Landslide in Arunachal Pradesh : পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে উটুৱাই নিলে টাটা নেক্সন গাড়ী, কথমপি প্ৰাণৰক্ষা এজনৰ

By

Published : Jul 29, 2023, 11:20 AM IST

thumbnail

জোনাই, 29 জুলাই: অসমৰ পৰা অৰুণাচল প্ৰদেশলৈ ফুৰিব যোৱাসকল অথবা যাম বুলি ভাবি থকাসকল সাৱধান ৷ অৰুণাচলত ৰুষ্ট হৈ উঠিছে প্ৰকৃতি ৷ 513 নং ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলৰ ফলত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে পাছিঘাট আৰু য়িংকং সংযোগী পথ ৷ বিগত তিনিদিন ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হৈ আছে ধাৰাষাৰ বৰষুণ ৷ ফলত পাহাৰীয়া অঞ্চলত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ লগতে বৈ আহিছে পাহাৰৰ পৰা পানীৰ ঢল ৷ 

অৰুণাচলৰ পাছিঘাট আৰু য়িংকং সংযোগী পথ থকা ৰিবিকৰঙ নামৰ নলাত সংঘটিত হৈছে এনে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো ৷ ৰিবিকৰঙ নলাত পাহাৰৰ পৰা অৰ্থাৎ বৈ অহা শিল আৰু বোকা পানীয়ে য়িংকং অভিমূখী এখন নেক্সন গাড়ী খহাই নিয়াৰ লগতে নিমিষতে পুতি পেলায় ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ বৃহৎ অংশ ৷ ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে এজন লোকৰ ৷

শনিবাৰে পুৱাৰ ভাগত ফকলেণ্ডৰ সহায়ত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৰুণাচল প্ৰশাসনে ৷ ফলত পথৰ দুয়ো দিশে আৱদ্ধ হৈ পৰিছে যান-বাহন ৷ আনহাতে অৰুণাচলৰ ৰুকচিন, পাচিঘাট, বদাং, চিলি জেইং, পাদু, দামৰ, ইয়ংকং মাৰিয়াং আদিৰ সৈতে যোগাযোগ বন্ধ হৈ পৰিছে ৷

উল্লেখ্য যে, শিহৰণকাৰী ভিডিঅ’টোয়ে সামাজিৰ মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক : Buldhana Bus accident : বুলধানাত তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু 6; গুৰুতৰভাৱে আহত 25

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.