অসম

assam

Fake reporter detained : যোৰহাটত আটক ভুৱা সাংবাদিক

By

Published : Jul 29, 2023, 2:08 PM IST

যোৰহাটত আটক হ’ল ভুৱা সাংবাদিক ৷ আৰক্ষী চকুত ধূলি দি ঘটনাস্থলীৰ পৰা পলায়ন আন দুই যুৱকৰ ৷

Fake reporter detained
আটক হ’ল ভুৱা সাংবাদিক

আটক হ’ল ভুৱা সাংবাদিক

যোৰহাট, 29 জুলাই :বিভিন্ন অনৈতিক কাৰ্যত সংবাদ সেৱাৰ সৈতে জড়িত লোক জড়িতৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে পোহৰলৈ আহিছে পুনৰ তেনে এক ঘটনা ৷ যোৰহাটত সংঘটিত হৈছে তেনে এক ঘটনা ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ কাম কাজত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ভুৱা সাংবাদিকৰ বিৰুদ্ধে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উজ্জ্বল বৰা নামৰ এজনক আটক কৰা বুলি জানিবলৈ পৰা গৈছে ৷ জানিব পৰা মতে, যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত উজ্জ্বল বৰাৰ লগতে আন দুজন যুৱকে প্ৰৱেশ কৰে আৰু নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে ৷ উজ্জ্বল বৰাৰ লগতে আন দুজন যুৱকে চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত প্ৰৱেশ কৰে । প্ৰথমতে এই তিনিজনীয়া যুৱকৰ দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰি নিৰাপত্তাৰক্ষীক বিভিন্ন প্ৰশ্ন কৰে বুলি অভিযোগ কৰে ৷

ইয়াৰ পিছতে সাংবাদিক বুলি পৰিচয় দিয়া উজ্জ্বল বৰাৰ লগতে তিনিজনীয়া যুৱকৰ দলটোৱে প্ৰসূতি বিভাগত প্ৰৱেশ কৰি চিকিৎসা সেৱাত বাধা প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে চিকিৎসালয় কৰ্তৃপক্ষই । ইয়াৰ পিছতে দলটোৰ ওপৰত সন্দেহ ওপজাত যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা মহাবিদ্যালয় আৱাসত থকা আৰক্ষী চকীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উজ্জ্বল বৰা নামৰ ভুৱা সাংবাদিক জনক আটক কৰে ৷

অৱশ্যে আনকেইজন দুজন যুৱকে আৰক্ষী চকুত ধূলি দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জনায় আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা ভুৱা সাংবাদিক উজ্জ্বল বৰাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত প্ৰৱেশ কৰি ভয় ভাবুকিৰে প্ৰসূতি বিভাগত ভৰ্তি হৈ থকা ৰোগীৰ আত্মীয়ক হাৰাশাস্তি আৰু প্ৰসূতি কক্ষৰ ৰোগীৰ নাম আৰু ফটো সংগ্ৰহ কৰিছিল বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, অভিযুক্ত বৰাই নিজকে এটা পৰ্টেলৰ যোৰহাটৰ স্থানীয় সংবাদ দাতা বুলি জানিবলৈ দিয়ে ৷

শুকুৰবাৰৰ নিশা সংঘটিত হোৱা উক্ত ঘটনাই সমগ্ৰ যোৰহাটতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Landslide in Arunachal Pradesh : পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে উটুৱাই নিলে টাটা নেক্সন গাড়ী, কথমপি প্ৰাণৰক্ষা এজনৰ

ABOUT THE AUTHOR

...view details