Congress Protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Aug 5, 2022, 3:21 PM IST

Congress

মূল্যবৃদ্ধিৰ লগতে বিভিন্ন সমস্যাক লৈ দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে । গুৱাহাটীত APCCৰ উদ্যোগত ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest in Guwahati)। প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে ।

গুৱাহাটী,৫ আগষ্ট : সমগ্ৰ দেশত কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে (Congress protest in India)। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যা, নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীৰ ওপৰত জি এছ টি জাপি দিয়াৰ বিৰুদ্ধে গুৱাহাটীতো অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ডঃ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা জি এচ টি প্ৰত্যাহাৰ কৰক, নিবনুবা সমস্যা সমাধান কৰক আদি শ্ল'গান দি চিলিণ্ডাৰ প্ৰতিকৃতি হিচাপে হাতে হাতে লৈ ৰাজভৱন দিশে আগবাঢ়িবলৈ লওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষীৰ বেৰীকেড ভাঙি ৰাজভৱন দিশে আগুৱাই যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীসকলক টানি-আঁজুৰি আটক কৰিলে আৰক্ষীয়ে ।

গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ সমান্তৰালকৈ অসমতো ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছে (APCC protest in front of Raj Bhaban)। প্ৰতিবাদত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কৰ লগতে লগতে শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে গোটেই দেশৰ মানুহ আজি মূল্যবৃদ্ধিত ভাৰাক্ৰান্ত ।

বিজেপিয়ে GST আৰোপ কৰি সৰ্বসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে । প্ৰতিৰোধ যিমান শক্তিশালী হ'ব কংগ্ৰেছৰ প্ৰতিবাদ তাতকৈ শক্তিশালী হ'ব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে হুংকাৰ দিয়ে । বিধায়ক জাকিৰ হুছেইন শিকদাৰেও প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

শিকদাৰে কয় যে যেতিয়ালৈ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে আৰু চাকৰি দিব নোৱাৰে তেতিয়ালৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব । কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে জেহাদীৰ ৰম্যভূমি হোৱা অসমত জেহাদীক ধৰাত ব্যৰ্থ চৰকাৰে কংগ্ৰেছীক ধৰি বৰ্বৰতা দেখুৱাব আহিছে । ইফালে APCCৰ সভাপতিসহ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক :New Education System of Assam Govt: ডিব্ৰুগড়ত ৰাইজৰ দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.