অসম

assam

Ankita FIR against Srinivas : অংকিতাই এজাহাৰ দিলে ! কি হ’ব শ্ৰীনিবাসৰ ?

By

Published : Apr 20, 2023, 7:41 PM IST

Ankita FIR against Srinivas
অংকিতাই এজাহাৰ দিলে! কি হ’ব শ্ৰীনিবাসৰ ?

গ্ৰেপ্তাৰ হ’ব নেকি শ্ৰীনিবাস ? অভিযোগ পালেহে তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাচতেই IYC ৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তৰ বিস্ফোৰক এজাহাৰ (Ankita Dutta accuses Srinivas BV of harassment) ৷

গুৱাহাটী, 20 এপ্ৰিল : সঁচাকৈয়ে কংগ্ৰেছত লিংগ বৈষম্যৰ বলি হৈছেনে অংকিতা দত্ত ? হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ ভিত্তিত অংকিতা দত্তৰ অভিযোগ নেকি ? ইডিৰ ভয়ত অংকিতা দত্তৰ ভিত্তিহীন অভিযোগ নেকি ? বৰ্তমান ৰাজ্যৰ ৰাজনীতি জোঁকাৰি গৈছে এইবোৰ প্ৰশ্নই । কিয়নো এতিয়া এফালে কংগ্ৰেছৰ নেতৃত্বৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱা নাই অংকিতালৈ ৷

এজাহাৰ

ইয়াৰ বিপৰীতে অসম বিজেপিৰ তৰফৰ পৰা পূৰ্ণ সহমৰ্মিতা প্ৰকাশ কৰিছে অংকিতা দত্তক ৷ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিৰ আইনী জাননী লাভৰ পিচত শ্ৰীনিবাসৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে অংকিতা দত্তই (Ankita FIR against Srinivas) ৷

এজাহাৰ

এই এজাহাৰত উল্লেখ আছে কেতবোৰ বিস্ফোৰক অভিযোগ ৷ দিছপুৰ থানাত দাখিল কৰা এজাহাৰখনত অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে তুলিছে লিংগ বৈষম্যৰ অভিযোগ । লগতে যোৱা ৬ মাহ ধৰি ধাৰাবাহিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ আছে এজাহাৰখনত। কেৱল মানসিক নিৰ্যাতনেই নহয় যৌনগন্ধী মন্তব্যৰে নিৰ্যাতন চলোৱাৰো অভিযোগ অংকিতাৰ ৷ ইয়াৰ উপৰি অশ্লীল মন্তব্যৰে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে যুৱ নেত্ৰী অংকিতাই (Ankita Dutta Filed FIR against IYC president) ৷

যোৱা ২৫ মাৰ্চত ছত্তিশগড়ৰ ৰায়পুৰত কংগ্ৰেছৰ জাতীয় অধিৱেশনত অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এজাহাৰখনত (Ankita Dutta alleged Srinivas BV of sexism)। বাহুত ধৰি জোঁকাৰি দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে যুৱনেত্ৰীগৰাকীয়ে ৷ লগতে অভিযোগ আনিছে যে, অসমৰ বাহিৰলৈ কোনো কাৰ্যসূচীলৈ ভাগ ল’বলৈ যাব নোৱাৰা অৱস্থা কৰিৰ লগতে কংগ্ৰেছত অংকিতাৰ কেৰিয়াৰ ধ্বংস কৰাৰো ভাবুকি দিছে IYCৰ নেতা শ্ৰীনিবাসনে ৷ ‘‘অ'ই ছোৱালী... ভদকা খোৱা নে তাকিলা খোৱা’’ বুলিও প্ৰশ্ন শ্ৰীনিবাসনে প্ৰশ্ন কৰা বুলি অভিযোগ অংকিতা দত্তৰ (Ankita Dutta row) ৷

দিছপুৰ থানাত অভিযোগ দাখিল কৰি অংকিতা দত্তই কয়,“মই কংগ্ৰেছ দলৰ বিৰুদ্ধে FIR দিয়া নাই, এজন ব্যক্তিৰ বিৰুদ্ধেহে দিছোঁ ৷ আশা কৰো আৰক্ষীয়ে মোক উচিত ন্যায় দিব ৷ মই ফ’ৰ জেনেৰেচনৰ কংগ্ৰেছী ৷”

অংকিতাৰ এই এজাহাৰৰ পিছতে উত্থাপন হৈছে একাধিক প্ৰশ্ন ৷ কংগ্ৰেছৰ তৰফৰ পৰা মুকলিকৈ একো নক’লেও প্ৰকাৰন্তে কোৱা হৈছে যে ই ডিৰ পৰা বাচিবলৈকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই 'অংকিতা কাণ্ড’ সংঘটিত হৈছে ৷ বিপৰীতে বিজেপিৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন জনোৱা হৈছে অংকিতালৈ ৷

ৰাজ্যসভাৰ বিজেপিৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ পল্লৱলোচন দাসলৈকে বিভিন্নজনে অংকিতাৰ পক্ষত মন্তব্য প্ৰকাশ কৰিছে ৷ ইয়াৰ বিপৰীতে অভিযোগ পালেই ব্যবস্থা ল'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত মন্তব্য প্ৰকাশ কৰিছিল (Ankita Dutta accuses Srinivas BV of harassment) ৷

ইয়াৰ পৰৱৰ্তী সময়তে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিচতেই অংকিতাই গোচৰ তৰিলে সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে ৷ লগে লগে কংগ্ৰেছৰ ভিতৰ চ’ৰাত শংকাৰ সৃষ্টি হৈছে যে এজাহাৰ দাখিলৰ পিচতেই গ্ৰেপ্তাৰ হ'ব পাৰে সৰ্বভাৰতীয় যুব কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ! সমান্তৰালভাৱে অংকিতাৰ এই গোচৰক লৈ সক্ৰিয় হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ ৷

অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে পত্ৰ প্ৰদান কৰিছে ৷ অংকিতা দত্তৰ গোচৰৰ তদন্ত কৰিবলৈয়ো অসম আৰক্ষীলৈ নিৰ্দেশনা দিছে মহিলা ৰাষ্ট্ৰীয় আয়োগে (BJP leaders supports Ankita Dutta) ৷

লগতে পঢ়ক:Ankita Dutta row: বিজেপি আছ এছ এছৰ চক্ৰবেহুত সোমাইছে অংকিতা; ভূপেন বৰাৰ অনুভৱ

এক নিৰ্দিষ্ট সময়ৰ ভিতৰত তদন্ত কৰি বিশদ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ মহিলা আয়োগৰ ৷ অভিযোগ সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত কৰিব মহিলা আয়োগে। এই এজাহাৰৰ পিচতেই কংগ্ৰেছে এক প্ৰকাৰে একাষৰীয়া কৰিছে অংকিতাক ৷ আনফালে বিজেপিয়ে সংগ দিছে তেওঁক ৷ স্বাভাৱিকতেই অংকিতাই যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিছত যে হাই কমাণ্ডৰ ৰোষত পৰিব সেয়া নিশ্চিত হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details