অসম

assam

CM Himanta Biswa Sarma: ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ হ'বলগীয়া বিদ্যালয় ভৱনৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : Jun 2, 2023, 9:46 PM IST

জনতা ভৱনত শিক্ষামন্ত্রীৰ উপস্থিতিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক ৷ চাহ বাগিচা অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হোৱা ১৯খন আদৰ্শ বিদ্যালয়ত অধ্যক্ষ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তৎকালীনভাৱে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ ৷ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা প্ৰাথমিক বিদ্যালয় আৰু পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হাইস্কুলৰ তালিকা প্ৰস্তুতৰ বাবে নিৰ্দেশনা মুখ্যমন্ত্রীৰ (CM Himanta Biswa Sarma) ৷

CM Himanta Biswa Sarma
জনতা ভৱনত শিক্ষামন্ত্রীৰ উপস্থিতিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

গুৱাহাটী, 2 জুন :ৰাজ্যৰ শিক্ষা খণ্ডৰ উত্তৰণৰ দিশত অসম চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে ৷ তাৰেই অংশ স্বৰূপে শুকুৰবাৰে জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হোৱা 19 খন আদৰ্শ বিদ্যালয়ত অধ্যক্ষ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তৎকালীনভাৱে সম্পূৰ্ণ কৰি তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি নতুন এই শিক্ষানুষ্ঠানসমূহত আচবাব, ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন আদিৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে এনে শিক্ষানুষ্ঠানসমূহত বৃক্ষ ৰোপণৰ বাবেও নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM meeting regarding education sector) ৷

অসম চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ অংশৰূপে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ হ'বলগীয়া বিদ্যালয় ভৱনসমূহৰ তালিক প্ৰস্তুত কৰিবলৈয়ো মুখ্যমন্ত্ৰী শিক্ষা বিভাগক নিৰ্দেশ দিয়ে ৷ আনহাতে চলিত শিক্ষাবৰ্ষত শিক্ষাৰ্থীৰ নামভৰ্ত্তিৰ পৰিসংখ্যা বিশ্লেষণ কৰি একত্ৰীকৰণৰ প্ৰয়োজনীয়তা থকা শিক্ষানুষ্ঠানৰ তালিকা জুলাই মাহৰ ভিতৰতে প্ৰস্তুত কৰাৰ লগতে চহৰাঞ্চলৰ শিক্ষানুষ্ঠানসমূহত থকা অতিৰিক্ত শিক্ষকৰ সংখ্যাৰ তালিকা প্ৰস্তুতৰ বাবেও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰী ৷ ইয়াৰ লগতে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা প্ৰাথমিক বিদ্যালয় আৰু পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হাইস্কুলৰ তালিকা প্ৰস্তুতৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে (CM Himanta Biswa Sarma) ৷

আনহাতে জনতা ভৱনত অনুষ্ঠিত আন এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা শিক্ষা খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় ৷ অভিযন্তা আৰু ঠিকাদাৰসকলৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্মাণকাৰ্যৰ পৰ্যালোচনা কৰাৰ লগতে আদৰ্শ বিদ্যালয় ভৱন, নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়, চৰকাৰী আইন মহাবিদ্যালয় আৰু চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে (Janta Bhawan) ৷

বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি আৰ চামাল, উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষা অভিযান অসমৰ মিছন সঞ্চালক ড৹ ওম প্ৰকাশ, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত তথা বিশেষ সচিব ৰাজ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল (Himanta Biswa Sarma meeting at Janata Bhawan) ৷

লগতে পঢ়ক:Orientation Programme at Kalakshetra: পৰ্যটন বিভাগত নৱ-নিযুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান

ABOUT THE AUTHOR

...view details