Dead body recover in Guwahati: বস্তাত ভৰাই নলাত পেলাই দিলে মহিলাৰ মৃতদেহ

author img

By

Published : Aug 3, 2022, 7:26 PM IST

Dead body recover in Guwahati

মহানগৰীৰ নলাত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ পত্নীৰ মৃতদেহ উদ্ধাৰৰ পাছৰে পৰা পলাতক হৈ আছে স্বামী ৷ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটীত (Dead body recover in Guwahati)৷

গুৱাহাটী, ৩ আগষ্ট: গুৱাহাটী মহানগৰীৰ বামুণীমৈদামৰ ভাস্কৰনগৰ অঞ্চলত বুধবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ । জানিব পৰা মতে বস্তাত ভৰাই থোৱা মৃতদেহটো নলাৰ পানীৰে উটি আহিছিল । মঙলবাৰে সন্ধিয়া ভাস্কৰনগৰ অঞ্চলৰ স্থানীয় একাংশ লোকে বস্তাটো প্ৰত্যক্ষ কৰিছিল (Dead body recover in Guwahati)।

বস্তাৰ ভৰাই নলাত পেলাই দিলে মহিলাৰ মৃতদেহ

বস্তাটোৰ ভিতৰত কোনো লোকে পেলনীয়া জাবৰ-জোঁথৰ ভৰাই ৰখা বুলি ভাবি তাক খুলি চোৱা নাছিল স্থানীয় লোকে । কিন্তু বুধবাৰে পুৱাৰ ভাগত বস্তাটোৰ পৰা দুৰ্গন্ধ ওলোৱাত সন্দেহবশতঃ একাংশ লোকে বস্তাটো খুলি চোৱাত এগৰাকী মহিলাৰ মৃতদেহটো প্ৰত্যক্ষ কৰে (Woman dead body in Guwahati drain)। স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যকৰ ।

পিছত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা চান্দমাৰী আৰক্ষীয়ে বস্তাটোৰ ভিতৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা মৃত মহিলাগৰাকী মফিদা বেগম(৩৫) বুলি চিনাক্ত কৰে । ইফালে স্থানীয় লোকে নিজ স্বামীয়ে মহিলাগৰাকীক হত্যা কৰি বস্তাত ভৰাই নলাত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে । এই ঘটনাৰ পাছৰে পৰা সন্তানসহ পলাতক অৱস্থাত আছে স্বামী আলতাফ আলী । জানিব পৰা মতে মাত্ৰ এমাহ পূৰ্বে কামৰ সন্ধানত স্বামীসহ মঙলদৈৰ খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ আহিছিল মৃত মহিলাগৰাকী ।

উল্লেখ্য যে, দুটি সন্তানৰ পিতৃ দিন হজিৰা কৰা আলতাফ আলী বামুণী মৈদাম, ভাস্কৰ নগৰ অঞ্চলত ভাৰতীয় হিচাবে আছিল । ঘটনাৰ দুদিন পূৰ্বে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আলতাফ । কালি অৰ্থাৎ মঙলবাৰৰ বিয়লিৰ পৰা পত্নী নিৰুদিষ্ট হৈ থকাৰ পিছতো স্বামীয়ে আৰক্ষীক খবৰ দিয়া নাছিল । বুধবাৰে তেওঁৰ পত্নীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পূৰ্বে দুই সন্তানক খাৰুপেটীয়াৰ নিজ গৃহত ৰাখি পলাতক হৈ থাকে আলতাফ আলী ।

লগতে পঢ়ক: Public protest: তিনিটাকৈ মৃতদেহ লৈ লাহোৱালত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.