অসম

assam

Encounters in Assam: ভূৱা এনকাউণ্টাৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ

By

Published : Jan 25, 2022, 10:33 PM IST

ভূৱা এনকাউণ্টাৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ
ভূৱা এনকাউণ্টাৰৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ

ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙ্গলবাৰে গ্ৰহণ কৰা শুনানীত ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰাত ব্যৰ্থ হয় (Assam govt fails to submit affidavit on encounters in HC) ৷

গুৱাহাটী, 25 জানুৱাৰী: ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙ্গলবাৰে গ্ৰহণ কৰা শুনানীত ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰাত ব্যৰ্থ হয় (Assam govt fails to submit affidavit on encounters in HC)। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে ১১ জানুৱাৰীত ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত অসম চৰকাৰক দুসপ্তাহৰ ভিতৰত বিতং আৰু সচিব (গৃহ) বা অতিৰিক্ত সচিব (গৃহ)ৰ দ্বাৰা দাখিল কৰিবলগা বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।

ৰাজ্যখনত সংঘটিত ভুৱা সংঘৰ্ষৰ স্বতন্ত্ৰ তদন্ত বিচৰা আবেদনকাৰীৰ হৈ মঙ্গলবাৰে উচ্চ ন্যায়ালয়ত অধিবক্তা পৰশ নাথ সিঙ উপস্থিত থাকে । চৰকাৰী পক্ষৰ পৰা মহাধিবক্তা দেৱজিৎ লন শইকীয়া উপস্থিত থাকে । উচ্চ ন্যায়ালয়ত মহাধিবক্তা দেৱজিৎ লন শইকীয়াই শপতনামা দাখিল কৰিবলৈ আৰু 10 দিন সময় বিচাৰে । উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অহা ৮ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰিছে ।

উল্লেখ্য যে নতুন দিল্লীস্থিত জেষ্ঠ্য অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই আদেশ জাৰি কৰে(Public interest litigation) । অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত এই জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল । তেওঁৰ মতে ২০২১ চনৰ মে’ মাহৰ পৰা ৰাজ্যত ৮০ টা এনে ভূৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷ ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল ।

নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।

লগতে পঢ়ক:Padma awards announced: চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

ABOUT THE AUTHOR

...view details