অসম

assam

অখিল গগৈক আদৰণি জনাবলৈ আহি জব্দ সমৰ্থকৰ গাড়ী

By

Published : Jul 3, 2021, 11:46 AM IST

ক'ভিড নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত অখিল গগৈৰ সমৰ্থকৰ গাড়ী জব্দ কৰিলে টীয়ক আৰক্ষীয়ে ৷ গুৱাহাটীৰ পৰা শিৱসাগৰ সমষ্টি অভিমুখে ৰাওনা হোৱা অখিল গগৈক আদৰণি জনাবলৈ ওলাই আহিছিল এইসকল সমৰ্থক ৷

teok police seized cars owned by akhil gogois supporters
অখিল গগৈক আদৰণি জনাবলৈ আহি জব্দ সমৰ্থকৰ গাড়ী

টীয়ক, 3 জুলাই:ক'ভিড নিৰ্দেশনা(SOP) উলংঘনৰ অভিযোগত কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সমৰ্থকৰ গাড়ী জব্দ ৷ টীয়ক আৰক্ষীয়ে ক'ভিড নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত অখিল গগৈৰ সমৰ্থকৰ 11 খনকৈ বাহন জব্দ কৰি ৰাখিছে ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা নিৰ্দেশনা ভংগ কৰাৰ অভিযোগত শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী জাঁজীৰ পৰা আৰক্ষীয়ে বাহনকেইখন জব্দ কৰে ৷

অখিল গগৈক আদৰণি জনাবলৈ আহি জব্দ সমৰ্থকৰ গাড়ী

উল্লেখ্য যে, নিয়া (National Investigative Agency) আদালতৰ পৰা দোষমুক্ত ঘোষণা হোৱাৰ পাচতে নিজ সমষ্টি শিৱসাগৰলৈ ৰাওনা হোৱাৰ পথত এইসকল লোকে বিধায়কগৰাকীক আদৰণি জনাবলৈ বুলি ওলাই আহিছিল ৷ গুৱাহাটীৰ পৰা কৃষক নেতাগৰাকী শিৱসাগৰ সমষ্টিলৈ ৰাওনা হোৱাৰ পথত বিভিন্ন অঞ্চলত গগৈক সমৰ্থকসকল আদৰণি জনায় ৷

এই সমৰ্থকসকলৰ একাংশই নিজ নিজ অঞ্চলত আদৰণি জনাই গগৈৰ কনভয়ৰ সৈতে শিৱসাগৰ অভিমুখে ৰাওনা হৈছিল ৷ কিন্তু, যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰা ক'ভিড নিৰ্দেশনা অনুসৰি দুপৰীয়া 2 বজাৰ পৰা আন্তঃজিলা যাতায়ত আৰু একাধিক লোক একেলগে সমবেত হ'ব নোৱাৰে ৷ সেয়েহে উক্ত নিৰ্দেশনা ভংগ হোৱাৰ অপৰাধত এইসকল লোকৰ গাড়ীসমূহ টীয়ক আৰক্ষীয়ে জব্দ কৰে ৷

ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন ক'ভিড নিৰ্দেশনা (SOP) অনুসৰি দুপৰীয়া 2 বজাৰ পৰা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাৰ লগতে একাধিক ব্যক্তি একেলগে সমবেত হ'ব নোৱাৰে ৷ জব্দকৃত বাহনসমূহ সম্প্ৰতি টীয়ক থানাতে ৰাখি থোৱা হৈছে ৷ জব্দ কৰা গাডী়সমূহ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ক'ভিড বিধি উলংঘনৰ অপৰাধত গোচৰো পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে গগৈয়ে

ABOUT THE AUTHOR

...view details