ETV Bharat / state

Orientation Programme at Kalakshetra: পৰ্যটন বিভাগত নৱ-নিযুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান

author img

By

Published : Jun 2, 2023, 6:37 PM IST

Orientation Programme at Kalakshetra
কলাক্ষেত্ৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

কলাক্ষেত্ৰত পৰ্যটন বিভাগত নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান ৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও পৰ্যটন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে তৃতীয় আৰু চতুৰ্থ বিভাগৰ নৱ-নিযুক্ত কৰ্মচাৰীসকল উপস্থিত থাকে (Orientation Programme at Kalakshetra) ৷

কলাক্ষেত্ৰত পৰ্যটন বিভাগত নৱ-নিযুক্ত কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান

গুৱাহাটী, 2 জুন : কলাক্ষেত্ৰত পৰ্যটন বিভাগত নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান ৷ পৰ্যটন বিভাগত প্ৰায় ডেৰ শতাধিক গৰাকী প্ৰাৰ্থীয়ে নতুনকৈ লাভ কৰিছে নিযুক্তি ৷ নিযুক্তি পোৱা কৰ্মচাৰীসকলক বিভাগটোৰ কাম-কাজ সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই অভিমুখীকৰণ অনুষ্ঠান ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও পৰ্যটন বিভাগৰ বিষয়া- কৰ্মচাৰীৰ লগতে তৃতীয় আৰু চতুৰ্থ বিভাগৰ নৱ নিযুক্ত কৰ্মচাৰীসকলে (Newly Recruited Tourisim Deparment Employees) ৷

এই সভাত নৱ-নিযুক্ত কৰ্মচাৰীসকলক পৰ্যটন বিভাগৰ কামসমূহ কেনেদৰে নিষ্ঠা সহকাৰে কৰিব পৰা যায় সেই সম্পৰ্কে আলোকপাত কৰা হয় ৷ ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বাবে বর্তমান অসম পৰ্যটনৰ ক্ষেত্ৰখনত বহুখিনি আগবাঢ়িছে ৷ এটা সময়ত বছৰি 40 লাখ পৰ্যটক আহিছিল অসমত, বৰ্তমান এই পৰিসংখ্যা এক কোটিলৈ বৃদ্ধি হৈছে ৷ বৰ্তমান বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ বহু ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানে হোটেল নিৰ্মাণৰ বাবে স্থান বিচাৰি আবেদন কৰে ৷ লগতে তেওঁ কয় যে, ইতিমধ্যে 'তাজে' চাৰিখনকৈ হোটেল নিৰ্মান কৰাৰ যোজা চলাইছে ৰাজ্যত (Orientation Programme) ৷

অসমত বিগত দুটা বছৰত পৰ্যটকৰ সোঁত বৃদ্ধি হৈছে ৷ বিগত দুটা বছৰত অসমৰ সামগ্ৰিক পৰিস্থিতিৰ যথেষ্ট উন্নত হৈছে ৷ বহুজাতিক প্ৰতিষ্ঠানে অসমত বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ অসমত পৰ্যটন ক্ষেত্ৰখনত বহু সম্ভাৱনীয়তা আছে ৷ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত ধৰ্ণা, পিকেটিং, আন্দোলন নাই বাবে তৈলখণ্ডত এই দুখন জিলাত সৰ্বাধিক 1000 হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহ কৰিব পৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে (Orientation Programme at Kalakshetra) ৷

