অসম

assam

Body found in Guwahati: পাঞ্জাবাৰীৰ কলাক্ষেত্ৰৰ সন্মুখৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ

By

Published : Aug 5, 2022, 2:05 PM IST

মহানগৰীৰ পাঞ্জাবাৰী কলাক্ষেত্ৰৰ সন্মুখৰ পৰা শুকুৰবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ (Body found in Guwahati) ৷ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । পুৱাৰ ভাগত পাঞ্জাবাৰীৰ এটা নিৰ্মিয়মান বিল্ডিঙৰ পিছফালে উদ্ধাৰ হয় মৃতদেহটো ৷

Man Dead body found in front of Panjabari Kalakshetra in Guwahati
পাঞ্জাবাৰী কলাক্ষেত্ৰৰ সন্মুখৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ

গুৱাহাটী, ৫ আগষ্ট: মহানগৰীত দিনক দিনে বৃদ্ধি হৈছে অপৰাধৰ ঘটনা (Murder case in Guwahati) ৷ মহানগৰীৰ পাঞ্জাবাৰী কলাক্ষেত্ৰৰ সন্মুখৰ পৰা শুকুৰবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ (Dead body Found in Guwahati)৷ মৃতদেহটো উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

আজি পুৱাৰ ভাগত পাঞ্জাবাৰীৰ এটা নিৰ্মিয়মান বিল্ডিঙৰ পিছফালে উদ্ধাৰ হয় মৃতদেহটো । পুৱা স্থানীয় একাংশ লোকে মৃতদেহটো বিল্ডিঙটোৰ কাষত এটা স্থানত পৰি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

পাঞ্জাবাৰী কলাক্ষেত্ৰৰ সন্মুখৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ

উল্লেখ্য যে, মৃতদেহটোৰ শৰীৰত সম্পূৰ্ণ বোকা লাগি আছিল । তাৰোপৰি শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছিল । অৱশ্যে বাতৰি লিখাৰ পৰলৈ মৃত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

ইফালে মৃতদেহ উদ্ধাৰৰ পিছতেই বিল্ডিঙটোত কাম কৰা শ্ৰমিকসকল পলায়ন কৰে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে । পিঠিৰ বাওঁফালে আৰু হাতত আঘাতৰ চিন প্ৰতক্ষ্য কৰি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । কিন্তু আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই ঘটনাৰ প্ৰকৃত ৰহস্য ।

উল্লেখ্য যে, ৫ জন শ্ৰমিকে কাম কৰি আছিল পাঞ্জাবাৰীস্থিত অট্টালিকাটোত ।

লগতে পঢ়ক:Dead body recover in Guwahati: বস্তাত ভৰাই নলাত পেলাই দিলে মহিলাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details