অসম

assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

By

Published : Sep 3, 2021, 7:09 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাজ্যিক ক্ৰীড়া দিৱস ৷ মহানগৰীতো শুকুৰবাৰে অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে চান্দমাৰিৰ উৰণীয়াসেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল ৰেলি উলিওৱা হয় ৷ এই চাইকেল ৰেলীৰ উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই ৷ একেদৰে যোৰহাট, বিশ্বনাথ, বোকাখাততো উদযাপন কৰা হৈছে অচিৰুচি ক্ৰীড়া দিৱস ৷

যোৰহাট, বিশ্বনাথ, বোকাখাত,3 ছেপ্তেম্বৰ:আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ এই দিনটোতে ৰাজ্যত উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ এইবেলি কেবিনেটত ৰাজ্য চৰকাৰে অভিৰুচি ক্ৰীড়া দিৱসটো ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে সমগ্ৰ ৰাজ্যতে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

তাৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাজ্যিক ক্ৰীড়া দিৱস ৷ মহানগৰীতো শুকুৰবাৰে অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে চান্দমাৰিৰ উৰণীয়াসেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল ৰেলি উলিওৱা হয় ৷ এই চাইকেল ৰেলীৰ উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাই ৷ এই অনুষ্ঠানত খোদ অৰ্জুন ভোগেশ্বৰ বৰুৱা, ধনুৰ্বিদ জয়ন্ত তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

একেদৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো অনুষ্ঠিত কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী । উল্লেখযোগ্য যে, ৩ ছেপ্তেম্বৰ দিনটো অসম তথা অসমবাসীৰ বাবে এক গৌৰৱৰ দিন । এই দিনটোতে জন্মগ্ৰহণ কৰিছিল প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই । অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ১৯৮৪ চনৰ পৰা অসমজুৰি তিনি ছেপ্তেম্বৰৰ দিনটোত "অভিৰুচি ক্ৰীড়া দিৱস' পালন কৰা হৈছে ।

লগতে পঢ়কঃ পুনৰ পুত্তলিকা জ্বলিছে: বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনা, যোৰহাট মহানগৰ সমিতিৰ যৌথ উদ্যোগত যোৰহাট শক্তি উত্তোলন সমাজ, সহপাঠী ৮৩ ৰ সহযোগত মিলেনিয়াম পার্কত অনুষ্টুপীয়াকৈ পালন কৰা হয় এই দিৱসৰ কাৰ্যসূচী । "অভিৰুচি ক্ৰীড়া দিৱস' উপলক্ষ্যে ক্ৰীড়াৰ মাধ্যমেৰে এখন সুস্থ-সবল সমাজ গঢ়াৰ লক্ষ্য বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ এই অনুষ্ঠানতে যোৰহাটৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ নীৰৱে সেৱা আগবঢ়াই যোৰহাটৰ অৰ্ধশতাধিক ক্ৰীড়াবিদক আছু, অসম সেনাৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ তাৰ পাচতে মিলেনীয়াম পাৰ্কৰ পৰা সামূহিক দৌৰ কাৰ্যসূচী বাহিৰ কৰে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

আনহাতে বোকাখাতমাষ্টাৰ্ছ এঠেলেটিক এছোচিয়েচন আৰু নামদৈয়াং স্প্ৰাইটছ ক্লাবৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো বোকাখাত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে । অৰ্জুন বঁটা বিজয়ী গৰাকীৰ ওপজা দিন উপলক্ষে বোকাখাতত সামূহিক দৌৰ অনুষ্ঠিত হয় ৷ বোকাখাত ৰাজহুৱা খেল পথাৰৰ পৰা এই দৌৰ আৰম্ভ কৰা হয় ৷ এই দৌৰত বোকাখাতৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী লোকে অংশ গ্ৰহণ কৰে ।

ইপিনে বিশ্বনাথতো ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বিহালীৰ বেদেতীৰ স্বেচ্ছাসেৱী ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ'ৰাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এবাইৰো বেদেতীৰ পৰা ৰৌমাৰী, ৰাংছালী ,জামোনী হৈ প্ৰায় ২১ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীক পুৰস্কৃত কৰা হয় । এই অনুষ্ঠানটো আঁত ধৰে উদ্দীপ্ত চ'ৰাৰ সভাপতি দীপক শৰ্মা, সম্পাদক জয়ন্ত বৰাৰ লগতে চ'ৰাৰ সদস্য সকলে । দৌৰ যাত্ৰা উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গগৈয়ে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

লগতে পঢ়কঃ বৰপেটাৰ মাজদিয়া গৰেমাৰী গো-ৰিজাৰ্ভত বেদখলকাৰীৰ দপদপনি

ABOUT THE AUTHOR

...view details