ETV Bharat / state

Footpath turn into threat: মৰণফান্দলৈ পৰ্যবসিত লখিমপুৰ নগৰৰ পদপথ

author img

By

Published : Apr 4, 2023, 6:22 PM IST

Dilapidated Footpath in Lakhimpur
উন্মুক্ত অৱস্থাত লখিমপুৰ পদপথৰ নলা

উন্মুক্ত অৱস্থাত লখিমপুৰ পদপথৰ নলা । যি কোনো সময়ত পদপথৰ নলাত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা। নগৰখনৰ বহু পদপথ একাংশ ব্যৱসায়ীয়ে দোকানৰ ভিতৰৰ পৰা সামগ্রী উলিয়াই পথসমূহ আৱদ্ধ কৰাত দুৰ্ঘটনাৰ শংকা ঘণীভূত (Risk of accident in Lakhimpur)।

উন্মুক্ত অৱস্থাত লখিমপুৰ পদপথৰ নলা

লখিমপুৰ ৪ এপ্রিল: বিপদজনক হৈ পৰিছে লখিমপুৰ নগৰৰ একাংশ পদপথ (Dilapidated Footpath in Lakhimpur)। পদে পদে পথচাৰীৰ বাবে দুৰ্ঘটনাৰ আশংকাই বিৰাজ কৰিছে এই পথ সমূহত । যিকোনো সময়ত পদপথৰ নলাত সোমাই পৰা, গাৰ ওপৰতে গধুৰ হ'ৰ্ডিং বাগৰি পৰাৰ দৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই স্থানসমূহত । নগৰখনৰ এনে বিপদজনক ৰূপ দেখিও পৌৰসভা অথবা জিলা প্ৰশাসনে গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লখিমপুৰ নগৰৰ বহু ঠাইত উন্মুক্ত অৱস্থাত আছে পদপথৰ নলা (Open footpaths in Lakhimpur town)। সামান্য অন্য মনস্ক হ'লেই পথচাৰী নলাত পৰি আহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে । য’তে ত’তে উন্মুক্ত হৈ আছে পদপথত থকা নলাৰ ঢাকনি । পদপথ সমূহৰ কাষত আন এক বিপদেওগা কৰি উঠিছে । সেয়া হৈছে পদপথৰ দাঁতিতে স্থাপন কৰা বৃহৎ আকাৰৰ হ'ৰ্ডিং সমুহ । গধুৰ লোহাৰ ফ্ৰেমত থকা এই হ'ৰ্ডিং সমূহৰ একাংশ এতিয়া উৱলি হাউলি যোৱা অৱস্থাত আছে (Poor condotion of Hoarding in Lakhimpur)। যি কোনো সময়ত পথচাৰী অথবা যান -বাহনৰ ওপৰতে এনে লোহাৰ গধুৰ হ'ৰ্ডিং বাগৰি পৰি ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

আনহে নালাগে খোদ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অথবা আশে-পাশেই এনে বিপদজনক ৰূপত আছে উন্মুক্ত নলা আৰু হ'ৰ্ডিং। কেৱল ইমানেই নহয়, নগৰখনৰ বহু পদপথ একাংশ ব্যৱসায়ীয়ে দোকানৰ ভিতৰৰ পৰা সামগ্রী উলিয়াই পথ সমূহ আৱদ্ধ কৰি ৰাখিছে (Public reaction against Lakhimpur Municipality) । যাৰ বাবে পথচাৰীয়ে পদপথ নাপাই মূল পথেৰে যান -বাহনৰ ফাঁকেৰে যাবলৈ বাধ্য হয় । ইয়াৰ পৰিণতিত দুৰ্ঘটনাৰ আশংকা প্ৰৱল হৈ পৰে ।

নগৰখনত পাৰ্কিঙৰ ঠাই নথকা বাবে মূল পথৰ এফালজুৰি যান বাহন ৰখোৱাৰ বাবে ঠেক হৈ পৰে পথ সমূহ । তেনে ঠেক পথেৰে চলাচল কৰাৰ বাবে যান-জঁট সঘনে সৃষ্টি হয় । এনে পৰিস্থিতিত বিশৃংখল অৱস্থাত পদপথ নাপাই পথচাৰী মূল পথেৰে যান-বাহনৰ ফাঁকেৰে যাব লগা হোৱাটো কিমান বিপদজনক সেয়া সহজেই অনুমেয় ।

লখিমপুৰ নগৰখনৰ এনে বিপদজনক পৰিস্থিতি দেখিও পৌৰসভা অথবা জিলা প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । ৰাইজৰ লগতে বিভিন্ন সংগঠনে পৌৰসভা আৰু জিলা প্ৰশাসনৰ এনে আওকণীয়া মনোভাৱক গৰিহণা দিছে । অনতি পলমে নগৰখনত জীৱন-মৰণৰ এনে সমস্যা সমূহ আঁতৰ কৰাত উদ্যোগ ল'বলৈ পৌৰসভা আৰু জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:Bodoland Movement martyrs: শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ালে BTR চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.