অসম

assam

APCC team meet governor : ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে

By

Published : Aug 5, 2022, 10:34 PM IST

APCC team meet governor

মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱনলৈ গৈ ৰাজ্যপালক প্ৰদান কৰে স্মাৰক পত্ৰ (APCC team meet governor and submit memorandum in Guwahati) ।

গুৱাহাটী, ৫ আগষ্ট :মূল্যবৃদ্ধি ৰোধকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত বিয়লি দলৰ এটা সজাতি দলে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে (APCC team meet governor) ।

প্ৰদেশ কংগ্ৰেছৰ সজাতি দলটোৱে মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰা আদি বিভিন্ন বিষয় উত্থাপন কৰি ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে (APCC team submit memorandum to governor)।

ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সজাতি দলে

প্ৰতিনিধি দলটোত কংগ্ৰেছ নেতা হিৰণ্য বৰা, বিধায়ক যাদৱ স্বৰ্গীয়াৰী, মীৰা বৰঠাকুৰ গোস্বামী, বিপুল গগৈ, জয়প্ৰকাশ দাস আৰু এটোৱা মূণ্ডা আছিল । তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ ক্ষেত্রত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাজ্যপালৰ প্ৰতি অনুৰোধ জনায় ।

উল্লেখ্য যে, ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ সাংঘাতিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক । যাৰ পৰিপ্ৰেক্ষিতত মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শুকুৰবাৰে বিয়লি ৰাজভৱনলৈ গৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে ।

দিনৰ ভাগৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত, সেই একেই দাবীসমূহক লৈ প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দলে বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৰাজভৱনৰ পৰা ওলাই আহি পুনৰ বাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক :Congress Protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details