অসম

assam

নিৰ্বাচন পালেহি; সমষ্টিবাসীৰ সুখ-দুখৰ লগৰী হৈ পৰিছে সাংসদ তপন গগৈ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 4:32 PM IST

আগৰ কথা সুকীয়া, নিৰ্বাচন চমু চপাৰ লগে লগে সমষ্টিবাসীৰ কাষৰ পৰা যাবলৈ মন কৰা নাই সাংসদ তপন গগৈয়ে ৷ ইফালে গৌৰৱ গগৈয়েও যোৰহাটৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ৷ গতিকে সাংসদ তপন গগৈৰ এতিয়া সমষ্টিবাসীৰ প্ৰতি হঠাৎ বিশেষ টান দেখা গৈছে ৷

MP Topon Kumar Gogoi
সমষ্টিবাসীৰ সুখ-দুখৰ লগৰী হৈ পৰিছে সাংসদ তপন গগৈ

সমষ্টিবাসীৰ সুখ-দুখৰ লগৰী হৈ পৰিছে সাংসদ তপন গগৈ

যোৰহাট, 2 ডিচেম্বৰ :চমু চাপি আহিছে ২০২৪ ৰ লোকসভা নিৰ্বাচন ৷ সেয়েহে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই সাধাৰণ ৰাইজৰ প্ৰয়োজনীয়তাখিনিৰ উমান লৈছে ৷ কাৰ্যকালৰ অধিকাংশ সময়ত দূৰে-দূৰে থাকিলেও এতিয়া ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে জনপ্ৰতিনিধিসকল ৷ আগন্তুক নিৰ্বাচনত যে ৰাইজৰ প্ৰয়োজন আছে, সেই কথাৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিয়াৰ সময় এয়া ৷

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈও এতিয়া যথেষ্ট ব্যস্ত ৷ সমষ্টিবাসীৰ কাষৰ পৰা আঁতৰিবলৈ মন কৰা নাই গগৈয়ে ৷ যিকোনো প্ৰকাৰে সমষ্টিবাসীক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিছে সাংসদগৰাকীয়ে ৷ অৱশ্যে বিগত সময়ছোৱাত যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজৰ কাষত সততে দেখিবলৈ পোৱা যোৱা নাছিল সাংসদ গগৈক । সেয়েহে সমষ্টিবাসী ৰাইজৰ মাজত সাংসদ গগৈৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিল ৷

আনহাতে ২০২৪ৰ লোকসভা নিৰ্বাচনত লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টি পৰাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলি আছে । সেয়েহে গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ চৰ্চা আৰু জনতাৰ মাজত আস্থাভাজন হোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰি সাংসদ তপন গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ সামাজিক, সাংস্কৃতিক আৰু বিভিন্ন ৰাজহুৱা অনুষ্ঠানত সক্ৰিয় ৰূপত অংশ লোৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰদান কৰিছে সাংসদ পুঁজিৰ ধন ।

সেই অনুসৰিয়েই সাংসদ তপন গগৈয়ে যোৰহাটৰ টাই আহোম সাংস্কৃতিক সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ জয়া ভৱনৰ প্ৰস্তাৱিত ‘‘টাই আহোম সাংস্কৃতিক কেন্দ্ৰ’’ নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰাৰ ১০ লাখ টকা অনুদান আগবঢ়ায় । উক্ত সাংস্কৃতিক কেন্দ্ৰটোৰ আধাৰশিলা স্থাপনো কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক :বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে, ৰাইজক একো দিব নোৱাৰে : কামাখ্যা প্ৰসাদ তাছা

ABOUT THE AUTHOR

...view details