80ৰ দশকৰ পৰা কিছু বছৰৰ আগলৈকে ৰাজনৈতিক নেতাৰ আশীষ থাকিলেহে এটা চাকৰি লাভ কৰিব পাৰিছিল নিবনুৱা যুৱক-যুৱতী সকলে ৷ তেতিয়া মানুহৰ মনত হতাশা হৈছিল কিন্তু এতিয়া পৰিৱৰ্তন হৈছে ৷ যোগ্যতাৰ ভিত্তিত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বহু নিবনুৱাই নিযুক্তি পাবলৈ সক্ষম হৈছে বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ তেওঁ আৰু কয় অসমৰ প্ৰথম প্ৰজন্ম আপোনালোক ৷ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি হোৱাৰ দৰে চাকৰি জীৱনটোও স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে কাম কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ এনেদৰে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলোৱে নিজৰ কাম-কাজ কৰি গৈ থাকিলে অতি কম দিনৰ ভিতৰত অসম ভাৰতৰ ভিতৰতে এখন অন্যতম অগ্ৰণী ৰাজ্যত পৰিণত হ’ব বুলিও কয় তেওঁ (Assam Govt Job) ৷

সকলোৱে সততাৰে কাম কৰি যাব লাগিব কৰ্মক্ষেত্ৰত ৷ বহু লোকে 500, 1000 টকা দিব ৷ সেই সময়ত নিজৰ সংযম ৰাখিব লাগিব ৷ তেতিয়া চিন্তা কৰিব লাগিব মই ৰাষ্ট্ৰৰ পৰিবৰ্তনৰ বাবে কাম কৰি আছোঁ; গতিকে দুৰ্নীতিৰ পৰা আঁতৰি থাকিম ৷ নিষ্ঠাৰে সকলোৱে নিজৰ কাম কৰি অসমক পৰিবৰ্তনৰ মূল ধাৰালৈ আগুৱাই নিব লাগিব বুলি মন্তব্য কৰি সকলোকে সময়মতে কাৰ্যালয়ত উপস্থিত হোৱাৰো আহ্বান মন্ত্ৰী গৰাকীৰ (Minister Jayanta Malla Baruah) ৷

আগন্তক এক ডেৰ বছৰলৈ কোনো চাকৰিৰ ট্ৰেন্সফাৰ লবলৈ যাতে নাহে , কোনো আৱেদন লৈ যাতে নাহে তাৰ বাবে সকীয়নী দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ য’ত মানুহ দৰকাৰ হ’ব তাতে লৈ যোৱা হ’ব বুলি কয় তেওঁ ৷ ৰাজ্যৰ সেৱা কৰিম বুলি কাম কৰিব লাগিব ৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলোকে নিজ স্থানৰ ওচৰতে চাকৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ কোনে ক’ত কেনেদৰে দায়িত্ব পালন কৰি আছে প্ৰতি মিনিটত মন্ত্ৰীয়ে খবৰ পাই থাকে ৷ গতিকে ফাঁকি মাৰি একো লাভ নহ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে (Department of Tourism Government Of Assam) ৷

মন্ত্ৰীয়ে ঘৰত বহি চাই থাকে কোন কৰ্মচাৰীয়ে কি কাম কৰি আছে ৷ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এতিয়া ক’ত কোনে, কেনেদৰে কাম কৰি আছে জানিব পৰা যায় ৷ যদিও তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি পাইছে বহু লোকৰ বহু বেলেগ বেলেগ যোগ্যতা আছে ৷ গতিকে নিৰীক্ষণ কৰি যোগ্যতাৰ ভিত্তিত যোগ্যজনক যোগ্য কাম দিয়া হ’ব ৷ বিভাগটোত যোগ্য লোকৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি সকলোকে নিজকে দক্ষ ৰূপত প্ৰতিষ্ঠা কৰাৰ আহ্বান মন্ত্ৰী জয়ন্ত মল্লৰ ৷ বিভাগটো উন্নয়নৰ বাবে সকলোৰে সহায়-সহযোগিতা বিচাৰে মন্ত্ৰী গৰাকীয়ে ৷ অনুষ্ঠানত অসম পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দ্ৰ সিং আদিকে ধৰি বিভাগটোৰ বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে (Assam govt recruitment 3rd and 4th grade) ৷

লগতে পঢ়ক: Assam Govt Job: হাজাৰ হাজাৰ নিবনুৱাই নিযুক্তি লাভ কৰা পাচতে ডিব্ৰুগড়ত হিয়াভগা কান্দোন দুটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.