অসম

assam

ক্ৰীড়াৰ ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক অসম অলিম্পিক সন্থাৰ ভূয়সী প্ৰশংসা

By

Published : Sep 3, 2021, 1:02 PM IST

Olympic association press meet

অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ সংবাদমেল । সন্থাৰ মতে চৰকাৰৰ সিদ্ধান্তই ক্ৰীড়াৰ যোগেদি যে ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰি তাক প্ৰতিপন্ন কৰিলে । অসম দক্ষতা বিকাশ অভিযানৰ সহায়ত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগক প্ৰশিক্ষক উলিয়াই অনাত গুৰুত্ব দিবলৈ আহ্বান সন্থাৰ । আৰ্চাৰীৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক আৰু অধিক গুৰুত্ব দিবলৈ আহ্বান ।

গুৱাহাটী, ৩ ছেপ্টেম্বৰ :মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে দায়িত্ব লোৱাৰ তিনি মাহৰ ভিতৰতে ৰাজ্যৰ ক্ৰীড়ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে অসম অলিম্পিক সন্থাই (Assam Olympic Association)। বিশেষকৈ ৰাজ্যৰ ক্ৰীড়াবিদৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপসমূহক বিশেষভাৱে আদৰণি জনাইছে অসম অলিম্পিক সন্থাই ।

বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয়- ‘বুধবাৰে অসম কেবিনেটত বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক ক্ৰীড়া নীতি অনুসৰি এ পি এছ চি গ্ৰেড-২ৰ চাকৰি হিচাপে আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । চৰকাৰৰ এনে সিদ্ধান্তই ক্ৰীড়াৰ যোগেদি যে ভৱিষ্যত সুৰক্ষিত কৰিব পাৰি তাক প্ৰতিপন্ন কৰিলে ।'তদুপৰি ৩ ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ (Bhogeswar Baruah) জন্মদিনটো ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নেচনেল গেমছ, কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিকত পদক জয় কৰা সংস্থাপন নথকা খেলুৱৈক ১০ হাজাৰ টকাৰ পেঞ্চন আৰু সংস্থাপন থকা খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰো ব্যৱস্থা কৰিছে চৰকাৰে ।

এই পদক্ষেপ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে যুগান্তকাৰী হিচাপে চিহ্নিত হৈ ৰ’ব বুলি উল্লেখ কৰে লক্ষ্য কোঁৱৰে । আনহাতে সংবাদমেলত লক্ষ্য কোঁৱৰে অগ্ৰাধিকাৰ প্ৰদান কৰা ৮ টা ক্ৰীড়াৰ ছিনিয়ৰ নেচনেল প্ৰতিযোগিতাত পদক জয়ীসকলকো সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

তেওঁ লগতে কয়- 'অসম চৰকাৰৰ নাবাৰ্ডৰ সৈতে ৯০০ কোটি টকাৰ এক চুক্তি স্বাক্ষৰ হৈছে । এই চুক্তি অনুসৰি জিলা সদৰত দহখন ষ্টেডিয়াম, ৪০ খন মিনি ষ্টেডিয়াম, উন্নত মানৰ ছুইমিং পুল আদি নিৰ্মাণ কৰা হ’ব । তদুপৰি লাভলীনা বৰগোহাঁইৰ নামত সৰুপথাৰত ২৫ কোটি টকা ব্যয় সাপেক্ষে ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিব বুলি অসম চৰকাৰে কৰা ঘোষণাই ৰাজ্যত ক্ৰীড়া পৰিৱেশ আৰু উন্নত কৰিব ।'

অসম দক্ষতা বিকাশ অভিযানৰ সহায়ত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগক প্ৰশিক্ষক উলিয়াই অনাত গুৰুত্ব দিবলৈও তেওঁ লগতে আহ্বান জনায় । ইফালে সংবাদমেলত উপস্থিত থাকি বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতাই খেলুৱৈৰ উন্নয়নত গুৰুত্ব দিয়াৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে প্ৰতিখন জিলাত বক্সিঙৰ আন্তঃগাথনি নিৰ্মাণ কৰাৰ বাবে আহ্বান জনায় ।

তদুপৰি গুৱাহাটীৰ নিকটৱৰ্তী স্থানত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ বক্সিং একাডেমী স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সহায় বিচাৰিব বুলিও কলিতাই জানিবলৈ দিয়ে । সংবাদমেলত অসম আৰ্চাৰী সন্থাৰ উপ সভাপতি জয়ন্ত বড়োৱে ক্ৰীড়াবিদক উৎসাহ জনোৱাৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জনায় । তেওঁ আৰ্চাৰীৰ আন্তঃগাথনি নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক আৰু অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় ।

সংবাদমেলত অসম অলিম্পিক সন্থাৰ উপ সভাপতি ক্ৰমে- বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, সহকাৰী সম্পাদক ভৱজ্যোতি গোস্বামী, আৰু কাৰ্যবাহী সদস্য হীৰেণ গগৈ উপস্থিত থাকে ।

লগতে পঢ়ক :শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

ABOUT THE AUTHOR

...view details