ETV Bharat / state

গৰ্গ চেটার্জীসহ কলকাতাৰ দুই বুদ্ধিজীৱীৰ বিৰুদ্ধে পুনৰ গ্রেপ্তাৰী পৰােৱানা

author img

By

Published : Sep 10, 2021, 7:50 PM IST

অসমীয়া বিদ্বেষী মন্তব্য কৰাৰ অভিযোগত কলকাতাৰ দুই বাঙালী বুদ্ধিজীৱী গর্গ চেটার্জী আৰু ৰঞ্জন ভট্টাচার্যৰ বিৰুদ্ধে নতুনকৈ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে আৰু ২১ ছেপ্তেম্বৰত তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ দিন ধার্য কৰা হৈছে । ১০/২০২০ নং গোচৰত পূৰ্বেও জাৰি কৰা হৈছিল গ্ৰেপ্তাৰী পাৰোৱানা । কলকাতাত গৈ বিফল হৈ ঘূৰি আহিবলগীয়া হৈছিল অসম আৰক্ষীৰ দল ।

গৰ্গ চেটার্জীসহ কলকাতাৰ দুই বুদ্ধিজীৱীৰ বিৰুদ্ধে পুনৰ গ্রেপ্তাৰী পৰােৱানা
গৰ্গ চেটার্জীসহ কলকাতাৰ দুই বুদ্ধিজীৱীৰ বিৰুদ্ধে পুনৰ গ্রেপ্তাৰী পৰােৱানা

গুৱাহাটী, ১০ ছেপ্তেম্বৰ : আহোম আৰু অসমীয়া বিদ্বেষী মন্তব্য কৰাৰ অভিযোগত কলকাতাৰ দুই বাঙালী বুদ্ধিজীৱী গর্গ চেটার্জী আৰু ৰঞ্জন ভট্টাচার্যৰ বিৰুদ্ধে নতুনকৈ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে আৰু ২১ ছেপ্তেম্বৰত তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ দিন ধার্য কৰা হৈছে । ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে।

re-arrest-warrant-against-two-kolkata-intellectuals-including-garg-chatterjee
গৰ্গ চেটার্জীসহ কলকাতাৰ দুই বুদ্ধিজীৱীৰ বিৰুদ্ধে পুনৰ গ্রেপ্তাৰী পৰােৱানা

দুয়োজন ব্যক্তিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত ৰুজু কৰা ১০/২০২০ নং গোচৰটোৰ সঠিক তদন্ত নোহোৱা বিষয়ক লৈ ন্যায়ালয়ৰ অধিবক্তা বনশ্ৰী গগৈয়ে দাখিল কৰা এখন লেখ আবেদনৰ শুনানিত চৰকাৰী অধিবক্তাই আদালতক এই কথা জনায় । আদালতে ৰাজ্য চৰকাৰক গ্ৰেপ্তাৰী পৰোৱানা কার্যকৰীকৰণ সন্দর্ভত পৰৱৰ্তী শুনানিত প্ৰতিবেদন দাখিল কৰিবলৈ আদেশ দিয়ে ।

লগতে পশ্চিমবংগ আৰক্ষীয়ে বিষয়টোত অসম আৰক্ষীক সহায় কৰিছে নে নাই সেই বিষয়েও জনাবলৈ আদেশ দিছে । উল্লেখযোগ্য যে, চিআইডিৰ গোচৰটোৰ তদন্ত সংক্ৰান্তত বিগত বৰ্ষত কলকাতালৈ যোৱা অসম আৰক্ষীৰ এটা দলক অভিযুক্তদ্বয়ৰ লগতে কলকাতা আৰক্ষীয়েও সহযোগ নকৰাৰ ফলত অসম আৰক্ষী বিফল হৈ ঘূৰি আহিব লগীয়া হৈছিল । তাৰ পাছত গোচৰটোৰ তদন্তক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল ।

লগতে পঢ়কঃ ডাঃ বিক্ৰমজিৎ বৰাৰ বাসগৃহত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অভিযুক্ত ব্যক্তিদ্বয়ৰ বিৰুদ্ধে অধিবক্তা বনশ্ৰী গগৈয়েই থানাত এজাহাৰ দাখিল কৰিছিল । লেখ আবেদনখনৰ এপ্ৰিল মাহত হোৱা শুনানিত আদালতে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যবস্থা সন্দর্ভত ৰাজ্য চৰকাৰৰপৰা প্ৰতিবেদন বিচাৰিছিল । সেই মৰ্মে বৃহস্পতিবাৰৰ শুনানিত চৰকাৰী অধিবক্তাই আদালতক জনায় যে চি আই ডিৰ গোচৰটোৰ সংক্ৰান্তত গর্গ চেটার্জী আৰু ৰঞ্জন ভট্টাচার্যৰ বিৰুদ্ধে জাৰি কৰা জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা কার্যকৰী নহ'ল ।

শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্তদ্বয়ৰ বিৰুদ্ধে নতুনকৈ জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে । এই পাৰোৱানা কার্যকৰী কৰি ২১ ছেপ্তেম্বৰত দুয়োজনকে আদালতত হাজিৰ কৰোৱাৰ দিন ধার্য কৰা হৈছে । চৰকাৰী পক্ষই এই কথা জনোৱাৰ পাছত আদালতে চৰকাৰক গ্ৰেপ্তাৰী পাৰৱানা কার্যকৰী কৰা বিষয়ক লৈ প্ৰতিবেদন দাখিল কৰিবলৈ আদেশ দিয়ে আৰু ২৭ অক্টোবৰত আবেদনখনৰ পৰৱর্তী শুনানিৰ দিন ধার্য কৰে ন্যায়ালয়ে ।

আদালতত আবেদনকাৰীৰ হৈ অধিবক্তা এ আৰ ভূঞাই যুক্তি প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে, বিগত বৰ্ষৰ জুন মাহত আহোম স্বৰ্গদেউ চাওলুং চুকাফাক অপমান কৰাৰ অভিযোগত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে থানত এজাহাৰ দাখিল কৰা হৈছিল ।

কলকাতাৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে টুইটাৰ যোগে আহোম স্বৰ্গদেউৰ প্ৰসংগত বহু বিতৰ্কিত তথা অপমানসূচক মন্তব্য কৰিছিল । এই ঘটনাৰ পাচতে অসম চৰকাৰৰ আদেশ মৰ্মে অসম পুলিছৰ এটা দল গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে কলকাতালৈ গৈছিল যদিও ভয়াৱহ প্ৰতিবাদৰ সন্মুখীন হৈছিল । অৱশেষত পুনৰ জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পাৰোৱানা।

লগতে পঢ়কঃ নাৰায়ণপুৰত এতিয়াও বিপদ সংকুলভাৱে চলি আছে নাওৰ যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.