অসম

assam

হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

By

Published : Sep 16, 2022, 2:14 PM IST

বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অনা জয়া কলিতা সন্দৰ্ভত নৰম স্থিতি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (BJP President Bhabesh Kalita)৷

bjp-president-bhavesh-kalita-is-soft-on-jaya-kalita
হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰঙিয়া,16 ছেপ্টেম্বৰ: প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অনা জয়া কলিতা সন্দৰ্ভত পূৰ্বতকৈ নৰম স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক(BJP President Bhabesh Kalita)৷ ৰঙিয়াৰ ৯ নং ৱাৰ্ডৰ নিবাসী জয়া কলিতাই এটা ফেচবুক পোষ্টৰ জৰিয়তে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চাকৰিৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত কৰিছিল(Allegation against BJP state president) ৷

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপি যুৱতীগৰাকীৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছিল (Allegation against Joya Kalita)৷ জয়া কলিতাৰ বিৰুদ্ধে ততাতৈয়াকৈ ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । আনপিনে, ৰঙিয়াত সংবাদ মেল পৰ্যন্ত আয়োজন কৰা পৰিলক্ষিত হৈছিল ৷

হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

কিন্তু হঠাতে এজাহাৰ দাখিলৰ পাঁচদিন পিছত যুৱতীগৰাকী সন্দৰ্ভত নৰম হোৱা পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক ৷ দুদিন পূৰ্বে যুৱতীগৰাকীক হুংকাৰ প্ৰদান কৰা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত নেদেখাজনৰ শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে ৷ গুৰুতৰ অভিযোগটো সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত 'ভগৱান আছে' বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে বিষয়টোৱে ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অনা জয়া কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল যদিও ৰঙিয়া থানাত জয়া কলিতাক তলব কৰা দূৰৈৰে কথা পাঁচ দিন উকলি যোৱাৰ পিছতো জয়া কলিতাৰ বিৰুদ্ধে পঞ্জীয়ন নহ'ল গোচৰ । ঘটনাই পৰৱৰ্তী সময়ত কেনে ৰূপ গ্ৰহণ কৰে সেয়া বৰ্তমান এক গুৰুত্বপূৰ্ণ বিষয় ৷

লগতে পঢ়ক:কেৰালাত উপস্থিত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল

ABOUT THE AUTHOR

...view details