিয়োগ কৰাৰ কথা সদৰি কৰে ।

বৈঠকত কৃষি খণ্ডৰ বিকাশৰ বাবে ৰাজ্যখনৰ উদ্যানপালকসকলৰ এক মত বিনিময় অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উন্নত মানৰ বীজ উৎপাদনৰ বাবে কৃষি বিভাগ আৰু অসম বীজ কৰ্পৰ অধীনত বীজ ফাৰ্ম সক্ৰিয়কৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

আনহাতে পৰৱৰ্তী তিনি বছৰৰ বাবে সকলো বীজ প্ৰমাণ পত্ৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় । বৈঠকত কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়কঃ গৰ্গ চেটার্জীসহ কলকাতাৰ দুই বুদ্ধিজীৱীৰ বিৰুদ্ধে পুনৰ গ্রেপ্তাৰী পৰােৱানা

ABOUT THE AUTHOR

...view details