অসম

assam

Chahabar day conference begins: মধ্য এছিয়াৰ সৈতে বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰিব ভাৰতে: সোণোৱাল

By

Published : Jul 31, 2022, 9:32 PM IST

Chahabar Day conference begins in Mumbai

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সহযোগত মুম্বাইত আয়োজন কৰা হয় ‘‘চাবাহাৰ দিৱস’’ (Chahabar Day conference begins in Mumbai)৷ এই দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে মধ্য এছিয়াৰ দেশসমূহৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ৷ এই অনুষ্ঠানতে ব্যয়সন্মত আৰু দ্ৰুত কাৰ্গ’ চলাচলৰ বাবে চাবাহাৰ হৈ আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰৰ উন্নত ব্যৱহাৰে বাণিজ্যৰ নতুন সুযোগ-সম্ভাৱনা মুকলি কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গুৱাহাটী, ৩১ জুলাই :কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণৰ চাবাহাৰ বন্দৰ ব্যৱহাৰৰ জৰিয়তে মধ্য এছিয়া অঞ্চলৰ সৈতে পাৰস্পৰিক বাণিজ্যিক সম্ভাৱনা উন্মুক্ত কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতি আৰু দায়বদ্ধতা দোহাৰে (Chahabar Day conference begins in Mumbai)।

এই কাৰ্যসূচীত উপস্থিত থাকে মধ্য এছিয়াৰ দেশসমূহৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত দেওবাৰে মুম্বাইত অনুষ্ঠিত ‘‘চাবাহাৰ দিৱস’’ উপলক্ষে মধ্য এছিয়াৰ দেশৰ ছয়খন দেশৰ উচ্চ পৰ্যায়ৰ বৈদেশিক প্ৰতিনিধি দলৰ সৈতে সোণোৱালে বিতংভাৱে বাৰ্তালাপ কৰে । ভাৰত আৰু মধ্য এছিয়াৰ মাজত কাৰ্গ’ৰ ব্যয়সন্মত চলাচলৰ বাবে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰৰ আৰম্ভণি উপলক্ষে এই দিৱস উদযাপন কৰা হয় ।

মুম্বাইত আয়োজন চাবাহাৰ দিৱস

ইৰাণত অৱস্থিত চাবাহাৰ বন্দৰ হৈছে মধ্য এছিয়াৰ বাবে বাণিজ্যিক পৰিবহণৰ প্ৰাণকেন্দ্ৰ (International North South Transport Corridor network connecting India) ।

এই প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয়, ‘‘মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে শক্তিশালী পাৰস্পৰিক সম্পৰ্ক গঢ় দিবলৈ সক্ষম হৈছে । তেখেতৰ ভিজন অনুযায়ী ভাৰত চৰকাৰে বিশাল বাণিজ্যিক সম্ভাৱনা উন্মুক্ত কৰাৰ বাবে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে এক বিকল্প পথৰ বিকাশৰ দিশত কাম কৰি আছে ।

লগতে পঢ়ক :Har Ghar Tiranga Campaign: ১৩-১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

ইৰাণৰ চাবাহাৰৰ শ্বাহিদ বেহেষ্টি বন্দৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰ উন্মুক্তকৰণৰ ধাৰণাটো-এটা মাল্টি ম’ডেল ল’জিষ্টিক কৰিড’ৰৰ ব্যৱহাৰেৰে পাৰস্পৰিক বজাৰক সংযোগ কৰাৰ শক্তিশালী ধাৰণা । ই আমাৰ ল’জিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে দুয়োটা অঞ্চলৰ মাজত বাণিজ্য বৃদ্ধিত অৰিহণা যোগাব । চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ হৈছে ল’জিষ্টিক কোম্পানীবোৰৰ বাবে ব্যৱসায় সম্প্ৰসাৰণৰ এক সোণালী সুযোগ ।

বাণিজ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰ মুকলি কৰাৰ পিছত ধন আৰু সময়ৰ ক্ষেত্ৰত আমাৰ ল’জিষ্টিক ব্যয় যুক্তিসংগত কৰিবলৈ সক্ষম হ’ম ৷ যি ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত এক ব্যয়সন্মত, দ্ৰুত আৰু চুটি পথ গঢ়ি তোলাত সহায় কৰিব’’ ।

চাবাহাৰ দিৱস উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

এই সন্দৰ্ভত আগন্তুক দিনত সৃষ্টি হ'ব পৰা বিভিন্ন সুযোগ-সম্ভাৱনাৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ ব্যৱসায়িক সম্প্ৰদায়ক সৰ্বানন্দ সোণোৱালে আহ্বান জনায় । অনুষ্ঠানটোত মধ্য এছিয়াৰ দেশসমূহৰ প্ৰতিনিধিসকলে আন্তঃৰাষ্ট্ৰীয় পথছোৱাৰ সৈতে চাবাহাৰৰ সংযোগে কেনেদৰে তেওঁলোকৰ অঞ্চলসমূহত আমদানি-ৰপ্তানি আৰু বিভিন্ন বাণিজ্য বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু স্থলবেষ্টিত দেশসমূহত উন্নয়ন কিদৰে অধিক বৃদ্ধি কৰিব পাৰে, তাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নায়েক; কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰদূতসকল আৰু ইৰাণৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় তথা ভাৰতীয় বন্দৰ সংস্থাৰ বিষয়ববীয়া প্ৰমুখ্যে কেবাগৰাকীও গণ্যমান্য ব্যক্তি ।

লগতে পঢ়ক :IPS Sujoy Lal Thaosen: অসম সন্তান সুজয় লাল থাউচেনক ITBPৰ সঞ্চালক প্ৰধানৰ দায়িত্ব

ABOUT THE AUTHOR

...view details