অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

author img

By

Published : Sep 10, 2021, 8:36 PM IST

অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ
অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ ()

অসম চুক্তিৰ 6 নং দফা আৰু ৰাজ্য কঁপাই যোৱা এপিএচি(APSC) কাণ্ডৰ সৰ্ন্দভত শুকুৰবাৰে পাঠশালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱশৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাই ৷

পাঠাশালা, 10 ছেপ্তেম্বৰ : শুকুৰবাৰে পাঠশালত অৱশৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাই অসম চুক্তি আৰু ৰাজ্য কঁপাই যোৱা এপিএচি কেলংকাৰীৰ সৰ্ন্দভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ আছুকে ধৰি কেইবাগৰাকী বিশেষজ্ঞ ব্যক্তিক লৈ ন্যায়ধীশ বিপ্লৱ কুমাৰ নেতৃত্ব অসম চুক্তিৰ 6 নং দফা ৰূপায়ন কৰিবৰ বাবে এখন বিশেষজ্ঞ কিমিটি গঠন কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে ৷

অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

সেই বিশেষজ্ঞ কমিটিখনে নিদিষ্ট সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিছিল ৷ কিন্তু সেই প্ৰতিবেদন চৰকাৰক দাখিল কৰাৰ পাছতো কাৰ্যকৰি কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰিছে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাই ৷

লগতে পঢ়কঃ নাৰায়ণপুৰত এতিয়াও বিপদ সংকুলভাৱে চলি আছে নাওৰ যাতায়ত

সম্প্ৰতি অসম চৰকাৰে পুনৰ আকৌ এখন কমিটি গঠন কৰি দিছে আছুৰ তিনিগৰাকী সদস্য আৰু অসমৰ চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰীক লৈ ৷ আগন্তুক তিনিমাহৰ ভিতৰত এই কমিটিখনক প্ৰতিবেদন দাখিল কৰিবলৈ সীমা নিদ্ধাৰণ কৰা হৈছে ৷

আনহাতে ৰাজ্য কঁপাই যোৱা এপিএচি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰি থকা বিপ্লৱ কুমাৰ শৰ্মাই সদৰি কৰে যে, অতি শীঘ্ৰে এই এপিএচি কেলংকাৰী তদন্তৰ অন্ত পৰিব ৷ তেওঁ লগতে ইংগিত প্ৰদান কৰে যে, এই কেংলকাৰীত বৰ্তমানলৈকে অভিযুক্ত হৈ থকা 45 গৰাকী ৰাজপত্ৰিত বিষয়াৰ বাহিৰে আন কেইবাজনো ৰাজপত্ৰিত বিষয়া তদন্তৰ আওতালৈ আহিব পাৰে ৷

লগতে পঢ়কঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.