অসম

assam

Garbage collection in Guwahati: গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাক লৈ অসন্তুষ্টি

By

Published : Apr 4, 2023, 10:12 PM IST

গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাত অনিয়ম (Garbage collection by GMC )। পাৰিষদৰ সাধাৰণ সভাৰ সিদ্ধান্তৰ বিপৰীতে যুটীয়া আয়ুক্তই নিৰ্দেশ জাৰি কৰাক লৈ তীব্ৰ অসন্তুষ্টি সদস্য়ৰ ।

Allegation against GMC
গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা সংগ্ৰহ ব্যৱস্থাত অনিয়ম

গুৱাহাটী , ৪ এপ্ৰিল:গুৱাহাটী মহানগৰীৰ অন্যতম জ্বলন্ত সমস্যাৰূপে পৰিগণিত হৈ আহিছে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰাটো । প্ৰতিটো ৱাৰ্ডৰ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰা কামৰ দায়িত্ব বিগত সময়ছোৱাত ৬০ টা ৱাৰ্ডত ২০ টা মান বেচৰকাৰী চৰকাৰী সংস্থা (এন জি অ ), আত্ম সহায়ক গোট (Self Help Group) আৰু ৱাৰ্ড উন্নয়ন কমিটীক অৰ্পন কৰা হৈছিল (Ward Development Committee)। এই কামৰ বিনিমম়ত তেওঁলোকক ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰাৰ বিপৰীতে মাহেকত ৩০ টকাকৈ সংগ্ৰহ কৰিবলৈ দিয়া হৈছিল ।

কিন্তু দায়িত্ববাহী গোটসমূহে ৩০ টকাৰ বিপৰীতে দুগুণ পৰ্যন্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এই মন্তব্য গুৱাহাটী পৌৰ নিগমৰ ১ নম্বৰ আৰু ৪২ নম্বৰ ৱাৰ্ডৰ সদস্য় ক্ৰমে হুকুম চান্দ আলী বক্সী আৰু মাচুমা বেগমৰ । মঙলবাৰে বিয়লি গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰত থকা মেয়ৰ কাৰ্যাল়য়ৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত সদস্য় দুগৰাকীয়ে এইদৰে মন্তব্য আগবঢ়ায় (Allegation against GMC) ।

তেওঁলোকে পুনৰ কয় যে, সপ্তাহত তিনিদিনকৈ আৱৰ্জনা সংগ্ৰহ কৰাৰ সলনি ১০-১৫ দিন পৰ্যন্ত নহাত ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে (Garbage collection of GMC)। আৱৰ্জনা সংগ্ৰহ কৰা পদ্ধতিটো সুচল আৰু ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্যৰে যোৱা ১৭ মাৰ্চত অনুষ্ঠিত নিগমৰ সাধাৰণ সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । তাৰ ভিতৰত অন্যতম আছিল পহিলা এপ্ৰিলৰ পাছত পৰীক্ষামূলকভাৱে আৱৰ্জনা সংগ্ৰহ কৰা কামটো অভিযোগ উঠা এন জি অ, এছ এইচ জি সমূহক আঁতৰাই তেওঁলোকৰ স্থানত আন এন জি অ', এছ এইচ জিক দায়িত্ব দিয়াৰ সিদ্ধান্ত।

সংবাদ মেলত সদস্য় দুগৰাকীয়ে পুনৰ কয় যে ১৭ মাৰ্চত সাধাৰণ সভাত উপস্থিত থকা আটাইকেইগৰাকী পাৰিষদে লোৱা সিদ্ধান্তৰ বিপৰীতে গৈ নিগমৰ যুটীয়া আয়ুক্ত গৰাকীয়ে ৩০ মাৰ্চত এক নিৰ্দেশ জাৰি কৰে । য'ত আগৰ আৱৰ্জনা সংগ্ৰহ কৰা দায়িত্ববাহী গোট সমূহকে পুনৰ এমাহৰ বাবে আৱৰ্জনা সংগ্ৰহ কৰাৰ দায়িত্ব প্ৰদান কৰা হয় ।

এই লৈ পাৰিষদ সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত নিগমৰ আয়ুক্তগৰাকীয়ে পুনৰ নবীকৰণৰ এক নিৰ্দেশ জাৰি কৰে । সেই অনুসৰি ৬০ টা ৱাৰ্ডত কোন কোন এন জি অ, এছ এইচ জি বা ৱাৰ্ড উন্নয়ন কমিটীক দায়িত্ব প্ৰদান কৰা হ'ব তাৰ তালিকা পৰ্যন্ত প্ৰকাশ কৰা হয় । কিন্তু মাত্ৰ এদিনৰ ব্যৱধানত দুটা নিৰ্দেশ জাৰি হোৱাত স্বাভাবিকতে সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

সদস্য় মাচুমা বেগম আৰু হুকুম চান্দ আলী বক্সীয়ে সংবাদত মেলত সদৰি কৰা অনুসৰি কোনে দায়িত্ব লাভ কৰিছে সেইটো ডাঙৰ কথা নহয় । কিন্তু দায়িত্ব লাভ কৰা সকলোৱে যাতে আৱৰ্জনা সংগ্ৰহ কৰা কামটো নিয়াৰিকৈ সম্পন্ন কৰে তাৰ ওপৰতহে সাধাৰণ সভাত গুৰুত্ব দিয়া হৈছিল ।

লগতে পঢ়ক:Footpath turn into threat: মৰণফান্দলৈ পৰ্যবসিত লখিমপুৰ নগৰৰ পদপথ

ABOUT THE AUTHOR

...view details