অসম

assam

মেগা নিযুক্তিৰ পাছতো ৰাজ্যত খালী হৈ আছে ৩৮,৩০০ টা পদ

By

Published : May 18, 2022, 4:45 PM IST

38300 posts remain vacant in Assam even after mega appointments

দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ অপেক্ষা ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ । জুলাই মাহত ৭-৮ হাজাৰ নিযুক্তি দিয়াৰ লগতে জুলাইৰ শেষৰ সপ্তাহত ২৬ হাজাৰ পদৰ বাবে হ'ব লিখিত পৰীক্ষা । ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা তালিকা অনুসৰি খালী থকা ৬১,২৫৮ টা পদৰ ভিতৰত পূৰণ কৰা হ'ল ২২,৯৫৮ টা পদ (Mega recruitment programme of Assam Government)। এতিয়াও খালী আছে ৩৮,৩০০ টা পদ ।

গুৱাহাটী, ১৮ মে': এবছৰ সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ প্ৰথম পদক্ষেপ হিচাপে ১৪ মে'ত চৰকাৰী ১১ টা বিভাগৰ ২২,৯৫৮ টা পদত নিযুক্তি প্ৰদান কৰে (Himanta Biswa Hands Over Appointment Letters to 22958) । প্ৰথমটো বৃহৎ নিযুক্তিৰ পাছতে লাখ লাখ নিবনুৱাই এতিয়া অপেক্ষা কৰিছে দ্বিতীয়টো বৃহৎ নিযুক্তিলৈ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ প্ৰথম বছৰটোত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল । প্ৰথম বর্ষপূৰ্তিৰ তিনিটা দিনৰ পাছতে এক লাখ নহ'লেও ২২,৯৫৮ জন নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ দিয়াৰ লগে লগে নিবনুৱা যুৱক-যুৱতী সকলে আশাৰ ৰেঙণি দেখিছে ।

মেগা নিযুক্তিৰ পাছতো ৰাজ্যত খালী হৈ আছে ৩৮,৩০০ টা পদ

ঘোষণা অনুসৰি বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত নিযুক্তিৰ বাবে এতিয়া অপেক্ষা কৰিছে চাকৰি প্রত্যাশীসকলে। উল্লেখ যে ১৪ মে'ত মুঠ ১১টা বিভাগত ২২,৯৫৮ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ল যদিও ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা তালিকা মতে সেই বিভাগকেইটাত মুঠ খালী পদ আছিল ৬১,২৫৮টা । বৃহৎ নিযুক্তি-পত্ৰ বিতৰণ কৰাৰ পাছতো এই বিভাগকেইটাত এতিয়াও ৩৮,৩০০ টা পদ খালী হৈ আছে (38300 posts remain vacant in Assam even after mega appointments ) । উল্লেখ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ পিছদিনাই অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত দুটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ লগতে বিভাগসমূহত খালী হৈ থকা পদসমূহৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে বিত্ত মন্ত্ৰী অজন্ত নেওগক দায়িত্ব দিছিল কেবিনেটে । মন্ত্ৰী নেওগে বিভাগসমূহৰ পৰা তথ্য লাভ কৰাৰ পাছত এই কথা ওলাই পৰিল যে নতুনকৈ দহটা বেটেলিয়ন গঠনৰ বাবে ১০ হাজাৰ নতুন পদৰ লগতে ৰাজ্য চৰকাৰৰ অধীনস্থ মুঠ ৪৮টা বিভাগত ১,০০,৩৪৩ টা পদ খালী হৈ আছে ।

মেগা নিযুক্তিৰ পাছতো ৰাজ্যত খালী হৈ আছে ৩৮,৩০০ টা পদ

এবছৰত চৰকাৰখনে প্ৰায় ২৮ হাজাৰ নিবনুৱাক নিযুক্তি দিয়াৰ পাছত এতিয়াও সকলো বিভাগতে মুঠ ৭৭ হাজাৰ গৰাকী নিবনুৱাক নিযুক্তি দিব পৰাৰ পথ মুকলি হৈ আছে । হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বৃহৎ নিযুক্তি আৰম্ভ কৰাৰ পাছত আন কেইবাটাও বিভাগত থকা বৃহৎ সংখ্যক পদত নিযুক্তিৰ বাবে এতিয়া অপেক্ষা কৰিছে নিবনুৱা যুৱক-যুৱতীসকলে । প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগত ১১,০৬৩ টা পদত নিযুক্তি দিয়া হ'ল যদিও এতিয়াও খালী হৈ আছে ১৯,১২৪ টা পদ ।

মেগা নিযুক্তিৰ পাছতো ৰাজ্যত খালী হৈ আছে ৩৮,৩০০ টা পদ

তেনেদৰে গৃহ বিভাগত ৮,৮৬৭ টা পদত নিযুক্তি দিয়া হ'ল যদিও বিভাগটোত নিযুক্তিৰ বাবে আৰু ৯,২২৯ টা পদ খালী হৈ থাকিল । ১১টা বিভাগত প্ৰায় ২৩ হাজাৰ নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ তুলি দিলে যদিও বৃহৎ পৰিমাণৰ পদ খালী হৈ থকা বিভাগসমূহত এতিয়াও নিযুক্তি হ’বলৈ বাকী আছে । তেনে বিভাগসমূহৰ ভিতৰত শক্তি বিভাগত ৫,৭৬৯ টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১,২৪০ টা, পৰিৱেশ আৰু বন বিভাগত ১০০১ টা, পশুপালন আৰু পশু চিকিৎসা বিভাগত ৭১১৮ টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২১৩৭ টা, সাংস্কৃতিক পৰিক্ৰমা বিভাগত ৫৬১ টা পদ খালী হৈ আছে ।

ৰাজ্য চৰকাৰে প্ৰথম বর্ষপূ্ৰ্তিৰ তিনি দিনৰ পাছতে নিবনুৱাৰ হাতত নিযুক্তি-পত্ৰ তুলি দিয়াৰ পাছত এতিয়া বিভিন্ন বিভাগত খালী হৈ থকা হাজাৰ হাজাৰ পদত নিযুক্তিৰ বাবে অপেক্ষা কৰিছে ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাই । এই পদসমূহ কেতিয়া পূৰণ কৰা হ'ব সেয়া সময়েহে ক'ব যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহত আৰু ৭-৮ হাজাৰ নিযুক্তি দিয়াৰ লগতে জুলাইৰ শেষৰ সপ্তাহত ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ।

লগতে পঢ়ক:Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা

TAGGED:

ABOUT THE AUTHOR

...view details